অসম

assam

NCP National Executive meeting : দিল্লীত শৰদ পাৱাৰ, আৰম্ভ এনচিপিৰ দুয়োটা ফৈদৰ পোষ্টাৰ ৰাজনীতি

By

Published : Jul 6, 2023, 1:04 PM IST

মুম্বাইৰ এনচিপি কাৰ্যালয়ত শৰদ পাৱাৰ আৰু সুপ্ৰিয়া চুলেৰ নতুন পোষ্টাৰ । নতুন দিল্লীত পৌৰ পৰিষদে এনচিপি কাৰ্যালয়ৰ ওচৰৰ মৌলানা আজাদ ৰোড চাৰ্কল আৰু জনপথ চক্ৰৰ পৰা এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ পোষ্টাৰ আৰু হৰ্ডিং আঁতৰোৱা হৈছে ।

NCP National Executive meeting
আৰম্ভ এনচিপিৰ দুয়োটা ফৈদৰ পোষ্টাৰ ৰাজনীতি

নেশ্যনেল ডেস্ক,৬ জুলাই :এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে বৃহস্পতিবাৰে পুৱাই দিল্লীলৈ ৰাওনা হয় । য'ত তেওঁ দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব । ইফালে মহাৰাষ্ট্ৰত এনচিপি বিদ্ৰোহৰ মাজতে শৰদ পাৱাৰ আৰু অজিত পাৱাৰে বুধবাৰে মুম্বাইত দুখন পৃথক দলীয় বৈঠক আহ্বান কৰিছিল । পাছত এনচিপি আৰু দলৰ প্ৰতীক দাবী কৰি অজিত পাৱাৰে ভাৰতীয় নিৰ্বাচন আয়োগত এখন আবেদন দাখিল কৰে ।

সূত্ৰৰ মতে আয়োগে বৰ্তমানৰ আইনী আন্তঃগাঁথনি অনুসৰি এনচিপিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব । ইচিআইয়ে এটা প্ৰস্তাৱ লাভ কৰিছে য'ত অজিত পাৱাৰক সৰ্বসন্মতিক্ৰমে এনচিপিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে । ইচিআইয়ে চিহ্ন আদেশ, ১৯৬৮-ৰ পেৰা ১৫-ৰ অধীনত ৩০ জুন তাৰিখ উল্লেখ থকা এখন আবেদনো লাভ কৰিছিল । য'ত সাংসদ, বিধায়ক, এমএলচিসকলৰ ৪০ খন শপতনামা আছিল ।

ইফালে, মুম্বাইৰ এনচিপি কাৰ্যালয়ত শৰদ পাৱাৰ আৰু সুপ্ৰিয়া চুলেৰ নতুন পোষ্টাৰ লগোৱা হৈছে । এনচিপিৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰ আৰু বিদ্ৰোহী বিধায়ক অজিত পাৱাৰৰ পুৰণি পোষ্টাৰবোৰ আঁতৰোৱা হৈছে । আনহাতে নতুন দিল্লীত পৌৰ পৰিষদে এনচিপি কাৰ্যালয়ৰ ওচৰৰ মৌলানা আজাদ ৰোড চাৰ্কল আৰু জনপথ চক্ৰৰ পৰা এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ পোষ্টাৰ আৰু হৰ্ডিং আঁতৰ কৰে ।

উল্লেখ্য যে দলৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ পাছতে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ ভিতৰত বিভাজনৰ সৃষ্টি হৈছিল । তাৰ পাছত এতিয়া দলটোৰ মাজত পোষ্টাৰ যুদ্ধ তীব্ৰতৰ হৈ পৰিছে ।

নেশ্যনেলিষ্ট ষ্টুডেণ্টছ কংগ্ৰেছে 'বাহুবলী - দ্য বিগিনিং' চলচ্চিত্ৰখনৰ এটা দৃশ্যৰ সৈতে এখন পোষ্টাৰ লগাইছে । সেই পোষ্টাৰত, 'কাটাপ্পা'ক 'বাহুবলী'ৰ পিছফালে চুৰি মাৰি থকা দেখুওৱা হৈছে । বৃহস্পতিবাৰে, দিল্লীত শৰদ পাৱাৰৰ ঘৰৰ বাহিৰত লগোৱা পোষ্টাৰত লিখা হৈছে "সত্য আৰু মিছাৰ যুঁজত সমগ্ৰ দেশ শৰদ পাৱাৰৰ সৈতে থিয় হৈ আছে" আৰু "ভাৰতৰ ইতিহাস এনেকুৱা যে ই কেতিয়াও প্ৰতাৰণা কৰা সকলক ক্ষমা কৰা নাই"। দিল্লী এনচিপি কাৰ্যালয়ৰ পৰা আকৌ অজিত পাৱাৰ আৰু প্ৰফুল পেটেলৰ ছবি থকা পোষ্টাৰবোৰ আঁতৰোৱা হৈছে ।

এনচিপিৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ উৰা মৰাৰ সময়তে অজিত পাৱাৰেও মুম্বাইত এনচিপিৰ মূল সমিতিৰ এখন বৈঠক আহ্বান কৰিছে । মহাৰাষ্ট্ৰ কংগ্ৰেছেও বৃহস্পতিবাৰে মুম্বাইত কংগ্ৰেছৰ মূল সমিতিৰ এখন বৈঠক আহ্বান কৰিছে । বৈঠকখনৰ সভাপতিত্ব কৰিব কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নানা পাটোলে । বৈঠকত বিৰোধী নেতা, ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :ECI to referee NCP vs NCP : দলৰ নাম আৰু প্ৰতীকৰ দাবীৰে নিৰ্বাচন আয়োগক আবেদন অজিত পাৱাৰৰ

ABOUT THE AUTHOR

...view details