ETV Bharat / bharat

কংগ্ৰেছ নেতা শশী থাৰুৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাব্যস্ত কৰিলে ভোটাধিকাৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 2:23 PM IST

Lok sabha Election: পুৱা 7 বজাৰ পৰা দেশৰ 88 টা সমষ্টিৰ বাবে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ বহুকেইগৰাকী হেভীৱেট ৰাজনৈতিক নেতাৰ আজি ভাগ্য বন্দী হ’ব ই ভি এমত ৷

কংগ্ৰেছ নেতা শশী থাৰুৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাব্যস্ত কৰিলে ভোট

নেশ্যনেল ডেস্ক, 26 এপ্ৰিল: শুকুৰবাৰৰ পুৱাৰে পৰা দেশৰ বিভিন্ন সমষ্টিৰ বাবে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বহুকেইগৰাকী হেভীৱেট ৰাজনৈতিক নেতাৰ লগতে তাৰকাও ৷ আজি ভোটাৰে ই ভিএমত বন্দী কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেতা শশী থাৰুৰ, বিজেপিৰ হেমা মালিনী, অৰুণ গোভিলৰ দৰে ৰাজনৈতিক প্ৰাৰ্থীৰ ভাগ্য ।

আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত কেবাগৰাকীও প্ৰাৰ্থী তথা হেভীৱেট ৰাজনৈতিক নেতাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে ৷ কংগ্ৰেছ নেতা শশী থাৰুৰৰ লগতে ৰাজস্থানৰ কোটাৰ পৰা দুবাৰকৈ বিজেপিৰ সাংসদ নিৰ্বাচিত হোৱা তথা লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো নিজা নিজা ভোটকেন্দ্ৰত আজি সাব্যস্ত কৰে ভোটাধিকাৰ ৷

উপৰোক্ত প্ৰাৰ্থীসকলৰ উপৰিও আজি তিৰুৱনন্তপুৰমৰ ৰাজনৈতিক খেলপথাৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু কংগ্ৰেছ নেতা শশী থাৰুৰৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা পোৱাৰ সম্ভাৱনা আছে ।

আজি দেশৰ 13 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88 খন আসনৰ বাবে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ নিৰ্বাচন অনুষ্ঠিত হৈছে কৰ্ণাটকৰ 14 খন আসন, ৰাজস্থানৰ 13 খন আসন, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ 8 খন আসন, মধ্যপ্ৰদেশৰ 7 খন আসন, অসম আৰু বিহাৰৰ 5 খন আসন, ছত্তীশগড় আৰু পশ্চিমবংগৰ তিনিখনকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰত এখনকৈ আসনৰ বাবে ।

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত 21 খন ৰাজ্যৰ 102 টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় 64% ভোটাৰে ভোটদান কৰিছিল ।

আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া 6 বজাত সমাপ্ত পৰিব ।

লগতে পঢ়ক: কোন কোন প্ৰাৰ্থীয়ে ক’ত ক’ত সাব্যস্ত কৰিলে ভোটাধিকাৰ ? - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.