অসম

assam

কেপ্টেইন অমৰিন্দৰ সিং হ'ব নেকি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

By

Published : Jul 6, 2022, 9:35 AM IST

উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত শেষ হ'ব । ইয়াৰ পূৰ্বে নিৰ্বাচিত কৰা হ’ব পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি ৷ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত পৰিলক্ষিত হৈছে বিশেষ তৎপৰতা ৷ এনে সময়তে বিজেপি দলে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ চলিছে বিশেষ চৰ্চা ৷

Who will be the Vice Presidential candidate of NDA
পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং

নিউজ ডেস্ক, 6 জুলাই : পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে (Punjab EX CM Captain Amarinder Singh) চলিত মাহত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে । বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা হৈছে এই তথ্য ৷ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে তেওঁক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ তৰফৰ পৰা প্ৰাৰ্থিত্বও প্ৰদান কৰাৰ সম্ভাৱনা আছে (Vice Presidential candidate of NDA) ।

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং

পঞ্জাৱৰ দুবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰিবাৰৰ বিধায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে 1980 আৰু 2014 চনত লোকসভাৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল ৷ অমৰিন্দৰ সিং বৰ্তমান পিঠিৰ অস্ত্ৰোপচাৰৰ বাবে লণ্ডনত আছে । গেৰুৱা শিবিৰৰ সূত্ৰ অনুসৰি, তেওঁৰ লণ্ডনৰ পৰা উভতি অহাৰ পাছত তেওঁৰ দল 'পঞ্জাৱ লোক কংগ্ৰেছ'ক বিজেপিৰ সৈতে একত্ৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে, তেওঁৰ সহধাৰ্মিনী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, পাটিয়ালাৰ সাংসদ প্ৰনীত কৌৰে এই একত্ৰিকৰণ প্ৰক্ৰিয়াক নেতৃত্ব দিব বুলি সূত্ৰটোৰ পৰা জানিব পৰা হৈছে । প্ৰনীত কৌৰ বৰ্তমান কংগ্ৰেছতে আছে । তেওঁ শীঘ্ৰে পাটিয়ালাৰ লোকসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিব বুলিও সূত্ৰটোৱে ইংগিত দিছে ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পাটিয়ালাৰ সাংসদ প্ৰনীত কৌৰ

উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত শেষ হ'ব । ইয়াৰ পূৰ্বে ৬ আগষ্টত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন । নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৯ জুলাই ৷ ২০ জুলাইত কৰা হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ২২ জুলাই ।

লগতে পঢ়ক :Punjab cabinet expansion: ভগৱত মনৰ মন্ত্ৰীসভাত স্থান লাভ কৰিলে 5 জন নতুন মন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details