অসম

assam

জাৰ্মানীত পিজ্জা ডেলিভাৰী বয়ৰ ৰূপত আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী

By

Published : Aug 25, 2021, 4:36 PM IST

ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীৰ সৈতে মতভেদ হোৱাৰ বাবে 2020 বৰ্ষতে দেশ ত্যাগ কৰি জাৰ্মানীত থাকিবলৈ লৈছিল আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী চৈয়দ আহমেদ শ্বাহ সাদাতে ৷ তেতিয়াৰ পৰাই জাৰ্মানীত থাকি কেনেকৈ পিজ্জা ডেলিভাৰী বয় হ’ল জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Syed Ahmed Shah Sadat held an esteemed position
জাৰ্মানীত পিজ্জা ডেলিভাৰী বয় ৰূপত আফগানিস্তানৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী

নেচনেল ডেস্ক, 25 আগষ্ট : বিশ্ববাসীৰ মাজত এতিয়া ব্যাপকভাৱে চৰ্চা লাভ কৰি আছে তালিবানে আফগানিস্তান দখল কৰা বিষয়টোৱে ৷ এই সকলোবোৰৰ মাজতে পোহৰলৈ আহিছে আফগানিস্তানৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে জাৰ্মানীতে পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰি থকা প্ৰসংগ ৷ কোন এই জন প্ৰাক্তন মন্ত্ৰী ? জানো আহক ৷

তেওঁৰ নাম হৈছে চৈয়দ আহমেদ শ্বাহ সাদাত ৷ মাত্ৰ এটা বছৰ পূৰ্বে চৈয়দ আহমেদ শ্বাহ সাদাত আফগানিস্তান চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল ৷ কিন্তু আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীৰ সৈতে মতভেদ হোৱাৰ বাবে চৈয়দ আহমেদ শ্বাহ সাদাতে 2020 বৰ্ষতে দেশ ত্যাগ কৰি জাৰ্মানীত থাকিবলৈ লৈছিল ৷

তাৰমাজতে লিপজিগাৰ ভলক্সজেইটুং নামৰ এখন বাতৰি কাকতৰ এক প্ৰতিবেদন অনুসৰি সাদাতে এতিয়া জাৰ্মান চহৰৰ লিপজিগত খাদ্য বিতৰণ কৰা ল’ৰা অৰ্থাৎ ডেলিভাৰী বয় হিচাপে কাম কৰি আছে ৷ একেদৰে অনলাই যোগে প্ৰকাশ পোৱা দৃশ্যবোৰত দেখা গৈছে সাদাতে জাৰ্মানীত ডেলিভাৰী বয়ৰ পোছাক পৰিধান কৰি পিজ্জা বিতৰণ কৰি আছে ৷

মনকৰিবলগীয়া যে, সাদাত 2018 বৰ্ষতে আফগান চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী হৈ আছিল আৰু তালিবানে আফগান দখল কৰাৰ বহু আগতে 2020 চনতে তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল ৷ জানিব পৰা মতে, সাদাতে যোগাযোগ সম্পৰ্কীয় সমস্যা সামাধন কৰিবলৈ জাৰ্মানীলৈ গৈছিল কিন্তু সেই সময়তে আশ্ৰফ ঘানীৰ সৈতে মতভেদ হোৱাৰ বাবে মন্ত্ৰী ত্যাগ কৰি জাৰ্মানীতে থাকিবলৈ লয় ৷

লগতে পঢ়ক : Air Power Project ৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা বায়ু সেনা প্ৰধানৰ

ইপিনে জাৰ্মানীত কেইমাহ মান থকাৰ সময়তে সাদাতৰ জমা ধন শেষ হৈ যায় ৷ ভয়ংকৰ সমস্যাত পৰে সাদাত ৷ উপায়ন্তৰ হৈ তেতিয়াই সাদাতে পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰিবলৈ বাধ্য হয় ৷ তাৰপাছৰে পৰা সাদাতে এখন চাইকেল লগত লৈ জাৰ্মনী চহৰ খনৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ পিজ্জাকে ধৰি বিভিন্ন ধৰণৰ খাদ্য বিতৰণ বা যোগান ধৰিবলৈ লয় ৷

জি নিউজৰ এক প্ৰতিবেদন অনুসৰি জানিব পৰা গৈছে যে, প্ৰাক্তন আফগান মন্ত্ৰী সাদাতে উল্লেখ কৰিছে যে, তেওঁ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ আৰু ইলেক্ট্ৰনিক অভিযান্ত্ৰিক দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ৷ ইয়াৰ ওপৰিও তেওঁ 13 খন দেশৰ 20 টাতকৈও অধিক কোম্পানীৰ সৈতে যোগযোগৰ ক্ষেত্ৰত কাম কৰিছে ৷

ইয়াৰ লগতে সাদাতে কয়, ‘‘মই সৰলভাৱে জীৱন যাপন কৰি আছো আৰু মই জাৰ্মানী থাকি এতিয়া সুৰক্ষিত অনুভৱ কৰো ৷ সম্প্ৰতি মই লিপজিগত পৰিয়ালৰ সৈতে থাকি সুখী ৷ ইয়াৰ লগতে সাদাতে কয় মই জাৰ্মানীতে থাকিব বিছোৰো আৰু জাৰ্মানতে অধ্যয়ন কৰিব বিচাৰো’’ ৷

সাদাতে কয় যে, ‘‘মই বহু চাকৰিৰৰ বাবে আবেদন কৰিছো, কিন্তু এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই ৷ মোৰ এটা সপোন আছে মই জাৰ্মান টেলিকম কোম্পানী এটাত কাম কৰিব বিচাৰো’’ ৷ আনহাতে সাদাত আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি সৰ্ন্দভত প্ৰশ্ন সোধাত মন্তব্য দিবলৈ অস্বীকাৰ কৰে যদিও কয় ‘‘মই আশা কৰা নাছিলো ইমান সোনকালে আশ্ৰফ ঘানী চৰকাৰৰ পতন ঘটিব’’ ৷

উল্লেখযোগ্য যে, দেশৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে দেশৰ জনতাক পণ বন্ধি কৰি ইতিমধ্যে দেশ ত্যাগ কৰিছে ৷ সম্প্ৰতি প্ৰতিদিনে তালিবানীয়ে দখল কৰা আফগানিস্তানত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে ৷

লগতে পঢ়কঃ আফগানিস্তানৰ পৰা ভাৰতলৈ অহা ১৬ গৰাকীৰ দেহত Covid 19

ABOUT THE AUTHOR

...view details