অসম

assam

তামিলনাডু নিৰ্বাচন: ভোটাৰ তালিকাৰ নাম নাহিল শশীকলাৰ

By

Published : Apr 5, 2021, 5:40 PM IST

তামিলনাডু নিৰ্বাচনৰ বাবে মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়তে অতি আশ্বৰ্যজনক ভাৱে ভোটাৰ তালিকাৰ নাম নাহিল দক্ষিণ ভাৰতৰ অন্যতম ৰাজনৈতিক দল এ আই এ এম ডি কেৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি, প্ৰয়াত মুখ্যমন্ত্ৰী জয়ললিতাৰ ঘনিষ্ঠ ভি কে শশীকলাৰ ।

তামিলনাডু নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পৰা নাম আতৰিল শশীকলাৰ
তামিলনাডু নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পৰা নাম আতৰিল শশীকলাৰ

নেশ্যনেল ডেস্ক, ৫ এপ্ৰিল: ভোটাৰ তালিকাত নাম নাহিল দক্ষিণ ভাৰতৰ অন্যতম ৰাজনৈতিক দল এ আই এ এম ডি কেৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰয়াত মুখ্যমন্ত্ৰী জয়ললিতাৰ ঘনিষ্ঠ ভি কে শশীকলাৰ । তামিলনাডু নিৰ্বাচনৰ বাবে মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়তে অতি আশ্বৰ্যজনক ভাৱে এইদৰে শশীকলাৰ নাম লুপ্ত হোৱা বিষয়টোৱে সম্প্ৰতি বিতৰ্কৰ সৃষ্টি কৰিছে ।

প্ৰায় দুই দশক ধৰি লাইট সমষ্টিৰ পৰা ভোটদান সাব্যস্ত কৰি আহিছে শশীকলাই । প'ছ গাৰ্ডেনৰ সম্পত্তি জব্দ কৰাৰ পাছত শশীকলা, ইলাভাৰাচাইকে ধৰি সকলোৰে নাম ভোটাৰ তালিকাৰ পৰা আঁতৰ কৰা হয় বুলি এক সূত্ৰই জানিবলৈ দিয়ে । এএমএমকেৰ টিটিভি ধিনাকৰণে এআইএডিএমকেৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক: চাৰি ৰাজ্যৰ নিৰ্বাচনৰ মাজতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পট পৰিৱৰ্তন

ABOUT THE AUTHOR

...view details