অসম

assam

LPG prices hike : পুনৰ বৃদ্ধি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

By

Published : May 7, 2022, 2:25 PM IST

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য (Cooking gas prices rise again)। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি । এটা চিলিণ্ডাৰ মূল্য হ'লগৈ ১০০০ টকা ।

LPG prices hiked
১০০০ হাজাৰ টকা হ'ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ

নেশ্যনেল ডেস্ক,৭ মে' : দেশত এতিয়া প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি হৈছে । পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় খাদ্য সমাগ্ৰীৰো মূল্য যথেষ্টে বৃদ্ধি হৈছে । যাৰ বাবে সৰ্বসাধাৰণ ৰাইজ বিভিন্ন ধৰণৰ অসুবিধাত পৰিছে । দেশৰ ভিন্ন প্ৰান্তত দল-সংগঠন আৰু সাধাৰণ ৰাইজে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে (Protest against price hike)।

কিন্তু ইয়াৰ মাজতে দেশত পুনৰ ৰন্ধন গেছৰ দাম বাঢ়িল (Cooking gas prices rise again)। এইবাৰ ঘৰুৱা কাৰ্যত ব্যৱহৃত ৰঙা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি । শনিবাৰৰ পৰা ১৪.২ কেজি ওজনৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হ'ল ৫০ টাককৈ (Domestic cylinder price hiked by 50 rupees)। ইয়াৰ লগে লগে এতিয়াৰে পৰা একোটা চিলিণ্ডাৰৰ বাবদ গ্ৰাহকে আদায় দিব লাগিব ৯৯৯.৫০ টকাকৈ ।

লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে অৰ্থাৎ ১ মে'ত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১০২.৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল (19 kg commercial LPG cylinder price hike)। যাৰ বাবে গ্ৰাহকে একোটা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিনিময়ত দিব লাগে ২,৩৫৫.৫০ টকা ।

মুঠতে এতিয়া যেন মূল্যবৃদ্ধিৰ অঘোষিত প্ৰতিযোগিতাহে চলিছে । ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে বাকী সামগ্ৰীৰো মূল্যত প্ৰভাৱ পৰিছে । বজাৰত এতিয়া প্ৰতিবিধ শাক-পাচলিৰ মূল্যও অত্যাধিক হাৰত বৃদ্ধি পাইছে । সমান্তৰালকৈ মাছ, মাংসৰো দাম বাঢ়িছে ।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নিৰ্বাচনৰ সময়ত মূল্যবৃদ্ধি হ্ৰাস আৰু জনসাধাৰণৰ পক্ষত থিয় দিম বুলি প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিসকল আজি কিন্তু নিমাত । নিৰ্বাচনত জয়ী হোৱাৰ লগে লগে জনসাধাৰণৰ ফালে পিঠি দিয়া পৰিলক্ষিত হৈছে জনপ্ৰতিনিধিসকলক । ইফালে ক'ভিড মহামাৰীয়ে জুৰুলা কৰা সাধাৰণ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :প্ৰতি বৰ্গফুটত ৬০০ টকা বৃদ্ধি পালে ফ্লেটৰ মূল্য

ABOUT THE AUTHOR

...view details