ETV Bharat / bharat

Naidu arrested : চন্দ্ৰবাবু নাইডুক কাৰাগাৰৰ পৰিৱৰ্তে গৃহবন্দী কৰিবলৈ অনুৰোধ অধিবক্তাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 2:10 PM IST

নাইডুৰ বৰ্তমান বয়স ৭৩ বছৰ । ডায়েবেটিচ আৰু ৰক্তচাপজনিত সমস্যাত তেওঁ ভুগি আছে । আনহাতে, কাৰাগাৰত তেওঁৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে । যাৰ বাবে তেওঁ অধিবক্তাই আদালতক তেওঁক গৃহবন্দী কৰি ৰাখিবলৈ অনুৰোধ জনাইছে ।

Naidu arrested
কাৰাগাৰৰ পৰিৱৰ্তে নাইডুক গৃহবন্দী কৰিবলৈ অনুৰোধ অধিবক্তাৰ

নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ : কেন্দ্ৰীয় কাৰাগাৰত চন্দ্ৰবাবু নাইডুৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে । যাৰ বাবে কাৰাগাৰত বন্দী প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ হৈ অধিবক্তাসকলে স্থানীয় আদালতৰ ওচৰত টিডিপি প্ৰধানক 'গৃহবন্দী' কৰি ৰাখিবলৈ অনুৰোধ জনাইছে । উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সিদ্ধাৰ্থ লুথৰাৰ নেতৃত্বত অধিবক্তাৰ দলটোৱে তেওঁলোকৰ যুক্তিত উদ্বেগ প্ৰকাশ কৰি কয় যে, ৰাজমহেন্দ্ৰভাৰাম কেন্দ্ৰীয় কাৰাগাৰত নাইডুৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে ।

লুথৰাই এচিবি আদালতৰ সন্মুখত তেওঁৰ যুক্তিত কৈছিল যে, কেন্দ্ৰীয় কাৰাগাৰত নাইডুৰ বাবে জীৱনৰ ভাবুকি আছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীক এনে এখন কাৰাগাৰত ৰখা উচিত নহয় য'ত কট্টৰ অপৰাধী আছে । উচ্চতম ন্যায়ালয়ৰ অধিবক্তাগৰাকীয়ে কয় যে, চন্দ্ৰবাবু নাইডুৰ জেড প্লাছ নিৰাপত্তা শ্ৰেণীৰ সুৰক্ষা আছিল আৰু তেওঁ এতিয়ালৈকে ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষীৰ সুৰক্ষাৰ অধীনত আছে । লুথৰাই তেওঁৰ যুক্তিত আদালতক কয় যে, নাইডুৰ বয়স ৭৩ বছৰ আৰু ডায়েবেটিচ আৰু ৰক্তচাপজনিত সমস্যাৰ সৈতে যুঁজি আছে ।

অৱশ্যে, অন্ধ্ৰ প্ৰদেশ চিআইডিয়ে নাইডুৰ অধিবক্তাৰ আবেদনৰ বিৰোধিতা কৰিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীক ১৫ দিনৰ জিম্মাত বিচাৰিছে । চন্দ্ৰবাবু নাইডুক বৰ্তমান অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক দক্ষতা বিকাশ নিগম সম্পৰ্কীয় বহু কোটি টকাৰ কেলেংকাৰীত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত ৰাজমহেন্দ্ৰভাৰাম কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে ।

নাইডুৰ অধিবক্তাই আদালতত পূৰ্বৰ এক উদাহৰণ দাঙি ধৰে । তেওঁ কয় যে পূৰ্বে মানৱ অধিকাৰ কৰ্মী ৭০ বছৰীয়া গৌতম নাভালখাক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত গৃহবন্দী কৰি ৰখা হৈছিল ।

লগতে পঢ়ক :Priyanka Gandhi Himachal tour: প্ৰাকৃতিক দুৰ্যোগত বিধস্ত অঞ্চল পৰিদৰ্শনৰ উদ্দেশ্যে হিমাচলত প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.