অসম

assam

Lakhimpur Kheri violence : দুজনক আটক

By

Published : Oct 10, 2021, 3:28 PM IST

লখিমপুৰ খেৰী হিংসাত জড়িত অন্য দুই অভিযুক্তক আটক ৷ প্ৰাক্তন সাংসদ প্ৰয়াত অখিলেশ দাসৰ ভতিজা অংকিত দাসৰ চালকসহ অপৰাধস্থলীত উপস্থিত থকা বুলি কোৱা মিশ্ৰৰ আন এজন সহায়ককো আটক কৰা হৈছে ৷

Lakhimpur Kheri violence
লখিমপুৰ খেৰী হিংসা

নেশ্যনেল ডেস্ক , 10 অক্টোবৰ :লখিমপুৰ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত লখিমপুৰ খেৰী আৰক্ষীয়ে আৰু দুজনক গ্ৰেপ্তাৰ কৰিছে ৷ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী(Union Minister of State for Home Affairs) অজয় মিশ্ৰ টেনিৰ( Ajay Mishra Teni) পুত্ৰ আশীষ মিশ্ৰৰ (Ashish Mishra) বাহনে চাৰিগৰাকীকৈ কৃষকক মহটিয়াই মৃত্যুমুখলৈ ঠেলি দিয়া ঘটনাত জড়িত থকাৰ অভিযোগত অন্য দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

প্ৰাক্তন সাংসদ প্ৰয়াত অখিলেশ দাসৰ ভতিজা অংকিত দাসৰ চালকসহ অপৰাধস্থলীত উপস্থিত থকা বুলি কোৱা মিশ্ৰৰ আন এজন সহায়ককো আটক কৰা হৈছে ৷ উল্লেখ্য যে, চালকজনৰ বিৰুদ্ধে অংকিত দাসক ঘটনাস্থলীৰ পৰা পলাই যোৱাত সহায় কৰাৰ অভিযোগ আছে ৷

অংকিতক আশীষ মিশ্ৰ আৰু তেওঁৰ দেউতাকৰ ঘনিষ্ঠ সহযোগী বুলি কোৱা হয় ৷ এজন বিষয়াই জানিবলৈ দিয়া মতে, লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাৰ এদিন পিছত ভাইৰেল হোৱাৰ এটা ভিডিঅ'ৰ পাচত অংকিত দাসৰ নাম চৰ্চিত হৈছিল ৷

ভিডিঅ'টোত এজন আৰক্ষীকো দেখা গৈছে যিয়ে মাইক্ৰ'ফোন ধৰি আঘাতপ্ৰাপ্ত লোকজনক ঘটনাটোৰ বিষয়ে সুধি থকা দেখা গৈছে ৷ তেওঁ আৰক্ষীক কৈছিল যে, বাহনখন অংকিত দাসৰ আছিল ৷ আঘাতপ্ৰাপ্ত ব্যক্তিজনে তেওঁ লক্ষ্ণৌৰ চাৰবাগ অঞ্চলত বাস কৰে আৰু অংকিত দাসৰ সৈতে কামৰ বাবে খেৰীলৈ গৈছিল বুলি কোৱা শুনা গৈছে ৷

লগতে পঢ়ক :লখিমপুৰ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details