ETV Bharat / bharat

চৰণেহে জানে মৰণৰ ঠাই; ভোটগ্ৰহণ কেন্দ্ৰতে মৃত্যু ৮০ বছৰীয়া বৃদ্ধৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 2:26 PM IST

Lok Sabha Election 2024 : দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত চলি থকা ৰাজস্থানৰ এটা ভোটকেন্দ্ৰত ভোটদান দিবলৈ আহি এজন বৃদ্ধ লোকৰ মৃত্যু হয় । ইফালে বেংগালুৰুৰ এটা ভোটকেন্দ্ৰত ভোট দিবলৈ অহা এগৰাকী মহিলাৰ হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ পৰে ৷

বেংগালুৰুৰ এটা ভোটকেন্দ্ৰত সংঘটিত হয় আন এক অঘটন

নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল : দেশৰ ১৩ খন ৰাজ্যৰ ৮৮ টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৰাজস্থানৰ ১৩ খন লোকসভা আসনৰ বাবে আজি ভোটগ্ৰহণ হৈছে । দ্বিতীয় পৰ্যায়ত আজি টংক-ছাৱাই মাধোপুৰ, আজমেৰ, পালি, যোধপুৰ, বৰমেৰ, জালৌৰ, উদয়পুৰ, বাসনৱাড়া, চিত্তৰগড়, ৰাজসামন্দ, ভিলৱাৰা, কোটা আৰু ঝলাৱাৰ-বৰাণ লোকসভাৰ আসনত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব । দ্বিতীয় পৰ্যায়ত ২.৮০ কোটিৰো অধিক ভোটাৰে ১৩ খন আসনত ১৫২ জন প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব ।

লোকসভা নিৰ্বাচনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ভিলৱাৰা চহৰৰ সমীপৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় এক অঘটন ৷ পুৱাই ভোটদান কৰিবলৈ বহু ভোটাৰৰ লগতে উক্ত ভোটকেন্দ্ৰটোলৈ আহিছিল এগৰাকী ৮০ বছৰীয়া বৃদ্ধ ৷

নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাচতে হঠাৎ মৃত্যু হয় ৮০ বছৰীয়া বৃদ্ধগৰাকীৰ । বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, ৰাজস্থান আৰক্ষীয়ে মৃত বৃদ্ধ লোকজনৰ মৃতদেহ মৰ্চাৰীত ৰখা হৈছে । অৱশ্যে বৃদ্ধজনৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই ।

বিজেপি নেতা এগৰাকীয়ে এই সন্দৰ্ভত কয় যে ভিলৱাৰা চহৰৰ সমীপত অৱস্থিত পুৰ চহৰৰ উপকণ্ঠ অঞ্চল ছিপাৰ ৭ নম্বৰ নোহৰা ভোটকেন্দ্ৰত উপস্থিত হৈছিল ৮০ বছৰীয়া বৃদ্ধগৰাকী । আনকি ভোটগ্ৰহণ কেন্দ্ৰটোত শাৰী পাতি থিয় হৈ সাব্যস্ত কৰে ভোটদান । কিন্তু হঠাৎ ভোটকেন্দ্ৰ চৌহদতে মূৰ্ছা যায় হয় ৮০ বছৰীয়া বৃদ্ধগৰাকী ।

ইয়াৰ পাচত ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত থকা লোকসকলে লগে লগে বৃদ্ধজনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আৰক্ষীয়ে বুঢ়াজনৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰ্চাৰীত ৰাখিছে ।

ইফালে বেংগালুৰুৰ এটা ভোটকেন্দ্ৰত সংঘটিত হয় আন এক অঘটন ৷ ভোট দিবলৈ অহা এগৰাকী মহিলাৰ হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ পৰে ৷ তাৰ পাচতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিন্তু সেই সময়তে একেটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় এজন চিকিৎসক ৷ তাৰ পাচতে ডাঃ নাৰায়ণ হেল্থ চিটি চেণ্টাৰৰ কিডনী স্পেচিয়েলিষ্ট ডাঃ গণেশ শ্ৰীনিবাস প্ৰসাদে চিকিৎসালয়ত ভৰ্তি কৰায় ৷

Rajasthanv Lok Sabha election 2024 elderly man dies at polling booth in Bhilwara

ডাক্তৰ গণেশ শ্ৰীনিবাসে কয়, ‘‘পৰি থকা মহিলাগৰাকীক দেখি মই সহায় কৰিবলৈ দৌৰি আহিলো । তাইৰ নাৰ্ভ পৰীক্ষা কৰিলো ৷ চকু দুটা পৰীক্ষা কৰিও কোনো সঁহাৰি নাপালো । তেওঁৰ শৰীৰত কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল আৰু শ্বাসৰুদ্ধ হৈ পৰিছিল । লগে লগে চিপিআৰ কৰিলো আৰু তাৰ পাচতে তাইৰ অৱস্থা কিছু সুস্থ হ’ল । তাৰ পাচতে কোনো পলম নকৰি এখন এম্বুলেন্স মাতি আনি চিকিৎসালয়লৈ লৈ যোৱা হয় মহিলাগৰাকীক । যদি পলম হ’ল হয়, তেন্তে মহিলাগৰাকীক হেৰুৱাৰ সম্ভাৱনাই যথেষ্ট আছিল ।’’

লগতে পঢ়ক : কোন কোন হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ ভাগ্য আজি বন্দী হ’ব ই ভি এমত? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.