অসম

assam

Trudeau to Leave India : আজি বিয়লি কানাডালৈ ৰাওনা হোৱাৰ সম্ভাৱনা ট্ৰুডোৰ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:43 PM IST

নিজৰ বিমানৰ কাৰিকৰী বিজুতিৰ বাবে ভাৰতত আবদ্ধ হৈ থকা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে মঙলবাৰে বিয়লি ভাৰত এৰাৰ সম্ভাৱনা আছে । তেওঁৰ বিমানখন ইতিমধ্যে মেৰামতি কৰা হৈছে আৰু উৰা মাৰিবলৈ সাজু কৰা হৈছে বুলি বিষয়াসকলে কয় । উল্লেখ্য যে ট্ৰুডোৱে ৯ আৰু ১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত জি-২০ বিশ্ব নেতা সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল ।

Trudeau to Leave India
Trudeau to Leave India

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু তেওঁৰ প্ৰতিনিধি দলটোৱে মঙলবাৰে আবেলি ভাৰতৰ পৰা প্ৰস্থান কৰিব বুলি আশা কৰা হৈছে । তেওঁৰ বিমানৰ কাৰিকৰী সমস্যা সমাধান কৰা হৈছে বুলি কৰ্তৃপক্ষই জনাইছে । কানাডাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰেছ সচিব মহম্মদ হুছেইনে এই কথা নিশ্চিত কৰিছে । "বিমানখনৰ কাৰিকৰী সমস্যাটো সমাধান কৰা হৈছে । বিমানখন উৰা মাৰিবলৈ সাজু কৰা হৈছে । কানাডাৰ প্ৰতিনিধি দলটো আজি আবেলি প্ৰস্থান কৰিব বুলি আশা কৰা হৈছে ।" হুছেইনে কয় ।

উল্লেখ্য যে শুকুৰবাৰে জি-২০ সন্মিলনৰ বাবে ভাৰতত উপস্থিত হোৱা কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ বিমানখনত কাৰিকৰী বিজুতি হোৱাৰ পিছত নতুন দিল্লীত থকাৰ সময় বৃদ্ধি কৰিবলগা হয় । ট্ৰুডোৰ সৈতে তেওঁৰ পুত্ৰ জেভিয়াৰ আৰু কানাডিয়ান প্ৰতিনিধি দল এটাও আছে । দলটোৱে দেওবাৰে নিশা ভাৰত এৰাৰ কথা আছিল ।

কানাডাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত কৈছে যে ট্ৰুডোক নিবলৈ প্ৰেৰণ কৰা অন্য এখন বিমানৰ দিশ ব্ৰিটেইনলৈ পৰিৱৰ্তন কৰা হৈছে আৰু মঙলবাৰে পুৱা (লণ্ডনৰ সময় অনুসৰি) ব্ৰিটেইন এৰিব । কানাডাস্থিত চিবিচি নিউজে জনাইছে যে ট্ৰুডোৱে নতুন দিল্লীৰ তেওঁৰ হোটেলৰ পৰাই কাম কৰি আছে । ইয়াৰ পূৰ্বে খবৰ পোৱা গৈছিল যে ৰয়েল কানাডিয়ান বায়ুসেনাই জাষ্টিন ট্ৰুডো আৰু কানাডিয়ান প্ৰতিনিধি দলটোক নিবলৈ দেওবাৰে নিশা চিএফবি ট্ৰেণ্টনৰ পৰা ভাৰতলৈ এখন চিচি-১৫০ পোলাৰিছ প্ৰেৰণ কৰিছিল ।

কানাডাৰ নেচনেল ডিফেন্সে পূৰ্বতে এক বিবৃতিত কৈছিল, "সকলো যাত্ৰীৰ সুৰক্ষা আৰচিএএফৰ বাবে গুৰুত্বপূৰ্ণ আৰু বিমানৰ পূৰ্বৰ সুৰক্ষা পৰীক্ষা আমাৰ সকলো বিমান প্ৰটোকলৰ নিয়মীয়া অংশ ।" চিবিচি নিউজৰ প্ৰতিবেদনত এই কথা প্ৰকাশ । তাত লগতে কোৱা হৈছে, "এই বিষয়টোৰ আৱিষ্কাৰে প্ৰমাণ কৰে যে এই প্ৰটোকলবোৰ কাৰ্যকৰী ।"

আনহাতে, প্ৰাপ্ত বাতৰি অনুসৰি, ৩৬ বছৰীয়া চিচি-১৫০ পোলাৰিছৰ এই সমস্যাটো প্ৰাক-উৰণ পৰীক্ষা প্ৰক্ৰিয়াৰ সময়ত আৱিষ্কাৰ কৰা হৈছিল । অৱশ্যে এইটো প্ৰথমবাৰৰ বাবে নহয় যে পোলাৰিছ ফ্লীটে ট্ৰুডোৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে । ২০১৬ চনৰ অক্টোবৰত বিমানখনৰ এটা সমস্যাৰ বাবে ট্ৰুডোক লৈ উৰামৰাৰ ৩০ মিনিট পিছত অটাৱালৈ উভতি যাবলগা হৈছিল । আনহাতে, ২০১৯ চনৰ অক্টোবৰত বিমানখন ৮ উইং ট্ৰেণ্টনৰ এটা হেংগাৰলৈ টানি নিয়াৰ সময়ত এখন দেৱালত বাগৰি পৰিছিল ।

লগতে পঢ়ক :Naidu arrested : চন্দ্ৰবাবু নাইডুক কাৰাগাৰৰ পৰিৱৰ্তে গৃহবন্দী কৰিবলৈ অনুৰোধ অধিবক্তাৰ

ABOUT THE AUTHOR

...view details