অসম

assam

77th Independence Day: 77 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্ব সন্ধিয়া দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

By

Published : Aug 14, 2023, 7:52 AM IST

মঙলবাৰে উদযাপন হ’বলগীয়া 77 সংখ্যক স্বাধীনতা দিৱসৰ বাবে দিল্লীত বিস্তৃত ব্যৱস্থা কৰা হৈছে । ঐতিহাসিক লালকিল্লাত উদযাপন হ’বলগীয়া স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে নাগৰিকসকলৰ বাবে যান-বাহন সম্বন্ধীয় নিৰ্দেশনা জাৰি কৰিছে । 14 আগষ্ট সোমবাৰৰ সন্ধিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰিব ৷

Prez Droupadi Murmu to address nation later today
14 আগষ্টৰ সন্ধিয়া দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

নেশ্যনেল গেস্ক, 14 আগষ্ট:কাইলৈ অৰ্থাৎমঙলবাৰে দেশবাসীয়ে পালন কৰিব 77 সংখ্যক স্বাধীনতা দিৱস ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক লালকিল্লাত উত্তোলন কৰিব ত্ৰিৰংগা পতাকা । ইফালে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত 14 আগষ্ট সোমবাৰৰ সন্ধিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰিব ।

ৰাষ্ট্ৰপতি ভৱনে জনোৱা মতে, সন্ধিয়া 7 বজাৰ পৰা আকাশবাণীযোগে সমগ্ৰ দেশ জুৰি আৰু সকলো দূৰদৰ্শন চেনেলত হিন্দী ভাষাত প্ৰচাৰ কৰা হ’ব ৰাষ্ট্ৰপতিৰ ভাষণ ৷ তাৰ পিছত ৰাষ্ট্ৰপতিৰ ভাষণ ইংৰাজী সংস্কৰণত প্ৰচাৰ কৰা হ’ব বুলি ৰাষ্ট্ৰপতি ভৱনে জানিবলৈ দিয়ে ।

ইফালে, কেন্দ্ৰই দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বৃত্তিৰ সৈতে জড়িত প্ৰায় 1800 লোকক পত্নীসহ লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া স্ৱাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে ৷ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতীয় পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ।

স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দিল্লী আৰক্ষীয়ে সলনি কৰিছে যাতায়তৰ পথ ৷ মঙলবাৰে ৰাজধানীখনত যান-বাহনৰ সুকলমে চলাচল নিশ্চিত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে জাৰি কৰিছে যান-বাহন নতুন পৰামৰ্শ । লালকিল্লাৰ আশে-পাশে সাধাৰণ জনতাৰ বাবে যাতায়ত পুৱা 4 বজাৰ পৰা 10 বজালৈ বন্ধ থাকিব । কেৱল অনুমোদিত বাহনৰ বাবেহে মুকলি থাকিব এই পথ । নেতাজী সুভাষ মাৰ্গ, লোথিয়ান ৰোড, এছ পি মুখাৰ্জী মাৰ্গ, চান্দনী চ’ক ৰোড, নিছাদ ৰাজ মাৰ্গ, এছপ্লেনেড ৰোড আৰু ইয়াৰ লিংক ৰোড নেতাজী সুভাষ মাৰ্গ, ৰাজঘাটৰ পৰা আই এছ বি টিলৈ ৰিং ৰোড আৰু আই এছ বি টিৰ পৰা আই পি ফ্লাই অভাৰলৈ আউটাৰ ৰিং ৰোড পথকেইটা মঙলবাৰে জনতাৰ বাবে বন্ধ থাকিব ।

উত্তৰৰ পৰা দক্ষিণলৈ যোৱাৰ বাবে যাতায়তকাৰীয়ে অৰবিন্দ মাৰ্গ, ছফদৰজং ৰোড, কমল আটাতুৰ্ক মাৰ্গ, কৌটিল্য মাৰ্গ, এছ পি মাৰ্গ, 11 মূৰ্তি, মাদাৰ টেৰেছা ক্ৰেচেণ্ট, পাৰ্ক ষ্ট্ৰীট, মন্দিৰ মাৰ্গ, পঞ্চকুলা ৰোড, ৰাণী ঝান্সি পথেৰে যাব পাৰে ।

মঙলবাৰে পুৱা 11 বজাৰ পিছত পুনৰ স্বাভাৱিক বাছ সেৱা আৰম্ভ হ’ব । সোমবাৰে পুৱা 12 বজাৰ পৰা মঙলবাৰৰ পুৱা 11 বজালৈ নিজামুদ্দিন খট্টা আৰু ৱাজিৰাবাদ দলঙৰ মাজত সামগ্ৰী কঢ়িওৱা যান-বাহন চলাচলৰ অনুমতি দিয়া নহ’ব । সোমবাৰে পুৱা 12 বজাৰ পৰা মঙলবাৰৰ পুৱা 11 বজালৈ মহাৰানা প্ৰতাপ আই এছ বি টি আৰু শৰাই কালে খান আই এছ বি টিৰ মাজত আন্তঃৰাজ্যিক বাছ চলাচলৰ অনুমতি দিয়া নহ’ব ।

ডিটিচিকে ধৰি স্থানীয় চিটি বাছসমূহ সোমবাৰে পুৱা 12 বজাৰ পৰা মঙলবাৰে পুৱা 11 বজালৈ আইএছবিটি কাশ্মীৰ গেট আৰু ৰিং ৰোড - 24 ৰাষ্ট্রীয় ঘাইপথ (এন এইচ-9)/এনএইচ টি-পইণ্ট (নিজামুদ্দিন খট্টা)ৰ মাজত ৰিং ৰোডত চলাচল কৰিব নোৱাৰিব তথা উপলব্ধ বিকল্প পথ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

76 সংখ্যক স্বাধীনতা দিৱসৰ লালকিল্লাত আয়োজিত অনুষ্ঠানত ‘বিশেষ অতিথি’ৰ ভিতৰত আছে 660 খনতকৈও অধিক গাঁৱৰ 400 ৰো অধিক গাওঁবুঢ়া । কৃষক উৎপাদক সংগঠনৰ আঁচনিৰ পৰা 250 টকা; প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ 50 জনকৈ অংশগ্ৰহণকাৰী; চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ 50 জন নিৰ্মাণ শ্ৰমিক; 50 জনকৈ খাদী শ্ৰমিক, সীমান্তৰ পথ নিৰ্মাণ, অমৃত সৰোৱৰ আৰু ঘৰে ঘৰে পানী যোজনাৰ নিৰ্মাণৰ সৈতে জড়িতসকলৰ লগতে 50 জনকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, নাৰ্ছ আৰু মাছমৰীয়া উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা 75 দম্পতীক নিজৰ পৰম্পৰাগত সাজ-পোছাকেৰে এই উদযাপনৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

লগতে পঢ়ক :Exam postpond due to heavy rainfall: প্ৰবল বৃষ্টিপাতৰ বাবে পিছুৱাই দিয়া হ’ল স্নাতকোত্তৰ মহলাৰ সকলো পৰীক্ষা

ABOUT THE AUTHOR

...view details