ETV Bharat / bharat

মণিপুৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দাবীৰে ৭ গৰাকী মহিলাৰ মুণ্ডন - one year of Manipur conflicts

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 6:47 AM IST

Manipuri Women shave head : সংকটৰ মাজত শান্তিৰ বাবে প্ৰাৰ্থনা কৰি ৭ গৰাকী মণিপুৰী মহিলাই কৰিলে মুণ্ডন । লগতে এক চাইকেল ৰেলীৰে চৰকাৰলৈ আহ্বান জনালে সংঘাতৰ অৱসান ঘটাই শান্তি প্ৰতিষ্ঠাৰ বাবে ।

PEACE IN MANIPUR
Manipuri Women shave head (ETV Bharat)

তেজপুৰ, ৪ মে’ : মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষই এটা বছৰ সম্পূৰ্ণ কৰিলে । কিন্তু ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ আজিও সম্পূৰ্ণৰূপে ঘূৰি অহা নাই । ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাও পৰিলক্ষিত নহ'ল । এতিয়াও ৰাজ্যখনৰ কেতবোৰ অঞ্চলত এই সংঘৰ্ষৰ জুই উমি উমি জ্বলি থকা দেখা পোৱা গৈছে ।

তাৰ মাজতে যন্ত্ৰণা আৰু দৃঢ়তাৰ এক মৰ্মস্পৰ্শী প্ৰদৰ্শনেৰে মণিপুৰৰ সাতগৰাকী মহিলাই ইম্ফল পশ্চিমৰ চেকমাইৰ পৰা ঐতিহাসিক কাংলালৈ এক প্ৰতিবাদী যাত্ৰা আৰম্ভ কৰে ৷ পথত তেওঁলোকে মুণ্ডন কৰে আৰু অঞ্চলটোত চলি থকা সংঘাতৰ সমাপ্তিৰ বাবে ভগৱান ইবুধৌ পাখনাগবাক প্ৰাৰ্থনা কৰে ।

শুকুৰবাৰে এই গোষ্ঠী সংঘৰ্ষ আৰম্ভ হোৱাৰ এবছৰ সম্পূৰ্ণ হৈছে আৰু এতিয়ালৈকে ইয়াৰ কোনো সমাধানৰ পথ নোলোৱাত, এই মহিলাসকলে শান্তিৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিবলৈ সাহসী পদক্ষেপ গ্ৰহণ কৰে । দুখৰ প্ৰতীক স্বৰূপ ক'লা পোছাক পিন্ধি তেওঁলোকে "আমি শান্তি বিচাৰো", "মণিপুৰৰ আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰক" আৰু "মণিপুৰৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা দিয়ক" আদি শ্ল'গান দিয়াৰ লগতে প্লেকাৰ্ড প্ৰদৰ্শন কৰে ।

এই মহিলা কেইগৰাকীয়ে মুণ্ডন কৰা কাৰ্যই গভীৰ তাৎপৰ্য বহন কৰিছে ৷ কিয়নো পৰম্পৰাগতভাৱে চুলিক নাৰীৰ বাবে সৌন্দৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় । এই সৌন্দৰ্যৰ প্ৰতীকক স্বেচ্ছাই ত্যাগ কৰি আৰু সমাৱেশত অংশগ্ৰহণ কৰি তেওঁলোকে চলি থকা অস্থিৰতাক লৈ তেওঁলোকৰ দুখৰ গভীৰতাক আলোকপাত কৰিবলৈ বিচাৰিছিল ।

চলি থকা প্ৰত্যাহ্বানৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হোৱা ৰাজ্যখনৰ মাতৃসকলৰ উদ্বেগক স্বীকৃতি দিবলৈ আৰু সংঘাতৰ সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

প্ৰতিবাদকাৰীসকলৰ এগৰাকীয়ে মন্তব্য কৰে যে সংশ্লিষ্ট কৰ্তৃপক্ষই শান্তি প্ৰতিষ্ঠা আৰু সংকট অতি সোনকালে সমাধানৰ দিশত সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ সময় আহি পৰিছে । মুণ্ডনৰ ইংগিতটো কেৱল প্ৰতীকী কাম নহয় বৰঞ্চ মণিপুৰৰ শান্তি আৰু স্থিৰতাৰ বাবে এক মৰ্মান্তিক কাতৰ অনুৰোধ আছিল, যি অস্থিৰতাৰ ফলত ক্ষতিগ্ৰস্ত বহু লোকৰ আৱেগক প্ৰতিধ্বনিত কৰিছিল ।

সাহসী মাতৃসকলৰ এই প্ৰতিবাদে সংঘাতৰ মানৱীয় ক্ষতি আৰু অৰ্থপূৰ্ণ আলোচনা তথা সমাধানৰ জৰুৰী প্ৰয়োজনীয়তাৰ এক তীব্ৰ সোঁৱৰণী হিচাপে কাম কৰে । তেওঁলোকে সমস্বৰে মণিপুৰ আৰু ইয়াৰ জনসাধাৰণৰ বাবে শান্তি আৰু উজ্জ্বল ভৱিষ্যতৰ আহ্বান জনইছে ।

লগতে পঢ়ক : মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ এবছৰ সম্পূৰ্ণ; গৃহ মন্ত্ৰণালয়ক প্ৰতিবেদন দাখিল মেইটেই গ্ল'বেল ফ'ৰামৰ - One Year of Manipur Conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.