কমলা হেৰিছ আৰু প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমখন বৈঠক

author img

By

Published : Sep 24, 2021, 1:51 PM IST

Modi meet Kamala Harris

ক'ভিড পৰিস্থিতিৰ সময়ত মাৰ্কিন উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে প্ৰধানমন্ত্ৰীৰ সৈতে ফোনত কথা পাতিছিল যদিও শুকুৰবাৰে শাৰীৰিকভাৱে প্ৰথমখন বৈঠকত মিলিত হয় দুয়োগৰাকী শীৰ্ষ নেতা । প্ৰধানমন্ত্ৰী মোডী আৰু কমলা হেৰিছৰ এই বৈঠকত কেইবাটাও বিষয়ে স্থান লাভ কৰে ৷

নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে হোৱাইট হাউচত (White House) আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক (Kamala Harris) সাক্ষাৎ কৰে । বৈঠকত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্ব দিয়াৰ লগতে পাৰস্পৰিক আৰু গোলকীয় স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰে ।

বৈঠকৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে এক যুটীয়া সংবাদমেল সম্বোধন কৰে । আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে কয় যে ভাৰত হৈছে আমেৰিকাৰ এক অতি গুৰুত্বপূৰ্ণ অংশীদাৰ । ভাৰতে শীঘ্ৰেই ক'ভিড ভেকছিনৰ (Covid Vaccine) ৰপ্তানি পুনৰ আৰম্ভ কৰিব বুলি নতুন দিল্লীৰ ঘোষণাকো আদৰণি জনায় কমলা হেৰিছে ।

জলবায়ু সংকটৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা বাবে ভাৰতক আদৰণি জনায় কমলা হেৰিছে । তেওঁ বিশ্বাস কৰা মতে আমেৰিকা আৰু ভাৰতে একেলগে কাম কৰিলে কেৱল দুয়োখন দেশৰ জনসাধাৰণে নহয়, বিশ্বৰ ওপৰতো ইয়াৰ গভীৰ প্ৰভাৱ পৰিব ।

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ মতে মহামাৰীৰ পৰিস্থিতিৰ সময়ত দুয়োখন দেশে একেলগে কাম কৰিছে । মহামাৰীৰ আৰম্ভণিতে ভাৰত আন দেশৰ বাবে ভেকছিনৰ এক গুৰুত্বপূৰ্ণ উৎস আছিল । যেতিয়া ভাৰতত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতীয় লোকসকলক টীকাকৰণ কৰাৰ ক্ষেত্ৰত সমৰ্থন জনাইছিল ।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, যেতিয়া ভাৰত ক'ভিডৰ দ্বিতীয় ঢৌৰ (Covid Second wave) কবলত পৰিছিল আমেৰিকাই ভাৰতক যথেষ্ট পৰিমাণে সহায় কৰিছিল । তেওঁৰ মতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰাকৃতিক অংশীদাৰ, দুয়োখন দেশৰ উমৈহতীয়া মূল্যবোধ, ভূ-ৰাজনৈতিক স্বাৰ্থ আছে আৰু দুয়োখন দেশৰ সমন্বয় আৰু সহযোগিতাও বৃদ্ধি পাইছে । ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্ক দুয়োখন দেশৰ মাজত এক সেঁতু আৰু লোকসকলৰ অৱদানক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছ নিৰ্বাচিত হোৱাটো এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ঘটনা । হেৰিছ পৃথিৱীৰ বহুতো লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলিও তেওঁ উল্লেখ কৰে । তেওঁ নিশ্চিত যে ৰাষ্ট্ৰপতি বিডেন আৰু হেৰিছৰ নেতৃত্বত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু বৃদ্ধি পাব ৷

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে কমলা হেৰিছক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় ৷ উল্লেখ্য যে দুয়োগৰাকী নেতাৰ মাজত এয়া আছিল প্ৰথমখন বৈঠক । হেৰিছে পূৰ্বে ভাৰতত ক'ভিড সংকটৰ সময়ত মোডীৰ সৈতে ফোনযোগে কথা পাতিছিল ।

লগতে পঢ়ক :ভাৰতত বিনিয়োগৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ কৰ্পোৰেট গোষ্ঠীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.