অসম

assam

পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

By

Published : Sep 25, 2021, 3:54 PM IST

Deendayal Upadhyaya
পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ()

দেশজুৰি উদযাপন পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১০৫ সংখ্যক জন্ম জয়ন্তী । প্ৰাক্তন নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ :সমগ্ৰ দেশতে ভাৰতীয় জনসংঘৰ প্ৰাক্তন নেতা দীনদয়াল উপাধ্যায়ৰ ১০৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় । নেতাগৰাকীৰ স্মৃতিত বিজেপিৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও (Narendra Modi) নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

টুইটযোগে নেতাগৰাকীক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দীনদয়াল উপাধ্যায়ে (Deendayal Upadhyaya) ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে জীৱন উৎসৰ্গিত কৰিছে আৰু তেওঁৰ চিন্তাধাৰাই সদায় দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে । অখণ্ড মানৱ দৰ্শনৰ পথ প্ৰদৰ্শক হিচাপে প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰে পণ্ডিত দীনদয়াল উপাধ্যায়ক ।

উল্লেখ্য যে পণ্ডিত দীনদয়াল উপাধ্যায় এগৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) চিন্তাবিদ আৰু ভাৰতীয় জনসংঘৰ প্ৰাক্তন নেতা আছিল । ১৯৬৭ চনৰ ডিচেম্বৰত তেওঁ জনসংঘৰ সভাপতি হৈছিল ।

লগতে পঢ়ক :অন্তিমটো দিনৰ কাৰ্যসূচীৰে নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details