অসম

assam

PM Mann ki Baat: মন কী বাতত মণিপুৰৰ বিষয়ক মৌন প্ৰধানমন্ত্ৰী, বিৰোধীৰ সমালোচনা

By

Published : Jun 18, 2023, 8:04 PM IST

দেওবাৰে মন কি বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিষয় উল্লেখ কৰিছে যদিও মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কোনো কথাই উল্লেখ নকৰিলে । যাৰ বাবে কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী সংগঠনে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰে ।

PM Mann ki Bat
মন কী বাতত মণিপুৰৰ বিষয়ক মৌন প্ৰধানমন্ত্ৰী

নেশ্যনেল ডেস্ক, ১৮ জুন :মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ নীৰৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ! আনকি দেওবাৰে মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এবাৰ মণিপুৰৰ বিষয় উল্লেখ নকৰিলে । যাৰ বাবে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভিত হৈছে বিৰোধী কংগ্ৰেছ । মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰাৰ বাবে কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক টুইটযোগে কয় যে, আন এটা মন কী বাতত মণিপুৰৰ ওপৰত মৌনতা অৱলম্বন । দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে । কিন্তু মণিপুৰে সন্মুখীন হোৱা মানৱীয় দুৰ্যোগৰ বিষয়ে কি হ'ব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে । আনকি শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কোনো আহ্বান জনোৱা নাই বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে । পিএম-কেয়াৰ্ছ ফাণ্ড আছে কিন্তু প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ প্ৰতি কোনো ব্যৱস্থা নোলোৱাটো ডাঙৰ প্ৰশ্ন বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে ।

তৃণমূল কংগ্ৰেছেও প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কয় যে, এতিয়া মণিপুৰ কি বাতৰ সময় । টিএমচি লোকসভাৰ সদস্য মহুয়া মৈত্ৰাই এক টুইটযোগে কয় যে এতিয়া মণিপুৰৰ কিছুমান কথাৰ বাবে মন কি বাত হ'ব লাগিছিল ।

উল্লেখ্য যে, মণিপুৰত সংঘৰ্ষ অব্যাহত আছে । বিভিন্ন স্থানত নতুনকৈ হিংসা আৰম্ভ হৈছে । ইয়াৰ মাজতে ভাৰতীয় সেনাই শনিবাৰে নিশা মণিপুৰৰ ৰাজধানী ইম্ফলৰ হিংসা প্ৰভাৱিত অঞ্চলসমূহত ফ্লেগ মাৰ্চ কৰে । ইফালে প্ৰায় এমাহ ধৰি চলি থকা হিংসাত্মক ঘটনাত এতিয়ালৈ ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছে । মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষৰ পাছতে সমগ্ৰ ৰাজ্যখনতে হিংসা বিয়পি পৰিছে ।

শেহতীয়াকৈ ৰাজ্যখনৰ বহু বিজেপি নেতাৰ বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ কৰিছে । বহু লোকৰ বাসগৃহ জ্বলাই দিয়া হৈছে । এনে ক্ষেত্ৰত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Mann Ki Baat : দেশৰ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details