অসম

assam

Pulwama encounter: পুলৱামা এনকাউণ্টাৰত তিনি সন্ত্ৰাসবাদী নিহত

By

Published : Jan 5, 2022, 1:13 PM IST

Updated : Jan 5, 2022, 3:44 PM IST

দক্ষিণ কাশ্মীৰৰ পুলৱামাত বুধবাৰে পুৱাই নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ (Encounter in Pulwama)। এনকাউণ্টাৰত নিহত তিনিটাকৈ সন্ত্ৰাসবাদী । মঙলবাৰে কুলগাম জিলাত সংঘটিত গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হৈছিল ।

Pulwama encounter
চান্দগামৰ এনকাউণ্টাৰত নিহত এটা সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক, ৫ জানুৱাৰী :দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Encounter in South Kashmir)। বুধবাৰে পুৱা পুনৰ এক সংঘৰ্ষৰ সূত্ৰপাত হয় । আৰক্ষীয়ে জনোৱা মতে পুলৱামাৰ চান্দগাম অঞ্চলত সংঘটিত হৈছে এই সংঘৰ্ষ (Encounter in Pulwama)।

নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰত ইতিমধ্যে এজন পাকিস্তানী লোকসহ তিনিটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে (Three militants killed in Pulwama encounter)। নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ আৰু আপত্তিজনৰ নথি পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । সম্প্ৰতি সমগ্ৰ অঞ্চলতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে ।

উল্লেখ্য যে, ২৪ ঘণ্টাৰ ভিতৰত এয়া দ্বিতীয়টো এনকাউণ্টাৰ । ইয়াৰ পূৰ্বে মঙলবাৰে কুলগাম জিলাত সংঘটিত গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হয় । জিলাখনৰ অকে গাঁৱত সংঘটিত হৈছিল এনকাউণ্টাৰটো । নিহত সন্ত্ৰাসবাদী কেইটা স্থানীয় এলইটি (LeT) সংগঠনৰ সদস্য বুলি আৰক্ষীয়ে জনাইছে ।

ইফালে ২০২২ চনৰ প্ৰথম পাঁচটা দিনত এতিয়ালৈ জম্মু-কাশ্মীৰত পঞ্চমটো গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । আটাইকেইটা এনকাউণ্টাৰত এতিয়ালৈ ৮টা সন্ত্ৰাসবাদী নিহত হৈছে । পাঁচটা গুলীচালনাৰ ভিতৰত শ্ৰীনগৰত যোৱা সোমবাৰে মাত্ৰ এঘণ্টাৰ ব্যৱধানত দুটাকৈ সংঘৰ্ষ হৈছিল ৷ আনহাতে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত এটা সংঘৰ্ষ হৈছিল আৰু দক্ষিণ কাশ্মীৰৰ কুলগাম আৰু পুলৱামা জিলাত শেহতীয়াকৈ দুটা এনকাউণ্টাৰৰ ঘটনা পোহৰলৈ আহিছে ।

লগতে পঢ়ক :Naxalites attack on former MLA : প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়কলৈ গুলীচালনা নক্সালবাদীৰ

Last Updated :Jan 5, 2022, 3:44 PM IST

ABOUT THE AUTHOR

...view details