ETV Bharat / state

46 নং দিঘীৰপাম অংগনবাদী কেন্দ্ৰত মাৰপিট

author img

By

Published : May 14, 2022, 9:40 PM IST

বাঘবৰ সমষ্টিৰ অন্তৰ্গত 46 নং দিঘীৰপাম অংগনবাদী কেন্দ্ৰত সৃষ্টি হয় এক মাৰপিটৰ ঘটনা (Clash between local people in Barpeta) ৷ ফলত গুৰুতৰভাবে আহত হয় অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী ৰেজিয়া খাতুনৰ স্বামী ৰফিকুল ইছলাম ৷ পূৰ্বৰে পৰা ইকবাল হুছেইন নামৰ ব্যক্তিগৰাকীৰ সৈতে চলি থকা শত্ৰুতাৰ ফলতে এনে সংঘটিত হোৱাৰ অভিযোগ তৰিছে ৰেজিয়া খাতুনে ৷

46 নং দিঘীৰপাম অংগনবাদী কেন্দ্ৰত মাৰপিটৰ ঘটনা
46 নং দিঘীৰপাম অংগনবাদী কেন্দ্ৰত মাৰপিটৰ ঘটনা

জনীয়া, 14 মে’ : বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত 46 নং দিঘীৰপাম অংগনবাদী কেন্দ্ৰত শুকুৰবাৰে হঠাৎ সৃষ্টি হয় এক মাৰপিটৰ ঘটনা (Tension over fight in Barpeta) ৷ ফলত গুৰুতৰভাৱে আহত হয় অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী ৰেজিয়া খাতুনৰ স্বামী ৰফিকুল ইছলাম ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি (Tense situation in Barpeta) ৷

46 নং দিঘীৰপাম অংগনবাদী কেন্দ্ৰত মাৰপিটৰ ঘটনা

ঘটনাৰ বিৱৰণী অনুসৰি, অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী ৰেজিয়া খাতুন আৰু তেওঁৰ সহকৰ্মীয়ে পাঠদান কৰি আছিল ৷ কিন্তু তেনে সময়তে ৰেজিয়া খাতুনৰ স্বামী ৰফিকুল ইছলামে কেন্দ্ৰটোত ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান দিবলৈ আহে ৷ তেনে সময়তে পূৰ্বৰে পৰা অঞ্চলটোত খাপ পিটি ৰৈ থকা ইকবাল, ইমৰাণ আৰু ৰেজাউলে ৰফিকুল ইছলামক উপৰ্যুপৰি আক্ৰমণ কৰে ৷

ফলত তিনিজনীয়া দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰফিকুল ইছলাম ৷

তাৰ পাচত ততাতৈয়াকৈ ৰফিকুল ইছলামক ভৰ্তি কৰোৱা হয় বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ৷ ইফালে ঘটনা সন্দৰ্ভত ৰফিকুল ইছলামৰ পত্নী ৰেজিয়া খাতুনে মন্দিয়া আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ ৷ ৰফিকুল ইছলামৰ পত্নী ৰেজিয়া খাতুনে উল্লেখ কৰা অনুসৰি, আক্ৰমণকাৰীসকলৰ লগত পূৰ্বৰে পৰা আছিল তেওঁলোকৰ শত্ৰুতা ৷

আনকি দুই-তিনি দিন পূৰ্বে ৰফিকুল ইছলামক আক্ৰমণ কৰা ইকবাল হুছেইনে ৰেজিয়া খাতুনৰ পৰা চল্লিশ হাজাৰ টকা দাবী কৰে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰেজিয়া খাতুনে ৷ সেয়ে এই ঘটনা সন্দৰ্ভত আৰক্ষীক উচিত তদন্ত কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনাই ৰেজিয়া খাতুনে ।

লগতে পঢ়ক : কলগাছিয়াত জুৱা খেলক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.