অসম

assam

ITBP in AP: অৰুণাচল প্ৰদেশৰ জিৰো’ত ITBP ৰ নতুন সীমান্ত চকী ,6 টা নতুন বাহিনী প্ৰস্তুত

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:02 PM IST

অৰুণাচল প্ৰদেশৰ জিৰোত ITBP ৰ নতুন সীমান্ত চকী, 6 টা নতুন বাহিনী প্ৰস্তুত ৷

ITBP in AP
অৰুণাচল প্ৰদেশৰ জিৰো’ত ITBP ৰ নতুন সীমান্ত চকী

তেজপুৰ, 9 ছেপ্টেম্বৰ : ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপিৰ ) দলৰ সম্প্ৰসাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । এক উচ্চস্তৰীয়া সূত্ৰৰ পৰা জানিব পৰা মতে আইটিবিপিৰ নতুনকৈ 7 টা বেটেলিয়ন সংযোজন কৰা হৈছে, ইয়াৰে অৰুণাচল প্ৰদেশত 6 টা বিএন আৰু ছিকিমত এটা বিএন ভাৰত-চীন তিব্বত সীমান্তত সীমান্ত চকী সংস্থাপনত কৰা হ’ব ।

অৰুণাচল প্ৰদেশৰ জিৰো’ত ITBP ৰ নতুন সীমান্ত চকী

অৰুণাচলক লৈ বেইজিঙে শেহতীয়াকৈ কৰা দাবী আৰু চীনৰ তহলদাৰী বাহিনীয়ে পূব খণ্ডত LOC ক্ৰমান্বয়ে উলংঘা কৰা খবৰ পোহৰলৈ অহাৰ পিচতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই পদক্ষেপৰ ফলত আইটিবিপিৰ আৰু 2 টা অতিৰিক্ত খণ্ড বৃদ্ধি পাব ।

উল্লেখযোগ্য যে, শেহতীয়াকৈ 2022 চনৰ ডিচেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ যাংছতে অঞ্চলত বহুতো সুৰক্ষা বাহিনীৰ দল নিয়োগ কৰা হৈছে ।আনহাতে ছিকিম অঞ্চলতো নাথুলাৰ সীমান্তত নেপালৰ সমান্তৰালভাবে চীনে সীমান্ত অতিক্ৰমৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ফলস্বৰূপে ছিকিমৰ সীমান্ত সুৰক্ষা বল অধিক কটকটীয়া কৰি তোলা হৈছে ।

অৰুণাচল প্ৰদেশৰ জিৰো’ত ITBP ৰ নতুন সীমান্ত চকী

চীনৰ সামৰিক বাহিনীৰ দ্বাৰা সাগৰীয় উপকূলসমূহৰ জৰিয়তে ইতিমধ্যে কেবাখনো দেশৰ নিয়ন্ত্ৰণ চীনৰ হাতলৈ নিছে আৰু অত্যাধিক ঋণৰ বোজা জাপি দি কূটনৈতিক কৌশলৰে আধিপত্য স্থাপন কৰাৰ এক বিশেষ চক্ৰান্ত গঢ়ি উঠিছে । 1962 চনত চীনা সৈন্যই ভাৰত আক্ৰমণৰ সময়ত অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰত আক্ৰমণ চলাই পূব প্ৰান্তত ৱালং, কিবেটু অঞ্চলক অধিক ক্ষতিগ্ৰস্ত কৰিছিল । ফলস্বৰূপে ৱালং বেটেল ফিল্ডত চীনা সৈন্যৰ সৈতে ভীষণ যুদ্ধ হৈছিল ।

অৰুণাচল প্ৰদেশৰ জিৰো’ত ITBP ৰ নতুন সীমান্ত চকী

এতিয়া সীমান্তত অত্যাধুনিক কৌশলেৰে প্ৰশিক্ষিত ভাৰত তিব্বত সীমান্ত আৰক্ষী ITBP ৰ দল নিয়োগ কৰা হৈছে যাতে সীমান্তৰ নামনিৰ অংশত ভাৰতীয় সেনাৰ সমান্তৰালভাৱে সুৰক্ষাৰ দিশটো উন্নত কৰিব পাৰে ।

লগতে পঢ়ক:ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

ABOUT THE AUTHOR

...view details