অসম

assam

Omicron cases in India: সকলোকে সতৰ্ক আৰু সাৱধান হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

By

Published : Dec 24, 2021, 3:32 PM IST

India has 358 cases of Omicron
সকলোকে সতৰ্ক আৰু সাৱধান হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

দেশত অ'মিক্ৰণৰ ঘটনা ৩৮৫ লৈ বৃদ্ধি (Omicron infections have increased in India)। ক'ভিড পৰিস্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক কেন্দ্ৰীয় চৰকাৰৰ । বৈঠকত ক'ভিড ব্যৱস্থাপনা সম্পৰ্কে পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ । প্ৰতিখন ৰাজ্যক অ'মিক্ৰণৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ ।

নেশ্যনেল ডেস্ক,২৪ ডিচেম্বৰ :ভাৰতত ক'ভিডৰ অ'মিক্ৰণ প্ৰকাৰৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Omicron infections have increased in India)। এটা দিনতে দেশত ৮৪ গৰাকী অ'মিক্ৰণ ৰোগী চিনাক্ত হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ । বুধবাৰলৈকে এজন ৰোগী থকা তামিলনাডুত এটা দিনতে ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি ।

আনহাতে মহাৰাষ্ট্ৰত নতুনকৈ ২৩ গৰাকী, কৰ্ণাটকত ১২ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ নতুন প্ৰকাৰৰ অৱস্থিতি । লগতে গুজৰাট আৰু দিল্লীত ৭ গৰাকীকৈ লোক নতুনকৈ অ'মিক্ৰণৰ স্বীকাৰ হৈছে । ইয়াৰ লগে লগে দেশত অ'মিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ৩৫৮ লৈ বৃদ্ধি হৈছে (India has 358 cases of Omicron)।

অ'মিক্ৰণৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । স্বাস্থ্যখণ্ডৰ আন্ত:গাঁথনি আৰু ক'ভিড ব্যৱস্থাপনা সম্পৰ্কে এই শীৰ্ষ পৰ্যায়ৰ বৈঠকখন অনুষ্ঠিত হয় । বৈঠকত প্ৰধানমন্ত্ৰীয়ে ক'ভিড নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে জনস্বাস্থ্য সঁহাৰি ব্যৱস্থা, ঔষধ, অক্সিজেন চিলিণ্ডাৰ আৰু কনচেণ্ট্ৰেটৰ, ভেণ্টিলেটৰ, পিএছএ প্ৰকল্প, আইচিইউ বিচনা, মানৱ সম্পদ, তথ্য প্ৰযুক্তিৰ হস্তক্ষেপ আৰু টীকাকৰণৰ স্থিতি আদি বিষয়বোৰ পৰ্যালোচনা কৰে ।

শীৰ্ষ বিষয়াসকলে ক'ভিডৰ নতুন প্ৰকাৰৰ দ্বাৰা বিশ্বত কেনে প্ৰভাৱ পৰিছে বা টীকাকৰণ অভিযান চলি থকা দেশবোৰত ইয়াৰ সংক্ৰমণ কেনেকুৱা সেই বিষয়বোৰ প্ৰধানমন্ত্ৰীক অৱগত কৰে । আনহাতে প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক সকলো স্তৰতে সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ দিয়ে (PM Modi urges caution on Omicron)। ক'ভিড প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

আনহাতে অ'মিক্ৰণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সতৰ্ক আৰু সাৱধান হ'বলৈও প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান জনায় । তেওঁৰ মতে এতিয়াও মহামাৰীৰ বিৰুদ্ধে যুঁজ শেষ হোৱা নাই । সেয়ে জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়তে স্বাস্থ্য ব্যৱস্থাক অ'মিক্ৰণৰ যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ শক্তিশালী কৰি ৰাখিবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে । তেওঁ লগতে কয় যে প্ৰতিখন ৰাজ্যই অক্সিজেন যোগানৰ সঁজুলি স্থাপন কৰাৰ লগতে সকলো ক্ষেত্ৰতে সাজু হৈ থকাটো অতি প্ৰয়োজন ।

ৰাজ্যসমূহৰ ক'ভিড সম্পৰ্কীয় সকলো ব্যৱস্থা নিৰীক্ষণৰ বাবেও বিষয়াসকলক নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে । ইয়াৰ উপৰিও টেলিমেডিচিন আৰু টেলিকনচালটেশ্যনৰ বাবে তথ্য প্ৰযুক্তিৰ কাৰ্যকৰী ব্যৱহাৰৰ বাবেও বিষয়াসকলক প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । এই বৈঠকত দেশৰ ক'ভিড টীকাকৰণ অভিযানৰ অগ্ৰগতি সম্পৰ্কে প্ৰধানমন্ত্ৰীক অৱগত কৰে বিষয়াসকলে ।

জানিব পৰা মতে দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮৮ শতাংশ লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু ৬০ শতাংশতকৈও অধিক লোকে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । এই বৈঠকত কেবিনেট সচিব তথা নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ড০ ভি.কে.পল, গৃহ সচিব ৰাজেশ ভূষণ, সচিব (ফাৰ্মাচিউটিকেল) ড: ৰাজেশ গোখলে, সচিব (জৈৱ প্ৰযুক্তি) ড: বলৰাম ভাৰ্গৱ, আইচিএমআৰৰ ডিজি বৈদ্য ৰাজেশ কোটেচা, সচিব (আয়ুষ) দুৰ্গা শংকৰ মিশ্ৰ, সচিব (নগৰ উন্নয়ন) আৰ.এছ. শৰ্মা, ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা অধ্যাপক কে. বিজয় ৰাঘৱনৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Covid situation in India : প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আজি ক'ভিডৰ পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details