অসম

assam

Another case of monkeypox in Delhi: দিল্লীত পুনৰ এজন মাঙ্কিপ'ক্সত আক্ৰান্ত

By

Published : Aug 2, 2022, 10:03 AM IST

দিল্লীত পুনৰ এজন আক্ৰান্ত মাঙ্কিপ'ক্সত
Nigerian man tests positive for monkeypox ()

দিল্লীবাসী এগৰাকী নাইজেৰিয়া মূলৰ লোকৰ দেহত ধৰা পৰিছে মাঙ্কিপক্সৰ উপস্থিতি (Second Monkeypox patient in Delhi)৷ ৩৫ বছৰীয়া নাইজেৰিয়ান লোকজনৰ দেহত সোমবাৰে ধৰা পৰিছে মাঙ্কিপ’ক্সৰ উপস্থিতি ।

নেশ্যনেল ডেস্ক, 2 আগষ্ট: দিল্লীবাসী এগৰাকী নাইজেৰিয়া মূলৰ লোকৰ দেহত শেহতীয়াভাৱে ধৰা পৰিছে মাঙ্কি'পক্সৰ উপস্থিতি ৷ দিল্লীত বাস কৰা আৰু শেহতীয়াকৈ বিদেশ ভ্ৰমণৰ কোনো ইতিহাস নথকা এজন ৩৫ বছৰীয়া নাইজেৰিয়ান লোকৰ দেহত মাঙ্কিপ’ক্সৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰ পিছতে দেশখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৬ জনলৈ । দিল্লীত এইয়া দ্বিতীয়টো মাঙ্কিপ’ক্স সংক্ৰমণৰ ঘটনা(Delhis second Monkeypox patient)। আক্ৰান্তগৰাকীৰ বিদেশ বা স্থানীয় ভ্ৰমণৰ কোনো শেহতীয়া ইতিহাস পোৱা নাই বুলি সংবাদ সংস্থা পিটিআইয়ে জনায় ।

নাইজেৰিয়াৰ নাগৰিকগৰাকীক বৰ্তমান চিকিৎসাৰ বাবে দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত ন’ডেল হাস্পতালত ভৰ্তি কৰোৱা হৈছে । দেহত মাঙ্কিপ’ক্সৰ উপস্থিতি ধৰা পৰাৰ পূৰ্বে পাঁচদিন ধৰি নাগৰিকগৰাকী ফোঁহা আৰু জ্বৰত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে । তেওঁৰ তেজৰ নমুনা পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ প্ৰেৰণ কৰা হয় আৰু ইয়াৰ পিছতে সোমবাৰে সন্ধিয়া অহা প্ৰতিবেদনত নাইজেৰিয়া মূলৰ নাগৰিকগৰাকীৰ দেহত মাঙ্কিপ’ক্সৰ উপস্থিতি ধৰা পৰে বুলি এক চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ৷

আফ্ৰিকান মূলৰ দুগৰাকী সন্দেহযুক্ত ৰোগীকো মাঙ্কিপ’ক্সৰ সন্দেহত এল এন জে পি হাস্পতালত ভৰ্তি কৰোৱা হৈছে(Two suspected patients of monkeypox admitted to the LNJP Hospital)।

লগতে পঢ়ক:First Monkeypox patient cured in India: মাংকিপক্সৰ পৰা আৰোগ্য লাভ ভাৰতৰ প্ৰথমগৰাকী ৰোগীৰ

ABOUT THE AUTHOR

...view details