অসম

assam

অত্যাধুনিক বৈশিষ্টৰ সৈতে শীঘ্ৰেই ভাৰতত মুকলি হোৱাৰ দিশত Samsung Galaxy F14 5G

By

Published : Mar 17, 2023, 10:40 PM IST

যদি আপুনি নতুন বাজেট 5G স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ বাবে আছে এক সুখবৰ । কাৰণ অতি সোনকালে চেমচাঙে ভাৰতত মুকলি কৰিবলৈ ওলাইছে নতুন বাজেট ফ্লেণ্ডলী স্মাৰ্টফোন Samsung Galaxy F14, F14 5G । জানি লওক এই স্মাৰ্টফোনৰ সুবিধাসমূহ ৷

Samsung Galaxy F14 5G smartphone launch date confirmed, know price and features
অত্যাধুনিক বৈশিষ্টৰ সৈতে শীঘ্ৰেই ভাৰতত মুকলি হোৱাৰ দিশত Samsung Galaxy F14 5G

নিউজ ডেস্ক, 17 মাৰ্চ: শেহতীয়াকৈ চেমচাঙে ভাৰতত মুকলি কৰিছে Galaxy A34 5G আৰু Galaxy A54 5G স্মাৰ্টফোন । কোম্পানীটোৱে ভাৰতত 5G স্মাৰ্টফোনৰ লাইনআপ আৰু অধিক সম্প্ৰসাৰণ কৰিব বিচাৰিছে । কেইমাহমানৰ আগতে Galaxy F14 5G স্মাৰ্টফোনটো BIS আৰু SGS Fimko স্পেচিফিকেশনকে ধৰি বিভিন্ন স্পেচিফিকেশন তালিকাভুক্ত হৈছিল(Samsung Galaxy F14 5G specification) । গুগল প্লে কনছ’লত এই স্মাৰ্টফোনটোৰ স্পেচিফিকেশন প্ৰকাশ পাইছিল(samsung f14 5g price in India)। এতিয়া ফ্লিপকাৰ্টৰ স্মাৰ্টফোনটোৰ হোম পেজৰ পৰাই স্মাৰ্টফোনটোৰ লঞ্চৰ তাৰিখ প্ৰকাশ পাইছে(What is the launch date of A14 5G?samsung f14 5g price in india)।

Samsung Galaxy F14 মুকলিৰ তাৰিখ আৰু মূল্য

ফ্লিপকাৰ্টে নিজৰ ৱেবছাইটৰ হোম পেজৰ জৰিয়তে Samsung Galaxy F14 5Gৰ ভাৰতত মুকলি কৰাৰ কথা প্ৰকাশ পাইছে । টিজাৰত উল্লেখ কৰা অনুসৰি অহা ২৪ মাৰ্চত দেশত মুকলি কৰা হ’ব এই স্মাৰ্টফোনটো । দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব এই স্মাৰ্টফোনৰ মুকলি অনুষ্ঠান । বৰ্তমান সময়ত কোম্পানীটোৱে এই স্মাৰ্টফোনটোৰ মূল্য বৰ্তমান প্ৰকাশ কৰা নাই যদিও Samsung Galaxy F14 5Gৰ দাম প্ৰায় ১৫ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে(Samsung Galaxy F14 Price in India 2023)।

Samsung Galaxy F14 5Gৰ স্পেচিফিকেশন

আগন্তুক স্মাৰ্টফোনটোৰ Geekbench লিষ্টিঙত প্ৰকাশ পাইছে অক্টা-কোৰ চিপছেট । এই তালিকাত লগতে প্ৰকাশ পাইছে যে ইয়াত 6GB RAM পেক কৰা হ’ব আৰু ইয়াত OneUI 5.0 Android 13 আউট অৱ দ্য বক্স চলিব(Samsung Galaxy F14 5G)। স্মাৰ্টফোনটোত থাকিব ৬.৬ ইঞ্চিৰ ফুল এইচডি + ৰিজ’লিউচন ইনফিনিটি-ভি ডিছপ্লে । ডিছপ্লেত থাকিব কৰ্নিং গৰিলা গ্লাছ 5 প্ৰটেকচন(What is the launch date of A14 5G)। স্মাৰ্টফোনটোত থাকিব 4/6 GB RAM আৰু 128GB ষ্ট’ৰেজ ।

Samsung Galaxy F14 5Gৰ বৈশিষ্ট্য

চেমচাঙৰ নতুন স্মাৰ্টফোনত ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ থাকিব । ফোনটোত 50MP প্ৰাইমেৰী চেন্সৰ, 2MP ডেপথ চেন্সৰ আৰু 2MP মাইক্ৰ’ চেন্সৰ পোৱা যাব । ডিছপ্লেৰ ভিতৰৰ ডিউ ড্ৰপ নটচত থাকিব 16MP চেলফি কেমেৰা । SGS Fimko তালিকাত প্ৰকাশ পাইছে যে ইয়াত 25W ফাষ্ট চাৰ্জিং প্ৰযুক্তিৰ সৈতে 6000mAh বেটাৰী পেক অন্তৰ্ভুক্ত কৰা হৈছে । কানেক্টিভিটি অপচনৰ কথা ক’বলৈ গ’লে ফোনটোত আছে ৫জি, ডুৱেল চিম কাৰ্ড স্লট,GPS, Wifi 5, ব্লুটুথ 5.2, NFC, USB TYPE-C প’ৰ্ট আৰু 3.5 MM হেডফোন জেক ।

লগতে পঢ়ক:Africa is splitting : পৃথিৱীত নতুন মহাদেশ সৃষ্টি হ'ব নেকি ?

ABOUT THE AUTHOR

...view details