অসম

assam

উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ কংগ্ৰেছৰ

By

Published : Oct 5, 2021, 10:33 PM IST

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ খবৰ ল’বলৈ গৈ সোমবাৰে আটক হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা ৷ তেওঁৰ মুক্তিৰ দাবীত সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছ দলে মঙলবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ।

Lakhimpur Kheri violence
উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ কংগ্ৰেছৰ

নিউড ডেস্ক, 5 অক্টোবৰ :উত্তৰ প্ৰদেশৰ লখিমপুৰত বিজেপি নেতাৰ পুত্ৰই প্ৰতিবাদকাৰী কৃষকক হত্যা কৰাৰ পিছত সোমবাৰে উত্তৰ প্ৰদেশ চৰকাৰ আৰু কৃষক নেতাসকলৰ মাজত এক বুজাবুজিৰ চুক্তি সম্পন্ন হয় । এই চুক্তি অনুসৰি চৰকাৰে মৃতকৰ পৰিয়ালক ৪৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে । তাৰোপৰি আহতসকলক ১০ লাখকৈ টকা দিয়াৰ উপৰিও মৃতকৰ পৰিয়ালৰ একোজনকৈ সদস্যক চৰকাৰী চাকৰি দিয়াৰ কথা জানিবলৈ দিয়ে ।

উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ কংগ্ৰেছৰ

আনহাতে ঘটনাৰ ন্যায়িক তদন্তৰ লগতে ৮ দিনৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা । ইতিমধ্যে কৃষকসকলৰ অভিযোগৰ ভিত্তিত এখন এজাহাৰ পঞ্জীয়ন কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জড়িয়তে সমগ্ৰ বিষয়টো চোৱাচিতা কৰাৰ কথা জনালে চৰকাৰৰ শীৰ্ষ বিষয়াই ।

উত্তৰ প্ৰদেশ আৰক্ষীৰ এডিজি প্ৰশান্ত কুমাৰে জানিবলৈ দিয়া মতে, লখিমপুৰত ১৪৪ ধাৰা জাৰি কৰাৰ বাবে ৰাজনৈতিক দলসমূহৰ নেতাসকলক সেই অঞ্চল ভ্ৰমণত বাধা আৰোপ কৰা হৈছে । অৱশ্যে, কিষাণ সংঘৰ সদস্যসকলক সেই অঞ্চললৈ যাবৰ বাবে অনুমতি দিয়া হৈছে ।

ইফালে লখিমপুৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰকে ধৰি ১৪ জন লোকৰ বিৰুদ্ধে হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে । ইফালে, মন্ত্ৰী অজয় মিশ্ৰৰ চালকজনৰ বিৰুদ্ধে জিলাখনৰ টিকুনিয়া আৰক্ষী থানাত অচিনাক্ত কৃষকৰ ওপৰত হত্যা, আক্ৰমণ আৰু ধৰ্ষণৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ খবৰ ল’বলৈ গৈ সোমবাৰে আটক হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা ৷ তেওঁৰ মুক্তিৰ দাবীত সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছ দলে মঙলবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ মুক্তিৰ দাবীত সমগ্ৰ দেশজুৰি হোৱা এই প্ৰতিবাদত ভাগ লৈ কংগ্ৰেছী নেতা কৰ্মী সকলে বিজেপি চৰকাৰে ব্ৰিটিছ শাসনতকৈ কৃষকসকলৰ ওপৰত বেছি অত্যাচাৰ কৰি অহা বুলি কৰিলে অভিযোগ ।

দেশৰ উচ্চতম ন্যায়ালয়েও লখিমপুৰৰ খেৰী হিংসাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে । ন্যায়ালয়ৰ মতে, এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’লে, ইয়াৰ দায়িত্ব কোনেও ল’বলৈ ইচ্ছুক নহয় ।

লগতে পঢ়ক:ধোঁৱাচাঙত উঠিল নেকি কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ?

ABOUT THE AUTHOR

...view details