ETV Bharat / bharat

Air Power Project ৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা বায়ু সেনা প্ৰধানৰ

author img

By

Published : Aug 25, 2021, 2:09 PM IST

দুদিনীয়া ভ্ৰমণসূচীৰে বেংগালুৰুত উপস্থিত হৈ বিভিন্ন প্ৰতিৰক্ষা প্ৰতিষ্ঠান পৰিদৰ্শন কৰিলে ভাৰতীয় বায়ু সেনা(Indian Air Force)ৰ মুৰব্বী, এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভদৌৰিয়া(RKS Bhadauria)ই । এই ভ্ৰমণকালত তেওঁ বেংগালুৰুত চলি থকা মানৱ চালিত এয়াৰ পাৱাৰ প্ৰজেক্ট আৰু মানৱবিহীন এয়াৰ পাৱাৰ প্ৰজেক্টৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে ।

IAF chief reviews progress of air power projects
Air Power Projectৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা বায়ু সেনা প্ৰধানৰ

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট : বেংগাৰলুৰুত মানৱ চালিত এয়াৰ পাৱাৰ প্ৰজেক্ট আৰু মানৱবিহীন এয়াৰ পাৱাৰ প্ৰজেক্টৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰিলে ভাৰতীয় বায়ু সেনা(Indian Air Force)ৰ মুৰব্বী আৰ কে এছ ভদৌৰিয়া(RKS Bhadauria)ই । যোৱা ২৩ আগষ্টত তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে বেংগালুৰুত উপস্থিত হয় । এই ভ্ৰমণকালত তেওঁ বেংগালুৰুস্থিত বায়ু সেনাৰ গোট আৰু বিমান পৰীক্ষা প্ৰতিষ্ঠান আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Defence Research and Development Organisation) আৰু হিন্দুস্তান এৰ'ন'টিকেল লিমিটেডে আগবঢ়োৱা সুবিধাসমূহ পৰিদৰ্শন কৰে ।

তেওঁ মানৱ চালিত এয়াৰ পাৱাৰ প্ৰজেক্ট আৰু মানৱবিহীন এয়াৰ পাৱাৰ প্ৰজেক্টৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে । বিমান আৰু প্ৰণালী পৰীক্ষা প্ৰতিষ্ঠান(Aircraft and Systems Testing Establishment) পৰিদৰ্শনৰ সময়ত এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভদৌৰিয়াক বৰ্তমান চলি থকা প্ৰকল্পসমূহৰ বিষয়ে অৱগত কৰোৱা হয় আৰু কাৰ্যকৰী পৰীক্ষণৰ অগ্ৰগতিৰ বিষয়েও তেওঁক জনোৱা হয় ।

বায়ু সেনাৰ জোৱানৰ সৈতে বাৰ্তালাপৰ সময়ত, বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে বিমান আৰু প্ৰণালী পৰীক্ষা প্ৰতিষ্ঠানৰ প্ৰত্যাহ্বানমূলক ভূমিকাৰ বিষয়ে উল্লেখ কৰি প্ৰশংসনীয় সাফল্যৰ কথা কয় । তেওঁ এভিওনিক্স ছফ্টৱেৰৰ বিকাশৰ দায়িত্বত থকা ছফ্টৱেৰ ডেভেলপমেণ্ট ইনষ্টিটিউট(Software Development Institute) পৰিদৰ্শন কৰে ।

তেওঁ কয় যে, প্ৰতিষ্ঠানটোৱে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহত সহযোগিতা আগবঢ়াই বায়ু সেনাৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধিত অৰিহণা যোগাইছে । এয়াৰ চীফ মাৰ্শ্বেল ভদৌৰিয়াই বায়ু সেনাৰ বিমানত বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ একত্ৰীকৰণ আৰু যুদ্ধ সদৃশ পৰিস্থিতিত আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে ছফ্টৱেৰ স্বদেশীকৰণৰ দিশত আগবাঢ়িবলৈ ছফ্টৱেৰ ডেভেলপমেণ্ট ইনষ্টিটিউটক পৰামৰ্শ আগবঢ়ায় ।

এই ভ্ৰমণ কালত তেওঁ এৰ'ন'টিকেল ডেভেলপমেণ্ট এজেন্সী(Aeronautical Development Agency), ডি আৰ ডি অ'(Defence Research and Development Organisation) আৰু হিন্দুস্তান এৰ'ন'টিক্স লিমিটেড(Hindustan Aeronautical Limited)ৰ পৰীক্ষা কৰ্মী আৰু অভিযন্তাসকলক সাক্ষাৎ কৰে । বেংগালুৰু ভ্ৰমণৰ সময়ত বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে তেজছ এম কে-1(Tejas MK1) ফাইনেল অপাৰেশ্যনেল ক্লিয়াৰেন্স যুঁজাৰু বিমানো উৰুৱায় । এয়াৰ পাৱাৰ প্ৰজেক্টৰ কাম চলি থকা সময়ত ভাৰতীয় বায়ু সেনা(Indian Air Force)ৰ মুৰব্বী আৰ কে এছ ভদৌৰিয়া(RKS Bhadauria)ৰ এই ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: উদ্ধৱ ঠাকৰেক চৰ সোধোৱাৰ কথা কৈ আটক হ’ল কেন্দ্ৰীয় মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.