অসম

assam

Triple train crash in Odisha : মৃতদেহ চিনাক্তকৰণত আহিছে বাধা, DNA ৰ জৰিয়তে মৃতদেহ চিনাক্ত কৰা হ’ব

By

Published : Jun 4, 2023, 11:28 AM IST

Triple train crash in Odisha

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা হৈছে গৈ ২৮৮ ৷ বৰ্তমান সম্পন্ন হৈছে উদ্ধাৰ অভিযান (Triple train crash in Odisha)৷ বৰ্তমান মৃতদেহৰ পৰিচয় উদ্ধাৰ কৰাটো একপ্ৰকাৰে প্ৰত্যাহ্বানৰূপে দেখা দিছে ৷ সেয়ে প্ৰয়োজন অনুসৰি DNA পৰীক্ষাৰ জৰিয়তে কিছু কিছু মৃতদেহৰ চিনাক্ত কৰা হ’ব বুলি উল্লেখ কৰে ওড়িশাৰ এছ’চিয়েটেড প্ৰেছৰ সঞ্চালক সুধনছু সাৰংগীয়ে (Challenge now is identifying bodies) ৷

নেশ্যনেল ডেস্ক, ৪ জুন : শুকুৰবাৰে বালাচোৰৰ ট্ৰিপল ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য (Triple train crash in Odisha) ৷ শেহতীয়াকৈ জানিব পৰা মতে, এই ৰে’ল দুৰ্ঘটনাত ইতিমধ্যে মৃত্যু হৈছে ২৮৮ জন লোকৰ । প্ৰশাসনৰ ফালৰ পৰা জনোৱা মতে, যাত্ৰীবাহী ৰে’লৰ ক্ষতিগ্ৰস্ত ডবাবোৰৰ পৰা ৪৪ জন যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ বিপৰীতে সেই একেটা স্থানৰ পৰা একে সময়তে ১১২ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা হৈছে গৈ ২৮৮

ইফালে, শনিবাৰে ৰে’ল মন্ত্ৰালয়ৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কয় যে এই দুৰ্ঘটনাৰ বাবে মুঠ ৫৮ খন ৰে’ল বাতিল কৰা হৈছে (Odisha train tragedy)। ইয়াৰ ৮১ খন ৰে’লৰ পথ সলনি কৰা হৈছে । ১০ খন ৰে’লৰ চলাচল বন্ধ কৰা হৈছে ৷

আনহাতে, ওড়িশাৰ এছ’চিয়েটেড প্ৰেছৰ সঞ্চালক সুধনছু সাৰংগীয়ে (Sudhanshu Sarangi, director of Associated Press) কয়, ‘‘নিশা ১০ বজাৰ ভিতৰত (শুকুৰবাৰ) আমি জীৱিতসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলো । তাৰ পিচত মৃতদেহবোৰ উদ্ধাৰ কৰা হৈছিল । মোৰ কেৰিয়াৰত এইটোৱে প্ৰথম ঘটনা’’ ৷

ওড়িশাৰ ৰে’ল দুৰ্ঘটনা

তেওঁ কয়, ‘‘বৰ্তমানো বহু মৃতদেহৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ দেহৰ গঠনৰ ওপৰত ভিত্তি কৰি কিছু মৃতদেহৰ পৰিচয় ওলোৱাটো সম্ভৱ নহয় ৷ একপ্ৰকাৰে মৃতদেহৰ পৰিচয় উদ্ধাৰ কৰাটো একপ্ৰকাৰে প্ৰত্যাহ্বান ৰূপে দেখা দিছে ৷ সেয়ে প্ৰয়োজন অনুসৰি DNA পৰীক্ষাৰা জৰিয়তে কিছু কিছু মৃতদেহৰ চিনাক্ত কাৰ হ’ব’’ (Challenge now is identifying bodies) ৷

লগতে পঢ়ক :Odisha train accident : গাইছাল ৰে’ল দুৰ্ঘটনাৰ ভয়াৱহতাৰ বহু স্মৃতি সুঁৱৰি আজিও আৱেগিক পিন্টু ৰায়

তেওঁ আৰু কয়, ‘‘শুকুৰবাৰৰ পৰা শনিবাৰে পুৱালৈকে প্ৰায় ২৮০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । বৰ্তমান উদ্ধাৰ অভিযানৰ কাম সম্পূৰ্ণ হৈছে । শেহতীয়া খবৰ অনুসৰি বৰ্তমানলৈকে ২৮৮ জনৰ মৃত্যু হৈছে ৷ ৰে’ল কৰ্তৃপক্ষই ট্ৰেক মেৰামতিৰ বাবে ধ্বংসাৱশেষসমূহ আঁতৰাবলৈ আৰম্ভ কৰিছে’’ ৷

বালাচোৰৰ ট্ৰিপল ৰে’ল দুৰ্ঘটনা

ওড়িশা চৰকাৰে উল্লেখ কৰা অনুসৰি, এই উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ ৭ টা দল, ওড়িশা দুৰ্যোগ ৰেপিড একচন বাহিনী (অ’ডিআৰএফ) ৰ পাঁচটা ইউনিট আৰু অগ্নিনিৰ্বাপক বাহিনীৰ ২৪ টা আৰু জৰুৰীকালীন ইউনিট জড়িত হৈ আছে ।

মৃত আৰু আহতসকলক উদ্ধাৰ কৰিবলৈ ভাৰতীয় বায়ুসেনাই মি-১৭ হেলিকপ্টাৰ নিয়োগ কৰিছে । ইষ্টাৰ্ণ কমাণ্ডৰ মতে, উদ্ধাৰ অভিযানত সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ আই এ এফ সাজু আৰু অসামৰিক প্ৰশাসন আৰু ভাৰতীয় ৰে’লৱেৰ সৈতে অহৰহ যোগাযোগত আছে ।

লগতে পঢ়ক :Triple train crash in Odisha : আহত যাত্ৰীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ

ABOUT THE AUTHOR

...view details