অসম

assam

Sukma encounter: ছত্তীশগড়ৰ চুকমা জিলাত ডিআৰজি আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষত দুজন নক্সালবাদী নিহত

By

Published : May 8, 2023, 2:19 PM IST

চুকমাৰ ভেজাই অঞ্চলত ডিআৰজি জোৱান আৰু নক্সালবাদীৰ মাজত মুখামুখি সংঘৰ্ষত নিহত হৈছে দুজন নক্সালবাদী (encounter in Chhattisgarh) । বৰ্তমান অঞ্চলটোত অনুসন্ধান অভিযান চলি আছে (Encounter between DRG and Maoists in Bheji) ৷

Sukma encounter
ডিআৰজি আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 8 মে’ : আজি পুৱাই ছত্তীশগড়ৰ চুকমা জিলাত ডি আৰ জি আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । এই এনকাউণ্টাৰটোত এগৰাকী মহিলাকে ধৰি দুজন নক্সালবাদী নিহত হয় । ডি আৰ জিৰ জোৱানসকলে ভেজাই অঞ্চলত তালাচী চলাই থকা সময়তে নক্সালবাদীয়ে গুলীচালনা আৰম্ভ কৰিছিল । জোৱানৰ প্রতিশোধমূলক কার্যত দুজন মাওবাদী নিহত হয় (Chhattisgarh news) ৷

ডিআৰজিৰ জোৱান আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষৰ কথা নিশ্চিত কৰিছে সুকমাৰ এছ পি সুনীল শৰ্মাই (encounter with drg in Sukma)। জিলাখনৰ ধনতেৰাছ পুৰমৰ বনাঞ্চলত গোল্লাপল্লী এল অ’ এছৰ কমাণ্ডাৰ মদকাম এৰাকে ধৰি অন্যান্য নক্সালবাদীৰ উপস্থিতিৰ খবৰ পোৱা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে । এই তথ্যৰ ভিত্তিত এই অভিযানৰ বাবে ডি আৰ জি, কোব্ৰা, চি আৰ পি এফ আৰু নিৰাপত্তা বাহিনীৰ যুটীয়া দল এটা দন্তেশপুৰাম অভিমুখে প্ৰেৰণ কৰা হয় । উক্ত স্থানত যৌথ দলটোৱে তালাচী চলায় । তালাচী চলাই উভতি অহাৰ সময়তে নক্সালবাদীয়ে ডি আৰ জি দলটোক এম্বুছ কৰি উত্তেজিতভাৱে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ।

গুলীচালনাৰ প্ৰত্যুত্তৰ জনাই ডি আৰ জিৰ জোৱানসকলেও নক্সালবাদীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে । ডি আৰ জিৰ জোৱানৰ গুলীবৰ্ষণ দেখি নক্সালবাদীসকল ঘন অৰণ্যৰ মাজলৈ পলায়ন কৰে । এই এনকাউণ্টাৰটোত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছে দুজন নক্সালবাদী । অঞ্চলটোত তালাচী চলোৱাৰ অন্তত দুয়োজন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে জোৱানসকলে (Sukma district of chhattisgarh) ।

নিহত মাওবাদী কেইজন মাদকাম এৰা, গোলাপল্লী এলঅ'এছ কমাণ্ডাৰ বুলি চিনাক্ত কৰা হৈছিল (Naxalites killed in encounter)। ছত্তীশগড় চৰকাৰে তেওঁৰ ওপৰত ৮ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । পোডিয়াম ভিম নামৰ মহিলাগৰাকীক এলঅ'এছ সদস্য হিচাপে চিনাক্ত কৰা হৈছে । ইয়াৰ উপৰিও, নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলাবাৰুদ আৰু নক্সাল সামগ্ৰী উদ্ধাৰ কৰিছে । ঘটনাস্থলীত বৰ্তমানেও এটা পুংখানুপুংখ অনুসন্ধান চলি আছে ।

লগতে পঢ়ক :Tanur boat accident update : কেৰালাৰ নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ ১৪ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details