অসম

assam

ত্ৰিপুৰাত ৰে'লৰ পৰা ১.১৯ কোটিৰ ড্ৰাগছ জব্দ বিএছএফৰ

By

Published : Jun 20, 2022, 8:16 PM IST

প্লাষ্টিকৰ মোনাৰ পৰা ২৩৯ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ (seizure of 239 grams suspected brown sugar) কৰা হৈছে। অৱশ্যে সন্দেহজনক ব্যক্তিজন আন যাত্ৰীৰ আঁৰ লৈ পলাই যাবলৈ সক্ষম হয় । বিএছএফ এক সূত্ৰমতে, জব্দকৃত ব্ৰাউন ছুগাখিনিৰ আন্তৰ্জাতিক বজাৰত মূল্য প্ৰায় ১.১৯ কোটি।

a
জব্দকৃত ড্ৰাগছ আৰু অভিযানকাৰী বিএছএফৰ দলটো

আগৰতলা, ২০ জুন :ত্ৰিপুৰাত বিএছএফৰ (BSF) ড্ৰাগছবিৰোধী অভিযানত বিশেষ সফলতা। বিএছএফ ত্ৰিপুৰাৰ (BSF Tripura) ধাৰাবাহিক 'বিশেষ অভিযান'ত লাভ কৰা হৈছে এই সফলতা। অভিযানত বিএছফে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কোটি টকা মূল্যৰ ড্ৰাগছ । উল্লেখ্য, বিএছএফ ত্ৰিপুৰাৰ এই বিশেষ অভিযান হৈছে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্তৰ সিপাৰৰ পৰা হোৱা চোৰাং ব্যৱসায় ৰোধ কৰাৰ প্ৰচেষ্টা (Defeat trans-border Smugglers on Indo-Bangladesh Border)।

এই প্ৰচেষ্টাৰ অংশ হিচাবে পানীসাগৰৰ চোৰাংচোৱা বিষয়াৰ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এক বিশেষ অভিযান চলোৱা হয়। এগৰাকী চোৰাংচোৱা বিষয়াৰ নেতৃত্বত বিএছএফৰ 64 বেটেলিয়নৰ এটা দলে (Team of 64 battalion BSF) এই অভিযান চলায় (Special Operation by Intelligence officer)। উক্ত অভিযানত যোৱা ২৯ জুনত কুমাৰঘাট ৰে'ল ষ্টেচনত শিলচৰৰ পৰা আগৰতলালৈ যোৱা ৰে'লখনৰ D-9 নম্বৰৰ দবাটোত পুংখানুপুংখভাৱে তালাচী চলোৱা হয় ।

অনুসন্ধানৰ সময়ত, এজন সন্দেহজনক ব্যক্তিয়ে এৰি থৈ যোৱা প্লাষ্টিকৰ মোনাৰ পৰা ২৩৯ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ (Seizure of 239 grams suspected brown sugar) কৰা হয়। অৱশ্যে সন্দেহজনক ব্যক্তিজন আন যাত্ৰীৰ আঁৰ লৈ পলাই যাবলৈ সক্ষম হয়। বিএছএফৰ সূত্ৰমতে, জব্দকৃত ব্ৰাউন ছুগাখিনিৰ আন্তৰ্জাতিক বজাৰত মূল্য প্ৰায় ১.১৯ কোটি (value of brown sugar is approx 1.19 Crore)। উল্লেখ্য, বিএছএফে সমাজক ড্ৰাগছমুক্ত কৰাৰ বাবে চলাই আছে নিৰন্তৰ প্ৰচেষ্টা । উক্ত ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাবেই এই ড্ৰাগছ জব্দৰ ঘটনাটো বিএছএফৰ এক নিৰ্ণায়ক পদক্ষেপ বুলিব পাৰি ।

উল্লেখ্য, ১৯ জুনত আন কেইটামান অভিযান চলায় বিএছএফে । নিষিদ্ধ আৰু নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায় সম্পৰ্কীয় নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি উক্ত অভিযান চলোৱা হয়। অভিযানত ১০০ য়াবা টেবলেট (Yaba Tablet), ৫০ বটল এস্কুফ চিৰাপ (Eskuff Syrup), ২৯ টা মোবাইল ফোন (Mobile Phone) আৰু ৭.৭৩ লাখ টকা মূল্যৰ ৭টা গৰু জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ একাধিক স্থানত NIA-ৰ তালাচী অভিযান

ABOUT THE AUTHOR

...view details