ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰ সভাত নেহৰু-গান্ধী পৰিয়ালক তীব্ৰ আক্ৰমণ কংগনাৰ - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 3:51 PM IST

Updated : May 4, 2024, 4:54 PM IST

Kangana Ranaut takes a jibe at Congress : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নেতাসকলৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈ পৰে । তাৰে মাজতে কংগনা ৰনৌতে সুন্দৰনগৰত এটা ৰোড শ্ব'ৰ সময়ত কংগ্ৰেছ আৰু মাণ্ডিৰ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙক তীব্ৰ সমালোচনা কৰে । কংগনাই কয় যে হিমাচলতো এজন ৰাজকুমাৰ আছে, যাক দেশত কোনেও নাজানিছিল । মোৰ বিৰুদ্ধে মন্তব্য কৰি কৰিয়ে তেওঁ দেশত পৰিচিতি লাভ কৰে ।
Kangana Jibes at Congress
নেহৰু-গান্ধী পৰিয়ালক তীব্ৰ আক্ৰমণ কংগনাৰ (ETV Bharat)

কংগ্ৰেছক তীব্ৰ সমালোচনা কংগনাৰ (ETV Bharat Himachal)

নিউজ ডেস্ক, ৪ মে' : নিজৰ স্বভাৱগত ভংগীৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে হিমাচলৰ মাণ্ডি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কংগনা ৰনৌত । তেওঁ সুন্দৰনগৰ বজাৰত এক ৰোড শ্ব'ৰ সময়ত কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । কংগনাই কয় যে কংগ্ৰেছ হৈছে ব্ৰিটিছে এৰি যোৱা এটা ৰোগ আৰু আমাৰ দেশ বহু দশক ধৰি ইয়াৰ দ্বাৰা ভুগি আহিছে । লগতে কংগনাই ৰাইজক তেওঁৰ সপক্ষে ভোট দিবলৈও আহ্বান জনায় ।

কংগনাই কয় যে চৰ্দাৰ পেটেলে প্ৰধানমন্ত্ৰীৰ জনাদেশ লাভ কৰিছিল । কিন্তু জৱাহৰলাল নেহৰুকহে প্ৰধানমন্ত্ৰী পতা হয় । তাৰ পিচত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হয় আৰু তেওঁ একনায়কত্বৰ দ্বাৰা সমগ্ৰ দেশক বন্দী কৰে । তাৰ পিচত ৰাজীৱ গান্ধীয়ে মানুহবোৰক ধৰি ধৰি বন্ধ্যাকৰণ কৰাইছিল । পুনৰ ইটালীৰ পৰা আহি ছোনিয়া গান্ধীয়ে এই দেশলৈ হাত মেলে । কংগ্ৰেছ দলৰ এই স্বজন-তোষণে দেশখনক উঁইপোকৰ দৰে খাইছে । 2014 চনত এক পৰিৱৰ্তন হৈছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক এক নতুন দিশ প্ৰদান কৰিছিল ।

কংগনাই ৰাহুল গান্ধী, তেজস্বী যাদৱ আৰু অখিলেশ যাদৱৰ ওপৰতো তীব্ৰ আক্ৰমণ চলায় । তেওঁ কয় যে বিৰোধী দলবোৰৰ কোনো চৰিত্ৰ বা মূল্যবোধ নাই । ৰাহুল গান্ধীয়ে চন্দ্ৰত আলু খেতি কৰাৰ কথা কয় । তেজস্বীয়ে গুণ্ডামিৰে খায় আৰু অখিলেশ যাদৱে হাস্যকৰ কথা কয় । এই সকলোবোৰ নষ্ট ৰাজকুমাৰ । কংগনাই কয় যে হিমাচলতো এজন ৰাজকুমাৰ আছে, যাক দেশৰ কোনোৱে চিনি নাপাইছিল । কিন্তু আজি তেওঁ মোৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি শিৰোনাম লাভ কৰিছে । তেওঁলোকে জানি থওক যে মই পদ্মশ্ৰীৰ দৰে এটা সন্মানীয় বঁটা লাভ কৰিছোঁ ।

আনহাতে, কংগনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক মহান চৰিত্ৰ হিচাপে বৰ্ণনা কৰাৰ বিপৰীতে বিৰোধী দলবোৰক কাৰ্টুন বুলি অভিহিত কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনে-ৰাতি দেশৰ বিষয়ে চিন্তা কৰি থাকে । আনহাতে, কাৰ্টুনবোৰে প্ৰতিদিনে হাস্যকৰ কথা কয় । কংগ্ৰেছ প্ৰাৰ্থীজনে কয় যে তেওঁ য'লৈকে যায় দুটা পথ সংযোগ কৰে । যদি সেয়াই হয় তেন্তে ৰাজ্যখনৰ এনে বহু ক্ষেত্ৰ আছে য'ত মানুহৰ প্ৰয়োজন আছে । আপোনালোক তালৈ কিয় নাযায় বুলিও কংগনাই প্ৰশ্ন কৰে ।

লগতে পঢ়ক : দক্ষিণ দিল্লীৰ পৰা লোকসভা নিৰ্বাচনত যুঁজ দিব তৃতীয় লিংগৰ প্ৰাৰ্থী ৰাজন সিঙে - Lok Sabha Election 2024

Last Updated :May 4, 2024, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.