অসম

assam

ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰত জাতিগত পিয়ল সম্পাদনৰ আশ্বাস ৰাহুল গান্ধীৰ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:23 PM IST

ৰাজস্তান বিধানসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ কংগ্ৰেছ আৰু বিজেপি উভয়েই উভয়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে ৷ বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতপুৰত এখন নিৰ্বাচনী সভাত অংশ লৈ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ৷

Rajasthan Latest News
Rajasthan Assembly Elections 2023

নিউজ ডেস্ক, 22 নৱেম্বৰ: ৰাজস্থান বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । এনে পৰিস্থিতিত সকলো ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাই পূৰ্ণ শক্তি প্ৰদান কৰিছে নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে । এই ভোট যুদ্ধত বুধবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ভাৰতপুৰ জিলাৰ নদবাইত ৰাজহুৱা সভাত ভাষণত বিজেপিক তীব্ৰ লক্ষ্য কৰি লয় । লগতে জাতিগত পিয়ল চলোৱাৰ বিষয়টো পুনৰবাৰ উল্লেখ কৰে ।

আমি জাতিগত পিয়ল কৰিম: ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, কংগ্ৰেছ চৰকাৰ অহাৰ পিছত জাতিগত লোকপিয়লৰ সন্দৰ্ভত প্ৰথম কাম কৰা হ'ব । দেশত পিচপৰা লোকৰ সংখ্যা যিমানেই বেচি হ’ব সিমানেই তেওঁলোকক সুবিধা দিয়া হ’ব । বিজেপিক সামলোচনা কৰি তেওঁ কয়, "আমি কোনো কাৰণতে দুখন ভাৰতক গ্ৰহণ নকৰো । আমি এনে ভাৰত নিবিচাৰো, য'ত একাংশ মানুহে বিমানত ভ্ৰমণ কৰে আৰু আন একাংশ মানুহে মানুহে দেশৰ বাবে তেজ-ঘাম দিয়ে, তথাপিও কোনো লাভ নাপায় ।’’ ৰাহুলে কয়, "জাতিগত লোকপিয়লৰ পিছত সমগ্ৰ ভাৰতৰ পৰিৱৰ্তন হ'ব । আপোনালোক সকলোৱে নিজৰ শক্তি উপলব্ধি কৰিব । লগতে ভাৰতৰ সকলো পিছপৰা মানুহে নিজৰ অধিকাৰ লাভ কৰিব ।’’

আঁচনিসমূহ বন্ধ হ’ব: ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, "ৰাজস্থানত যদি বিজেপি চৰকাৰ ক্ষমতালৈ আহে, তেন্তে বৰ্তমান চলি থকা জনকল্যাণমূলক আঁচনিসমূহ বন্ধ হ'ব । গেহলটৰ চৰকাৰে ৰাজস্থানত উৎকৃষ্ট কাম কৰিছে । বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত এই চৰকাৰখনে বহুত ভাল কাম কৰিছে । বিদেশৰ পৰা অহা লোকেও ইয়াৰ স্বাস্থ্য ব্যৱস্থাৰ প্ৰশংসা কৰে, কিন্তু বিজেপি চৰকাৰ আহিলে তেতিয়া এই সকলোবোৰ আঁচনি বন্ধ কৰা হ'ব ৷’’

মোদী চৰকাৰক লক্ষ্য : ৰাজহুৱা সভাৰ সময়ত ৰাহুল গান্ধীয়ে পপকেটাৰ কাহিনীৰ উদাহৰণ দি মোদী চৰকাৰক তীব্ৰভাৱে লক্ষ্য কৰি লৈছিল । তেওঁ কয়, "আমি ভাৰত মাতা কি জয় বুলি কওঁ, বিজেপিৰ মানুহেও ভাৰত মাতা কি জয় বুলি কয়, কিন্তু তেওঁলোকে আদানীৰহে জয় কৰে ।" এই সময়ছোৱাত তেওঁ ৰাজস্থানত কংগ্ৰেছে দিয়া সাতটা গেৰান্টিৰ কথাও কয় ।

লগতে পঢ়ক:বিজেপিয়ে আৰোপ কৰা কৰৰ এটা এটা টকা ৰাইজক ওভতাই দিব কংগ্ৰেছে !

ABOUT THE AUTHOR

...view details