অসম

assam

ছত্তীশগড়-মধ্য প্ৰদেশ-ৰাজস্থানৰ ফলাফলে সূচায় যে সুশাসনক জনসাধাৰণৰ সমৰ্থন কৰে: প্ৰধানমন্ত্ৰী মোদী

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:06 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিক ক্ষমতালৈ অনাৰ বাবে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে । লগতে তেওঁ গেৰুৱা দলক সমৰ্থন কৰাৰ বাবে তেলেংগানাবাসীকো ধন্যবাদ জ্ঞাপন কৰে ৷

Results in Chhattisgarh, MP, Rajasthan indicate people are firmly behind good governance
ছত্তীশগড়, মধ্য প্ৰদেশ, ৰাজস্থানৰ ফলাফলে সূচায় যে সুশাসনক জনসাধাৰণৰ সমৰ্থন কৰে : প্ৰধানমন্ত্ৰী মোদী

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ : "আমি জনতা জনাৰ্দনক কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ ছত্তীশগড়, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ ফলাফলে সূচায় যে ভাৰতৰ জনসাধাৰণে সুশাসন আৰু উন্নয়নৰ ৰাজনীতিক দৃঢ়ভাৱে সমৰ্থন কৰে ৷ যাৰ বাবে গেৰুৱা দলটোৱে এনে অভূতপূৰ্ব ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷" আজি চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত থকাৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X যোগে বিজেপিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচখন শেহতীয়াকৈ নিৰ্বাচন সম্পন্ন হোৱা পাঁচ ৰাজ্য- মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিজেপিৰ প্ৰচাৰৰ সবল নেতৃত্ব দিছিল ৷ ভোটগণনাৰ চূড়ান্ত ফলাফল ঘোষণাৰ পিচতে দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লীৰ বিজেপিৰ দলীয় কাৰ্যালয়ত এই বিজয় উদযাপন কাৰ্যসূচীত যোগদান কৰি জনসাধাৰণক সম্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মই এই ৰাজ্যসমূহৰ জনসাধাৰণক তেওঁলোকৰ অটল বিশ্বাস আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো ৷ সকলোকে আশ্বাস দিছো যে, আমি তেওঁলোকৰ কল্যাণৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি যাম । কৰ্মকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো । কৰ্মকৰ্তাসকলে অক্লান্ত পৰিশ্ৰম কৰিছে আৰু জনসাধাৰণৰ মাজত আমাৰ উন্নয়নৰ কাৰ্যসূচীসমূহ প্ৰচাৰ কৰিছে ৷"

লগতে পঢ়ক:হিন্দীবলয়ত সম্পূৰ্ণৰূপে উৎখাত হ’ল কংগ্ৰেছ !

ইফালে তেলেংগানাত, কংগ্ৰেছে ভাৰত ৰাষ্ট্ৰ সমিতিক (বিআৰএছ) উৎখাত কৰি ক্ষমতা দখল কৰিছে ৷ ইয়াৰ সমান্তৰালকে বিজেপিয়ে নখন আসনত আগবাঢ়ি তৃতীয় স্থানত আছে ৷

"তেলেংগানাৰ মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল, @BJP4India প্ৰতি আপোনাৰ সমৰ্থনৰ বাবে ধন্যবাদ। যোৱা কেইবছৰত, বিজেপিৰ প্ৰতি এই সমৰ্থন বৃদ্ধি হৈছে, এই প্ৰৱণতা অনাগত সময়ত অব্যাহত থাকিব। তেলেংগানাৰ সৈতে আমাৰ সম্পৰ্ক অটুট ৷ আমি জনসাধাৰণৰ বাবে কাম কৰি যাম। মই প্ৰতিজন বিজেপি কৰ্মকৰ্তাৰ পৰিশ্ৰমী প্ৰচেষ্টাকো প্ৰশংসা কৰোঁ ৷" প্ৰধানমন্ত্ৰীগৰাকীয়ে X ত এটা পোষ্টযোগে তেলেংগানাবাসীক কৃতজ্ঞতা জনায় ৷

ABOUT THE AUTHOR

...view details