অসম

assam

TRS to Boycott Winter Session: শীতকালীন অধিৱেশন বৰ্জনৰ সিদ্ধান্ত TRS সাংসদৰ

By

Published : Dec 7, 2021, 3:20 PM IST

TRS to boycott winter session
শীতকালীন অধিৱেশন বৰ্জনৰ সিদ্ধান্ত TRS সাংসদৰ ()

চলিত শীতকালীন অধিৱেশনৰ বাকী থকা কেইদিন বৰ্জন কৰিব তেলেংগানা ৰাষ্ট্ৰ সমিতি দলে (TRS will boycott winter session of Parliament)। কেইবাটাও দাবীৰে মঙলবাৰৰ পৰা অধিৱেশন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে দলৰ সাংসদসকলে ।

নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ :সংসদৰ শীতকালীন অধিৱেশন চলি আছে (Winter session of Parliament underway)। ইয়াৰ মাজতে তেলেংগানা ৰাষ্ট্ৰ সমিতি (TRS) দলৰ বৃহৎ ঘোষণা । অধিৱেশনৰ বাকী অংশ বৰ্জন কৰিব দলটোৱে (TRS will boycott winter session of Parliament)।

সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰৰ পৰা বাকী থকা অধিৱেশন বৰ্জন কৰিব দলটোৱে । সংসদ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সমীপত দলৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু অধিৱেশন বৰ্জনৰ ঘোষণা কৰিব । ধান ক্ৰয় নীতি, ৰাজ্যসভাৰ ১২ গৰাকী বিৰোধী সাংসদ নিলম্বন আদি কেইবাটাও বিষয়ক লৈ প্ৰতিবাদ স্বৰূপে দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ইফালে টিআৰএছৰ সাংসদ কে কেশৱ ৰাৱে মঙলবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক শস্য ক্ৰয় নীতি আৰু তেলেংগানাৰ পৰা শস্য ক্ৰয় নকৰাৰ বাবে স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল । স্থগিত প্ৰস্তাৱটো নিয়ম ২৬৭ ৰ অধীনত উত্থাপন কৰা হৈছিল ।

ৰাজ্যসভাৰ অধ্যক্ষলৈ লিখা পত্ৰখনত ৰাওৱে উল্লেখ কৰে যে, তেলেংগানাত উদ্ভৱ হোৱা গুৰুতৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁ নিয়ম ২৬৭ (নিয়ম স্থগিত)ৰ অধীনত নিম্নলিখিত স্থগিত প্ৰস্তাৱ উত্থাপন কৰিব বিচাৰে । কিয়নো FCI য়ে শস্য সংগ্ৰহ নকৰাৰ বাবে তেলেংগানাত লাখ লাখ টন ধান নষ্ট হৈছে, কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক শস্য ক্ৰয় নীতি আৰু তেলেংগানা ৰাজ্যৰ পৰা শস্য সংগ্ৰহ নকৰাৰ বাবে এক অভাৱণীয় পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যখনত ৷ লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাত দুয়োজন মন্ত্ৰীয়ে এক অস্পষ্ট উত্তৰ দিয়া পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :Vinod Sonkar Visits Tripura : ত্ৰিপুৰাৰ বিদ্ৰোহী বিজেপি বিধায়কক সকীয়নি বিনোদ কুমাৰ সোনকাৰৰ

TAGGED:

ABOUT THE AUTHOR

...view details