অসম

assam

Drugs dispose: অমিত শ্বাহৰ উপস্থিতিত নিষ্কাশন কৰিব ৩০ হাজাৰ কিঃগ্ৰাঃৰো অধিক ড্ৰাগছ

By

Published : Jul 30, 2022, 4:15 PM IST

ncb to dispose off over 30000 kg drugs in presence of hm amit shah
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নিষ্কাশন কৰিব ৩০০০০কিঃগ্ৰাঃ ৰো অধিক ড্ৰাগছ ()

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন ড্ৰাগছ এনফৰ্চমেণ্ট এজেঞ্চী সকলোৰে উপস্থিতিত প্ৰথমবাৰৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা নিচাজাতীয় দ্ৰব্য নিষ্কাশন কৰা হ'ব(NCB to dispose off over 30000 kg drugs) । নাৰ্কোটিক্স কণ্ট্ৰল ব্যুৰ'(Narcotics Control Bureau)ৰ এটা দলে নিষ্কাশন কৰিব জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনি ।

নেশ্যনেল ডেস্ক,৩০ জুলাই:'ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা'(Drug Trafficking and National Security) সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন চলি থকাৰ সময়চোৱাতে শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাৰ্চুৱেল উপস্থিতিত সমগ্ৰ দেশৰ চাৰিটা পৃথক স্থানত NCB(Narcotics Control Bureau) ৰ দলে নিষ্কাশন কৰিব ৩০,০০০ কিলোগ্ৰামৰো অধিক ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী(NCB to dispose off over 30000 kg drugs) । শ্বাহে চণ্ডিগড়ত এক ভিডিঅ' কনফাৰেন্সযোগে উক্ত অনুষ্ঠানটোত সম্বোধন কৰিব ।

অনুষ্ঠানটোত হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী, চণ্ডীগড়ৰ প্ৰশাসক, বিএছএফ, এনআইএ আৰু এনচিবিৰ বিষয়াসকলৰ লগতে সংশ্লিষ্ট ৰাজ্যসমূহৰ এএনটিএফৰ মুৰব্বী আৰু এনচিআৰডিৰ সদস্যসকলও সন্মিলনত উপস্থিত থাকিব । এনেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী,বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন ড্ৰাগছ এনফৰ্চমেণ্ট এজেঞ্চী সকলো একেখন মঞ্চত উপস্থিত থকা প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন হিচাপে বিবেচিত হৈছে । NCB দলে ঔষধবোৰ নিষ্কাশন কৰিব লগীয়া চাৰিটা স্থানৰ ভিতৰত আছে দিল্লীত ১৯,৩২০ কিলোগ্ৰাম ড্ৰাগছ, চেন্নাইত ১,৩০৯.৪০ কিলোগ্ৰাম, গুৱাহাটীত ৬,৭৬১.৬৩ কিলোগ্ৰাম ড্ৰাগছ আৰু কলকাতাত ৩,০৭৭.৭৫ কিলোগ্ৰাম ।

মুঠতে NCB দলে ৩০,০০০ কিলোগ্ৰামৰো অধিক ড্ৰাগছ ধ্বংস কৰিব । NCBয়ে স্বাধীনতাৰ ৭৫ বছৰত ৭৫,০০০ কিলোগ্ৰাম ঔষধ ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি লৈছে । NCBয়ে এই বছৰৰ ১ জুনত ঔষধ নিষ্কাশন অভিযান আৰম্ভ কৰিছিল । ২৯ জুলাইলৈকে ১১ খন বিভিন্ন ৰাজ্যত NCB দলে প্ৰায় ৫১,০০০ কিলোগ্ৰাম ড্ৰাগছ নিষ্কাশন কৰিছে । শনিবাৰে ৩০,৪৬৮.৭৮ কিলোগ্ৰাম ড্ৰাগছ নিষ্কাশনৰ সৈতে, মুঠ ৮১,৬৮৬.৬২ কিলোগ্ৰাম ড্ৰাগছ নিষ্কাশন কৰা হ'ব ।

লগতে পঢ়ক:Encounter begins in JK : জম্মু কাশ্মীৰৰ বাৰামুলাত প্ৰচণ্ড গুলীয়াগুলী, সন্ত্ৰাসবাদী নিহত

ABOUT THE AUTHOR

...view details