অসম

assam

বিহাৰত জেডিইউ কৰ্মীক নিৰ্মমভাৱে হত্যা : ভাইৰেল হৈছে হত্যাৰ পূৰ্বৰ ভিডিঅ

By

Published : Feb 24, 2022, 10:55 AM IST

বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Bihar)। জেডিইউ কৰ্মীক নিৰ্মমভাৱে হত্যা । হত্যাৰ পূৰ্বে কৰা এটা ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত । হত্যাকাণ্ডক সাম্প্ৰদায়িক হিংসাৰ ৰূপ দিয়াৰ চেষ্টা হত্যাকাৰীৰ । ইতিমধ্যে গ্ৰেপ্তাৰ ঘটনাৰ অভিযুক্ত ।

JDU worker beaten to death
প্ৰাণ ভিক্ষা জেডিইউ কৰ্মীৰ

নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী :বিহাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Bihar)। এগৰাকী লোকক হত্যাৰ পূৰ্বে কৰা এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল । ভাইৰেল ভিডিঅ'টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া ৰাজ্যত ।

সামাজিক মাধ্যমত ভাইৰেল হোৱা লোমহৰ্ষক ভিডিঅ'টোৱে সম্প্ৰতি সমগ্ৰ দেশতে বিশেষ চৰ্চা লাভ কৰিছে । ভিডিঅ'টো মহম্মদ খলিল ৰিজৱী নামৰ জেডিইউ কৰ্মীজনক হত্যাৰ (JDU worker Mohammad Khaleel Alam murdered) পূৰ্বে কৰা হৈছিল । মৃত্যুৰ পূৰ্বে খলিলক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল হত্যাকাৰীয়ে । ভিডিঅ'টোত হত্যাকাৰীয়ে খলিলক সুধিছে তেওঁ কিমানবাৰ গো-মাংস সেৱন কৰিছে, তেওঁৰ সন্তানক গো-মাংস খুৱাইছে নে ?

খলিলে হাতজোৰ কৰি তেওঁক ৰেহাই দিবলৈ প্ৰাৰ্থনাও কৰা দেখা গৈছে ভিডিঅ'টোত । ভিডিঅ'টোৰ পৰা এটা কথা স্পষ্ট যে হত্যাকাৰীয়ে সমগ্ৰ ঘটনাটোক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিছিল । ভিডিঅ'টোত হত্যাকাৰীয়ে নিজৰ মুখমণ্ডল দেখুওৱা নাছিল ।

অৱশ্যে আৰক্ষীয়ে ইতিমধ্যে খলিলৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে । ভিডিঅ'টোৰ ভিত্তিত অভিযুক্ত বিপুল কুমাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে দাবী কৰা মতে হত্যাকাণ্ডটোক সাম্প্ৰদায়িক হিংসা হিচাপে উপস্থাপন কৰিবলৈ হত্যাকাৰীয়ে এনেদৰে ভিডিঅ'টো কৰিছিল ।

সমস্তিপুৰ সদৰৰ উপ-আৰক্ষী অধীক্ষক মহম্মদ চেহবান হাবিব ফাকৰিয়ে জনোৱা মতে জেৰাৰ সময়ত অভিযুক্তই অপৰাধ স্বীকাৰ কৰিছে আৰু প্ৰকাশ কৰিছে যে তেওঁলোকে ৰে'লৱেত চাকৰি দিয়াৰ বিনিময়ত লোৱা ধন ঘূৰাই নিদিয়াৰ বাবে খলিলক প্ৰহাৰ কৰিছিল । অনুসন্ধানৰ সময়ত, অভিযুক্তই স্বীকাৰ কৰিছে যে তেওঁ পাঁচ বছৰ পূৰ্বে খলিলক ৰে'লৱেত চাকৰি দিয়াৰ বিনিময়ত ৩.৬ লাখ টকা দিছিল । কিন্তু খলিলে টকাখিনিও ঘূৰাই দিয়া নাছিল আৰু তেওঁক কোনো চাকৰিও দিয়া নাছিল যাৰ বাবে হত্যাকাৰীজনে এই ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ।

জানিব পৰা মতে খলিল ৰিজৱীক অভিযুক্ত বিপুল কুমাৰে ১৬ ফেব্ৰুৱাৰীত অপহৰণ কৰিছিল । তাৰ পাছত তেওঁক আকবৰপুৰ ফক্ৰিনা গাঁৱত হত্যা কৰা হৈছিল আৰু পেট্ৰ'ল ঢালি জুই লগোৱাৰ পাছত তেওঁৰ মৃতদেহ এখন কুকুৰা ফাৰ্মত সমাধিস্থ কৰা হৈছিল । আনকি হত্যাকাৰীয়ে শৰীৰটো সোনকালে নষ্ট হ'বলৈ মৃত শৰীৰত নিমখ ছটিয়াইছিল ।

আনহাতে এই ভিডিঅ'টোকলৈ ইতিমধ্যে বিহাৰত ৰাজনীতি আৰম্ভ হৈছে । কিয়নো খলিল ৰিজৱী আছিল এগৰাকী জেডিইউ (JDU) কৰ্মী । ৰাষ্ট্ৰীয় জনতা দলে অফিচিয়েল টুইটাৰত ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে । তেওঁলোকে নীতিশ কুমাৰ চৰকাৰক সমালোচনাও কৰা দেখা গৈছে ।

লগতে পঢ়ক :Guwahati robbery: নুনমাটিত অভিযন্তাৰ ডিঙি কাটি দুৰ্বৃত্তই নিলে ধন আৰু সোণৰ চেইন

ABOUT THE AUTHOR

...view details