অসম

assam

এটা সাধাৰণ কাৰণত বিতৰ্কৰ পৰা পলায়ন কৰিছে প্ৰধানমন্ত্ৰীয়ে: সংসদৰ নিৰাপত্তা উলংঘনক লৈ কংগ্ৰেছ

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 6:38 PM IST

Parliament security breach : ১৩ ডিচেম্বৰত সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশদ বক্তব্যৰ বাবে I.N.D.I.A ব্লকে হেঁচা প্ৰয়োগ কৰি থাকিব বুলি দেওবাৰে কংগ্ৰেছে কয় ৷ কংগ্ৰেছে এই ঘটনাক লৈ কোনো ধৰণৰ বিতৰ্ক হ’ব নালাগে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

Parliament security breach
প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

নিউজ ডেস্ক, 17 ডিচেম্বৰ : 13 ডিচেম্বৰৰ সংসদ নিৰাপত্তা ভংগক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে ৷ দেওবাৰে এই সন্দৰ্ভত কংগ্ৰেছে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিতৰ্কৰ পৰা ‘পলাই গৈছে’ কিয়নো তেনে কৰিলে বিজেপিৰ সাংসদগৰাকীৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ব যিয়ে অনুপ্ৰৱেশকাৰী দুজনক প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছিল লোকসভাত ৷

প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দী দৈনিক কাকত দৈনিক জাগৰণৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে সংসদৰ নিৰাপত্তা ভংগৰ গুৰুত্বতাক “তুচ্ছজ্ঞান কৰা উচিত নহয়” আৰু “ইয়াৰ আঁৰৰ উপাদান আৰু উদ্দেশ্য কি সেই বিষয়ে গভীৰতালৈ যোৱাটো” গুৰুত্বপূৰ্ণ ৷ তেওঁ অৱশ্যে পৰামৰ্শ দিছিল যে "এই বিষয়ে বিতৰ্ক কৰাৰ প্ৰয়োজন নাই, এই কাণ্ডৰ বিশদ তদন্ত হ'ব লাগে ৷"

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংসদ সদস্য তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে এই ঘটনা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যৰ বাবে I.N.D.I.A ব্লকে হেঁচা প্ৰয়োগ কৰি যাব ৷

ৰমেশে এক্সত (টুইটাৰ) লিখিছে- "অৱশেষত 13 ডিচেম্বৰত লোকসভাত সংঘটিত হোৱা অসাধাৰণ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে নিজৰ মৌনতা ভংগ কৰিলে ৷ তেওঁ কয় যে বিতৰ্ক নহয়, তদন্তৰ প্ৰয়োজন আৰু এই তদন্ত চলি আছে ৷ I.N.D.I.A মিত্ৰজোঁটৰ অন্তৰ্গত দলসমূহে 13 ডিচেম্বৰত কি হৈছিল আৰু সঠিকভাৱে কেনেকৈ হ’ল সেই সন্দৰ্ভত গৃহমন্ত্ৰীৰ এক বক্তব্য বিচাৰিব আৰু এই বিষয়ত চৰকাৰক হেঁচা প্ৰয়োগ কৰিব ৷ অতি সহজ কাৰণত বিতৰ্কৰ পৰা পলাই গৈছে প্ৰধানমন্ত্ৰীগৰাকী ৷ 13 ডিচেম্বৰত অনুপ্ৰৱেশকাৰীক লোকসভাত প্ৰৱেশৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত মহীশূৰৰ বিজেপিৰ সাংসদ প্ৰতাপ সিমহাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হ’ব ৷"

সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাত জড়িত থকাৰ অভিযোগত এতিয়ালৈকে দিল্লী আৰক্ষীয়ে 6 জন লোকক গ্ৰেপ্তাৰ কৰিছে- সাগৰ শৰ্মা, মনোৰঞ্জন ডি, আমোল শিণ্ডে, নীলম দেৱী, ললিত ঝা আৰু মহেশ কুমাৱত ৷ দুজন লোক- সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডিয়ে শূন্য ঘণ্টাৰ সময়ত ৰাজহুৱা গেলেৰীৰ পৰা লোকসভা চেম্বাৰত জপিয়াই, সাংসদসকলে তেওঁক আগুৰি ধৰাৰ পূৰ্বেই কেনিষ্টাৰৰ পৰা হালধীয়া ধোঁৱা এৰিছিল আৰু শ্লোগান দিছিল ৷

প্ৰায় একে সময়তে সংসদ চৌহদৰ বাহিৰত "তানাশহী নেহি চলেগী" বুলি চিঞৰি কেনিষ্টাৰৰ পৰা ৰঙীন ধোঁৱা এৰি দিয়ে আন দুজন আমোল সিন্দে আৰু নীলম দেৱীয়ে ৷ গেটৰ বাহিৰত উপস্থিত থকা ঝাই নিজৰ ম’বাইল ফোনত ৰেকৰ্ড কৰিছিল এই কাণ্ড ৷

ছ'চিয়েল মিডিয়াত আপলোড আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰাৰ পিছত, তেওঁ ৰাজস্থানৰ নাগাউৰলৈ যায় ৷ কুমাৱত আৰু অভিযুক্ত কৈলাশ, যি সম্পৰ্কীয় ভাতৃ, তেওঁ তাত থকাৰ ব্যৱস্থা কৰিছিল ৷ পিছত ঝা আৰু কুমাৱত দিল্লীলৈ আহিছিল আৰু আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷

লগতে পঢ়ক :চৰকাৰে সংসদৰ নিৰাপত্তা উলংঘন বুজি পাইছে, অতিমাত্ৰা নকৰিব: বিৰোধীক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

ABOUT THE AUTHOR

...view details