অসম

assam

ৰাজস্থানত কংগ্ৰেছৰ বিপৰ্যয়; ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী গেহলটৰ

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 8:30 PM IST

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দেওবাৰে সন্ধিয়া ৰাজ্যপাল কলৰাজ মিশ্ৰক পদত্যাগ পত্ৰ প্ৰদান কৰে । ৰাজ্যখনত কংগ্ৰেছ পৰাস্ত হোৱাৰ বিপৰীতে বিজেপিৰ মহিন্দ্ৰ সিং ৰাথোৰক পৰাস্ত কৰি ২৬,৩৯৬টা ভোটৰ ব্যৱধানত গেহলটে চৰ্দাৰপুৰাৰ আসনত জয়লাভ কৰে ।

Rajasthan CM Gehlot submits resignation
মুখ্যমন্ত্ৰী অশোক গেহলটৰ পদত্যাগ

নিউজ ডেস্ক, 3 ডিচেম্বৰ : বিধানসভা নিৰ্বাচনত ৰাজস্থানত কংগ্ৰেছ দল পৰাজিত হোৱাৰ পাছতেই দেওবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজ্যপাল কলৰাজ মিশ্ৰক পদত্যাগ পত্ৰ দাখিল কৰে ৷ ৰাজভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰী গেহলটে পদত্যাগ পত্ৰ ৰাজ্যপালৰ হাতত তুলি দিয়ে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গেহলটে কয়, "মই সদায় কৈ আহিছো যে মই ৰাইজৰ জনাদেশ গ্ৰহণ কৰিম আৰু ভৱিষ্যত চৰকাৰলৈ মোৰ শুভেচ্ছা জনাইছো ৷ আশা কৰিছো তেওঁলোকে ৰাজ্যবাসীৰ কল্যাণৰ বাবে কাম কৰিব ৷ ফলাফল সন্দৰ্ভত তেওঁ কয়, "এয়া আচৰিত ফলাফল ৷"

ইফালে বিজেপিৰ মহিন্দ্ৰ সিং ৰাথোৰক পৰাস্ত কৰি 26,396 টা ভোটৰ ব্যৱধানেৰে চৰ্দাৰপুৰাৰ আসনত মুখ্যমন্ত্ৰী অশোক গেহলটে জয়লাভ কৰে ৷ দেওবাৰে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি গেহলটে 96,859 টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে 70,463 টা ভোট ৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে জয়পুৰৰ দলীয় কাৰ্যালয়লৈ গৈ জ্যেষ্ঠ নেতাসকলৰ সৈতে নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আলোচনা কৰে ৷

25 নৱেম্বৰত ৰাজস্থানৰ 200 টা বিধানসভা সমষ্টিৰ ভিতৰত 199 টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷ কংগ্ৰেছ প্ৰাৰ্থী গুৰমীত সিং কুনাৰৰ মৃত্যুৰ বাবে শ্ৰীগংগনগৰৰ কৰণপুৰ আসনৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছিল ৷ 25 নৱেম্বৰত ৰাজস্থানত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ভোট গণনাৰ কাম আৰম্ভ হয় কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে পুৱা 8 বজাৰ পৰা ৷ ভোটগ্ৰহণলৈ যোৱা ৰাজ্যখনৰ 200 টা বিধানসভা সমষ্টিৰ ভিতৰত 199 টাত মুঠ 36 টা গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত কংগ্ৰেছ শাসিত ৰাজস্থানত শেষ হাঁহি মাৰে বিজেপিয়ে ৷ 199 খন আসনৰ 115 খনত জয়লাভ কৰে বিজেপিয়ে ৷ আনহাতে কংগ্ৰেছ দলে লাভ কৰে 70 খন আসন, অন্যান্য দলে লাভ কৰে 14 খন আসন ৷

লগতে পঢ়ক :হিন্দীবলয়ত সম্পূৰ্ণৰূপে উৎখাত হ’ল কংগ্ৰেছ !

ABOUT THE AUTHOR

...view details