ETV Bharat / bharat

প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে চিবিআইয়ে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰাৰ সম্ভাৱনা - Prajwal Revanna sex scandal

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 5:18 PM IST

Prajwal Revanna sex scandal
প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে চিবিআইয়ে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰাৰ সম্ভাৱনা(IANS)

Prajwal Revanna sex scandal: এছআইটিয়ে মুখ্যমন্ত্ৰীক অৱগত কৰা মতে চিবিআইয়ে হাছানৰ সাংসদ প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰাৰ সম্ভাৱনা আছে । যোৱা মাহৰ শেষৰ ফালে যৌন কেলেংকাৰীৰ অভিযুক্ত ৰেভান্নাই দেশৰ পৰা পলায়ন কৰা বুলি কোৱা হৈছে । অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

নেশ্যনেল ডেস্ক,৪ মে': যৌন কেলেংকাৰী অভিযুক্ত হাছানৰ সাংসদ প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে চিবিআইয়ে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰাৰ সম্ভাৱনা আছে । কথিত যৌন কেলেংকাৰীৰ তদন্ত কৰি থকা বিশেষ অনুসন্ধানকাৰী দলে শনিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক জনাই যে চিবিআইয়ে উক্ত গোচৰত হাছানৰ সাংসদজনৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰাৰ সম্ভাৱনা আছে ।

সিদ্ধাৰামাইয়াই এছআইটি বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । য'ত মুখ্যমন্ত্ৰীয়ে প্ৰজ্বল ৰেভান্নাক গ্ৰেপ্তাৰ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । প্ৰেছ বিজ্ঞপ্তি অনুসৰি বিষয়াসকলেও মুখ্যমন্ত্ৰীক আশ্বাস দিছে যে তেওঁলোকে উপযুক্ত ব্যৱস্থাৰে গ্ৰেপ্তাৰৰ বাবে আগবাঢ়িব । চিবিআইয়ে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত তদন্ত ত্বৰান্বিত হ'ব বুলিও মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছে । এছআইটি বিষয়াসকলে আশ্বাস দিছে যে তেওঁলোকে বিমানবন্দৰৰ পৰা তথ্য লাভ কৰাৰ লগে লগে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিব আৰু ঘূৰাই আনিব ।

উল্লেখ্য যে অপৰাধৰ সন্দৰ্ভত এজন ব্যক্তিৰ পৰিচয়, অৱস্থান বা কাৰ্যকলাপৰ বিষয়ে সদস্য দেশবোৰৰ পৰা অতিৰিক্ত তথ্য সংগ্ৰহ কৰিবলৈ আন্তৰ্জাতিক আৰক্ষী সহযোগিতা সংস্থাৰ দ্বাৰা ব্লু কৰ্ণাৰ নোটিচ জাৰী কৰা হয় ।

চৰকাৰী সূত্ৰই জনোৱা মতে, এছআইটিয়ে ভাৰতত ইণ্টাৰপোল বিষয়ৰ বাবে নোডেল সংস্থা চিবিআইলৈ এক অনুৰোধ প্ৰেৰণ কৰিছে বুলি কোৱা হৈছে । বিষয়াসকলে কয় যে চিবিআইয়ে এই জাননী জাৰি কৰাৰ পিচত এছআইটিয়ে প্ৰজ্বল ৰেভান্নাৰ অৱস্থানৰ বিষয়ে তথ্য লাভ কৰিব বুলি আশা কৰিছে । বৈঠকত মুখ্যমন্ত্ৰীগৰাকীক এছআইটি বিষয়াসকলে গোচৰটোৰ সকলো শেহতীয়া তথ্যৰ বিষয়ে অৱগত কৰিছে ।

বিষয়াসকলে সিদ্ধাৰামাইয়াক জনাইছে যে গোচৰটোৰ মুখ্য অভিযুক্ত প্ৰজ্বল ৰেভান্না 'সন্ধানহীন' আৰু তেওঁৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰা হৈছে । এছআইটিয়ে প্ৰজ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ এইচ ডি ৰেভান্নাৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ গোচৰত নতুনকৈ লুকআউট জাননী জাৰি কৰাৰ পিচতে এই বিষয়বোৰ পোহৰলৈ আহিছে ।

উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি ৩৩ বছৰীয়া প্ৰজ্বল ৰেভান্না হাছানৰ পৰা বিজেপি-জেডি(এছ) মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল । য'ত ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । নিৰ্বাচনৰ পিচতে প্ৰজ্বল ৰেভান্নাৰ সৈতে জড়িত ভিডিঅ'বোৰ ভাইৰেল হৈ পৰিছিল । তাৰ পিচতে ৰাজ্য চৰকাৰে কেলেংকাৰীটোৰ তদন্তৰ বাবে এছআইটি গঠন কৰিছিল ।

ভোটগ্ৰহণৰ এদিন পিচতে প্ৰজ্বল ৰেভান্নাই ২৭ এপ্ৰিলত বিদেশলৈ উৰা মাৰিছিল বুলি সন্দেহ কৰা হৈছে । তেওঁৰ অধিবক্তাই তেওঁক এছআইটিৰ সন্মুখত হাজিৰ হ'বলৈ ৭ দিনৰ সময় বিচাৰিছিল । যাৰ উত্তৰত অনুসন্ধানকাৰী দলে এয়া সম্ভৱ নহয় বুলি কৈছিল ।

লগতে পঢ়ক :কূটনৈতিক পাছপ'ৰ্টধাৰীক জাৰ্মানীৰ বাবে ভিছাৰ প্ৰয়োজন নাই, প্ৰজ্বলে কোনো ক্লিয়াৰেন্স বিচৰা নাছিল: বৈদেশিক মন্ত্ৰালয় - Obscene Videos Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.