অসম

assam

আলফাৰ সৈতে শান্তি চুক্তিয়ে অসমৰ স্থায়ী প্ৰগতিৰ পথ প্ৰশস্ত কৰিব: প্ৰধানমন্ত্ৰী মোদী

By PTI

Published : Dec 30, 2023, 8:55 AM IST

ULFA Peace Deal: নতুন দিল্লীত শুকুৰবাৰে আলফা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হয় ঐতিহাসিক শান্তি চুক্তি ৷ এই চুক্তিখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ অসমৰ শান্তি আৰু উন্নয়নৰ দিশত এই দিনটো এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ।

ULFA Peace Deal
প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ:আলফা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শুকুৰবাৰে নতুন দিল্লীত স্বাক্ষৰিত হয় বহু প্ৰত্যাশিত শান্তিচুক্তি ৷ আলফাৰ সৈতে কেন্দ্ৰীয় আৰু অসম চৰকাৰে স্বাক্ষৰিত কৰা ত্ৰিপাক্ষিক শান্তি চুক্তিক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তেওঁ কয় যে, এই চুক্তিয়ে ৰাজ্যখনৰ স্থায়ী অগ্ৰগতিৰ বাট মুকলি কৰিছে ।

উল্লেখ্য যে, আলফাৰ আলোচনাপন্থী ফৈদে শুকুৰবাৰে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি হিংসা পৰিহাৰ, সকলো অস্ত্ৰ আত্মসমৰ্পণ, সংগঠন ভংগ কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত যোগদান কৰিবলৈ সন্মত হয় । এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই দিনটো অসমবাসীৰ বাবে সোণালী দিৱস বুলি অভিহিত কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এই চুক্তি সন্দৰ্ভত কৰা এটা পোষ্ট টেগ কৰি মোদীয়ে কয়, "অসমৰ শান্তি আৰু উন্নয়নৰ দিশত আজি দিনটো এক ঐতিহাসিক দিন । এই চুক্তিয়ে অসমৰ স্থায়ী অগ্ৰগতিৰ পথ প্ৰশস্ত কৰে ।" তেওঁ লগতে কয়, "এই এতিহাসিক কৃতিত্বৰ সৈতে জড়িত সকলোৰে প্ৰচেষ্টাৰ মই প্ৰশংসা কৰিছো । একেলগে সকলোৰে বাবে ঐক্য, বৃদ্ধি আৰু সমৃদ্ধিৰ ভৱিষ্যতৰ দিশত আগবাঢ়িছো ।"

"সাৰ্বভৌম অসম"ৰ দাবীত ১৯৭৯ চনত সংযুক্ত মুক্তি বাহিনী অসম (ULFA) গঠন কৰা হৈছিল । প্ৰথমাৱস্থাত আলফাৰ প্ৰতি অসমৰ ৰাইজৰ এক আবেগ আছিল ৷ তেতিয়াৰ পৰাই ই বিধ্বংসী কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছিল ৷ যাৰফলত ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে ইয়াক নিষিদ্ধ সংগঠন বুলি ঘোষণা কৰিছিল ৷

লগতে পঢ়ক:সুনিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী হ’ব শান্তিচুক্তি: অমিত শ্বাহ

ABOUT THE AUTHOR

...view details