অসম

assam

অন্তিমটো দিনৰ কাৰ্যসূচীৰে নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

By

Published : Sep 25, 2021, 1:00 PM IST

PM Modi arrives in New York for final leg of US visit
আমেৰিকা ভ্ৰমণৰ অন্তিমটো দিনৰ কাৰ্যসূচীৰ বাবে নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী ()

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাতৰ পিছতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণৰ বাবে নিউয়ৰ্কত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী ৷

নেশ্যনেল ডেস্ক, 25 ছেপ্তেম্বৰ : শুকুৰবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) নিউয়ৰ্কত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ শনিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ কোৱাডৰ সন্মিলনত অংশগ্ৰহণৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোডী আৰু এই বৈঠকৰ পিছতেই ৱাশ্বিংটন অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰী ৷

নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে ৱাশ্বিংটনক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীৰ নিউয়ৰ্ক যাত্ৰা সন্দৰ্ভত টুইটযোগে কয়, "Thank you, Washington! Onward bound for New York. After a historic Quad Leaders' Summit and bilateral engagements with USA, Australia and Japan, PM Narendra Modi departs for the New York leg of his visit,"

বুধবাৰে তিনিদিনীয়া ভ্ৰমণসমূচীৰে ৱাশ্বিংটনলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ক’ভিড 19 মহামাৰী আৰম্ভ হোৱাৰ পিছত চুবুৰীয়া ৰাষ্ট্ৰৰ বাহিৰে অন্য ৰাষ্ট্ৰলৈ এয়াই প্ৰধানমন্ত্ৰীৰ প্ৰথমটো ভ্ৰমণ ৷

লগতে পঢ়ক:কমলা হেৰিছ আৰু প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমখন বৈঠক

ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু কমলা হেৰিছৰ সৈতে দ্বি-পাক্ষিক আলোচনাত মিলিত হৈছিল ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশীহিড়ে চুগাকো সাক্ষাৎ কৰিছিল ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কোৱাডৰ সন্মিলনতো অংশগ্ৰহণ কৰে ৷

নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে ভাৰতত বিনিয়োগৰ বাবে পাঁচগৰাকী গ্ল’বেল চি ই অ’ক সাক্ষাৎ কৰে ৷ প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণ 25 ছেপ্তেম্বৰত সমাপ্ত হ’ব ৷ ভ্ৰমণৰ শেষৰটো দিনত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্বোধন কৰি ক’ভিড 19 ৰ ফলত বিশ্ববাসীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যা, সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, জলবায়ু পৰিৱৰ্তন আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিব ৷

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এই বৰ্ষৰ বিষয়বস্তু হ’ল- 'Building Resilience through hope to recover from COVID-19, rebuild sustainably, respond to the needs of the planet, respect the rights of people, and revitalise the United Nations'.

লগতে পঢ়ক :কমলা হেৰিছক কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

ABOUT THE AUTHOR

...view details