অসম

assam

ULFA declared bandh on August 15: ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফাৰ

By

Published : Aug 6, 2022, 10:51 AM IST

প্ৰতিবছৰৰ দৰে এইবাৰো স্বাধীনতা দিৱসৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে আলফা(স্বাধীন)য়ে (ULFA declared bandh on August 15)। উক্ত দিনটোত ৰাজনৈতিক, অ-ৰাজনৈতিক দল, বিভিন্ন সংগঠন আৰু জনসাধাৰণক স্বাধীনতা দিৱসৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে ।

ULFA declared bandh on August 15
১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফাৰ

নিউজ ডেস্ক,৬ আগষ্ট :সমগ্ৰ দেশবাসীয়ে ৭৫ বছৰীয়া স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে (Independence Day 2022)। ইতিমধ্যে চৰকাৰে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিছে । ইফালে ১৫ আগষ্টলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে সমগ্ৰ দেশতে চৰকাৰে স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন প্ৰস্তুতি আৰম্ভ কৰিছে ।

কিন্তু ইয়াৰ মাজতে বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ই অসমত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে (ULFA declared bandh on August 15)। বিবৃতিযোগে সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) ৰাজনৈতিক, অ-ৰাজনৈতিক দল, বিভিন্ন সংগঠন আৰু জনসাধাৰণক স্বাধীনতা দিৱসৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে । লগতে ব্যক্তিগত ভাৱেও স্বাধীনতা দিৱস পালন নকৰিবলৈও ৰাইজক আহ্বান জনাইছে নিষিদ্ধ সংগঠনটোৱে ।

লগতে পঢ়ক :Lok Kalyan Diwas in Baksa: বাক্সাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী পালন

ABOUT THE AUTHOR

...view details