ETV Bharat / bharat

দিল্লীত চি বি আইৰ আইনী উপদেষ্টাৰ আত্মহত্যা

author img

By

Published : Sep 2, 2022, 9:40 AM IST

বৃহস্পতিবাৰে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চি বি আইৰ এজন আইনী উপদেষ্টাৰ আত্মহত্যা (CBI legal advisor commits suicide)। চিবিআইত উপ-আইনী উপদেষ্টা হিচাপে নিযুক্ত কুমাৰক হুডকো প্লেচস্থিত নিজৰ ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ।

CBI legal advisor commits suicide in Delhi
দিল্লীত চি বি আইৰ আইনী উপদেষ্টাৰ আত্মহত্যা

নেশ্যনেল ডেস্ক, 2 চেপ্টেম্বৰ: বৃহস্পতিবাৰে দক্ষিণ দিল্লীৰ নিজা বাসগৃহত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চি বি আইৰ এজন উপ-আইনী উপদেষ্টাই আত্মহত্যা কৰাৰ বাতৰি পোহৰলৈ আহিছে (CBI legal advisor commits suicide)। নিহত লোকজন ৪৮ বছৰীয়া জিতেন্দ্ৰ কুমাৰ বুলি জানিব পৰা গৈছে । চিবিআইত তেওঁক উপ-আইনী উপদেষ্টা হিচাপে নিযুক্ত হৈ আছিল ।

দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ডিফেন্স কলনী আৰক্ষী থানাক বৃহস্পতিবাৰে পুৱা প্ৰায় ৬.৪৫ বজাত এজন লোকে চিপ লৈ থকাৰ খবৰটো ফোনযোগে অৱগত কৰিছিল ৷ ইয়াৰ পাছতে ফৰেনছিকৰ এটা দলৰ লগতে আৰক্ষীৰ অপৰাধ অনুসন্ধানকাৰীৰ দল সেই স্থানত উপস্থিত হয় ।

চিবিআইত উপ-আইনী উপদেষ্টা হিচাপে নিযুক্ত কুমাৰক হুডকো প্লেচস্থিত নিজৰ ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় । তেওঁৰ প্ৰকৃত ঘৰ হিমাচল প্ৰদেশৰ মন্দি জিলাত বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত এখন চুইচাইড নোটো উদ্ধাৰ কৰা হৈছে য’ত লিখা আছিল যে তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়, জনালে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে ।

তেওঁৰ পত্নী জ্যোতি মন্দি জিলাত আৰু ভাতৃ ৰাজেন্দৰ চণ্ডীগড়ত থাকে । ঘটনাস্থলীত উপস্থিত চিবিআইৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও দিল্লী আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত কৰিছে আলোচনা । বৰ্তমান মৃতদেহটো মৰ্গলৈ স্থানান্তৰ কৰা হৈছে আৰু আজি মৰণোত্তৰ পৰীক্ষা কৰা হ’ব ।

লগতে পঢ়ক: চিপ লগা অৱস্থাত উদ্ধাৰ একেটা পৰিয়ালৰ 6 গৰাকী লোকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.