অসম

assam

মাকৰ ঘৰলৈ যাব নোপোৱাৰ বাবে আত্মহত্যা মহিলাৰ !

By

Published : May 15, 2022, 10:28 AM IST

নতুন দিল্লীৰ দ্বাৰকা জিলাত চাঞ্চল্যকৰ ঘটনা (Sensational suicide cases in Delhi)। ঘৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা এগৰাকী মহিলাৰ । ত্ৰিপুৰা ৰাইফলছত কৰ্মৰত এগৰাকী জোৱানৰ পত্নী সেই মহিলাগৰাকী (Wife of a Tripura Rifles jawan commits suicide)। কিন্তু কিয় আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে মহিলাগৰাকীয়ে ? শুনি আচৰিত হ'ব আপুনিও !

suicide
মাকৰ ঘৰলৈ যাব নোপোৱাৰ বাবে মহিলাৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,১৫ মে' :নতুন দিল্লীৰ দ্বাৰকা জিলাত চাঞ্চল্যকৰ ঘটনা (Sensational suicide cases in Delhi)। ঘৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা এগৰাকী মহিলাৰ । ত্ৰিপুৰা ৰাইফলছত কৰ্মৰত এগৰাকী জোৱানৰ পত্নী সেই মহিলাগৰাকী (Wife of a Tripura Rifles jawan commits suicide)। কিন্তু কিয় আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে মহিলাগৰাকীয়ে ? শুনি আচৰিত হ'ব আপুনিও !

মাকৰ ঘৰলৈ যাবলৈ নোপোৱাৰ বাবেই মহিলাগৰাকীয়ে আত্মহত্যাৰ পথ বাছি ল'লে ! হয়, মহিলাগৰাকীৰ স্বামীয়ে এই কথা স্বীকাৰ কৰিছে । অৱশ্যে ঘটনাটোক লৈ ৰহস্য এতিয়াও অব্যাহত আছে ।

উল্লেখ্য যে ঘটনাটো ১৩ মে'ৰ নিশা দ্বাৰকা জিলাৰ ১৬ নং খণ্ডৰ জে জে কলনীত সংঘটিত হৈছে । মৃত মহিলাগৰাকীৰ নাম সতী বুহলেত দেববৰ্মা । তেওঁৰ স্বামী পাৰ্থ দেববৰ্মা । পাৰ্থ দেববৰ্মাই আৰক্ষীক জনোৱা মতে তেওঁ ত্ৰিপুৰা ৰাইফলছত কৰ্মৰত আৰু তেওঁলোক পুত্ৰৰ সৈতে জে জে কলনীত এটা ঘৰ ভাড়া কৰি থাকে ।

তেওঁলোকে মাৰ্চ মাহত ত্ৰিপুৰাত থকা ঘৰৰ পৰা দিল্লীলৈ আহিছিল । কিন্তু দিল্লী অহাৰে পৰা পত্নীয়ে ত্ৰিপুৰালৈ উভতি যাবলৈ জোৰ দি আছিল । যাৰ বাবে দুয়োৰে মাজত কাজিয়াৰো সৃষ্টি হৈছিল । শুকুৰবাৰে নিশাও একেটা বিষয়ক লৈ দুয়োৰে মাজত বিবাদ হৈছিল । পিছত খং উঠি মহিলাগৰাকীয়ে ঘৰৰ চাদলৈ গৈছিল ।

স্বামী পাৰ্থই ভাবিছিল যে পত্নীয়ে আকৌ কোঠালৈ আহিব, কিন্তু কিছু সময়ৰ পিছতে তেওঁ এটা শব্দ শুনিলে আৰু স্বামী পাৰ্থই চাদলৈ গৈ দেখে যে তেওঁৰ পত্নী অট্টালিকাটোৰ তলত পৰি আছে (Woman suicide by jumping from roof of the house)। এই খবৰ পোৱাৰ পাছতে লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ডিডিইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । কিন্তু চিকিৎসালয়তে মহিলাগৰাকীৰ মৃত্যু হয় ।

স্বামী তথা ত্ৰিপুৰা ৰাইফলছৰ জোৱানগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত ১৭৪ ধাৰাৰ অধীনত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে । ত্ৰিপুৰাত থকা মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলকো এই বিষয়ে জনোৱা হৈছে । মহিলাগৰাকীৰ পৰিয়ালৰ লোক দিল্লী আহি পোৱাৰ পাছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰা হ'ব ।

লগতে পঢ়ক :46 নং দিঘীৰপাম অংগনবাদী কেন্দ্ৰত মাৰপিট

ABOUT THE AUTHOR

...view details