অসম

assam

পাটনাত মাওবাদী নেতাৰ কেইবাটাও স্থানত NIA ৰ অভিযান

By

Published : Sep 2, 2022, 12:23 PM IST

বিহাৰত বিজয় আৰ্যৰ বিৰুদ্ধে মুঠ ১২ টা অপৰাধমূলক গোচৰ চলি আছে আৰু তেওঁৰ মূৰৰ ওপৰত ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে (NIA raids on maoist central committee member) ।

NIA
NIA

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ :পাটনাত মাওবাদীৰ শীৰ্ষ নেতা বিজয় আৰ্যৰ কেইবাটাও স্থানত একেসময়তে NIA ৰ অভিযান (NIA raided several places in Patna) । লগতে পাটনাৰ শাস্ত্ৰীনগৰত অৱস্থিত এজি কলনীত আৰ্যৰ পুত্ৰৰ বাসগৃহতো অভিযান চলায় । পৰিদৰ্শক মুকেশ কুমাৰ সিনহাৰ তত্বাৱধানত চলে এই অভিযান (Maoist top leader Vijay Arya) ।

ঔৰঙ্গাবাদৰ গোহৰ মহেশ পৰাচীত অৱস্থিত বিজয় আৰ্যৰ কন্যা শোভা কুমাৰীৰ ঘৰতো অভিযান চলোৱা হয় । ইয়াৰ উপৰি গয়া জিলাৰ কোচ আৰক্ষী থানাৰ অন্তৰ্গত কাৰ্ভা গাঁৱতো অভিযান চলায় । NIA ই শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা একেলগে তিনিটা স্থানত অভিযান চলাই আছে (NIA raids Maoist top leader Vijay Arya) ।

উল্লেখ্য, আৰ্য হৈছে গয়া জিলাৰ কঞ্চ অঞ্চলৰ অন্তৰ্গত কৰ্মা গাঁৱৰ বাসিন্দা । তেওঁ মগধ বিশ্ববিদ্যালয়ৰ (Magadh University) পৰা অৰ্থনীতিত স্নাতকোত্তৰ । প্ৰথমতে তেওঁ এজন ৰাজনৈতিক কৰ্মী আছিল । তাৰ পিছত বাঁওপন্থী উগ্ৰবাদৰ প্ৰতি আকৰ্ষিত হয় (Left wing extremism) । আৰ্যই সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ আগতে অস্থায়ী প্ৰবক্তা হিচাপেও কাম কৰিছিল । তেওঁ মাওবাদী কমিউনিষ্ট চেণ্টাৰ অব ইণ্ডিয়াত (Maoist Communist Centre of India) যোগদান কৰে আৰু ৰণবীৰ সেনাৰ (Ranvir Sena) সৈতে সশস্ত্ৰ সংঘৰ্ষৰ নেতৃত্ব দিয়ে ।

এমচিচিআইৰ ছুপ্ৰিমো সাগৰ চেটাৰ্জীৰ এনকাউণ্টাৰত (MCCI supremo Sagar Chatterjee encounter) মৃত্যু হোৱাৰ পিছত আৰক্ষীয়ে গাঁওখনত অভিযান চলাই আৰ্যৰ ঘৰ ধ্বংস কৰে। তাৰ পিছতে আৰ্যই আত্মগোপন কৰে । ২০০৪ চনত চিপিআই (মাওবাদী) গঠন হোৱাৰ পিছত তেওঁ দলটোত যোগদান কৰে আৰু মাওবাদী মতাদৰ্শ বিয়পাবলৈ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আৰু অবিভক্ত অন্ধ্ৰপ্ৰদেশত সক্ৰিয় হৈ পৰে (spread Maoist ideologies) ।

আৰ্যক জছপালজী ওৰফে অমৰ নামেৰেও জনা যায় । তেওঁ গণ সংগঠন (Sucomo)ৰ দলৰ সৰ্বভাৰতীয় উপ-সমিতিৰ অধ্যক্ষ আছিল । তেওঁক ২০১১ চনৰ ১ মে'ত বিশেষ টাস্ক ফ'ৰ্চ আৰু বিহাৰ আৰক্ষীৰ দলে কাটিহাৰ জিলাৰ বৰছোই খণ্ডৰ অন্তৰ্গত এখন গাঁৱৰ পৰা চিপিআই (মাওবাদী) জাণ্টু মুখাৰ্জী আৰু বাৰাণসী সুব্ৰমণিয়াম নামৰ আন দুজন কেন্দ্ৰীয় সমিতিৰ সদস্যৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল । বিহাৰত তেওঁৰ বিৰুদ্ধে মুঠ ১২ টা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে আৰু তেওঁৰ মূৰৰ ওৰত ৩ লাখ টকা মূল্যক পুৰস্কাৰ ঘোষণা কৰা আছে (NIA raids on maoist central committee member) ।

লগতে পঢ়ক :দিল্লীত চি বি আইৰ আইনী উপদেষ্টাৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details