অসম

assam

Skin care tips for Men: গ্ৰীষ্মকালত পুৰুষসকলে এনেদৰে লওক নিজৰ ছালৰ যতন

By

Published : Apr 3, 2023, 2:27 PM IST

গ্ৰীষ্মকালত মহিলাৰ লগতে পুৰুষেও নিজৰ ছালৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজন । এই প্ৰতিবেদনত আমি আপোনালোকক পুৰুষৰ বাবে ফলপ্ৰসূ ছালৰ যত্নৰ ৰুটিন আৰু টিপছৰ বিষয়ে জনাম ।

It is important for men to take care of skin in summer season take care of skin like this
গ্ৰীষ্মকালত পুৰুষসকলে এনেদৰে লওক নিজৰ ছালৰ যতন

ছালৰ যত্ন কেৱল মহিলাৰ বাবেই নহয় পুৰুষৰ বাবেও ই সমানে গুৰুত্বপূৰ্ণ । কিন্তু পুৰুষ আৰু মহিলাৰ ছালত পাৰ্থক্য আছে যদিও দুয়োৰে ছালত ইয়াৰ প্ৰভাৱ একেই । প্ৰায়ে পুৰুষে ছালৰ যত্নৰ নিয়ম পালন নকৰে আৰু ছালৰ সমস্যাৰ প্ৰতিও বিশেষ গুৰুত্ব নিদিয়ে । কিন্তু গ্ৰীষ্মকালত পুৰুষেও নিজৰ ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন(How to Take Care of Your Skin in Summer)। এই প্ৰতিবেদনত আমি আপোনালোকক পুৰুষৰ বাবে ফলপ্ৰসূ ছালৰ যত্নৰ ৰুটিন আৰু টিপছৰ ক'বলৈ ওলাইছো-

পুৰুষৰ বাবে ছালৰ যত্নৰ পদ্ধতি

পৰিষ্কাৰ কৰক: ছালৰ পৰা মলি আৰু তেল আঁতৰাবলৈ লাইট ক্লিনজাৰ ব্যৱহাৰ কৰক । মুখত কঠোৰ চাবোন ব্যৱহাৰ নকৰিব, ই আপোনাৰ মুখৰ প্ৰাকৃতিক তেল আঁতৰাই পেলাব পাৰে(What happens to your skin in summer?)।

মইশ্ব’ৰাইজ: ছালখনক হাইড্ৰেট আৰু পুষ্টি দিবলৈ মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক । আপোনাৰ ছালৰ যত্নত লাইট আৰু অইল ফ্ৰী মইশ্ব’ৰাইজাৰ অন্তৰ্ভুক্ত কৰক ।

ছানস্ক্ৰীণ:৩০ বা তাতকৈ অধিক এছপিএফৰ Broad-Spectrum Sunscreen ব্যৱহাৰ কৰিলে ছালখন ৰ’দৰ ক্ষতিকাৰক ৰশ্মিৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিব(Is your skin better in the summer?)।

শ্বেভিং টিপছ

  • মুখৰ চুলি কোমল আৰু ছিদ্ৰ খোল খাবলৈ শ্বেভিঙৰ পূৰ্বে গৰম পানীৰে গা ধুব লাগে । ইয়াৰ বাহিৰেও কুহুমীয়া পানীত তিয়াই থোৱা টাৱেল ব্যৱহাৰ কৰিব পাৰে(How can I keep my skin good in summer?)।
  • পুৰনি ৰেজাৰে আপোনাৰ ছালখনক আঘাত কৰিব পাৰে, যাৰ ফলত আপোনাৰ ছালৰ ক্ষতি হোৱাৰ লগতে বিষৰ সৃষ্টি কৰিব পাৰে । সেয়ে শ্বেভিঙৰ বাবে ৰেজাৰ ব্লেড নিয়মিতভাৱে সলনি কৰাটো প্ৰয়োজনীয়(summer season take care of skin)।
  • শ্বেভিঙৰ পিছত ছালখন শান্ত আৰু হাইড্ৰেট কৰিবলৈ আফটাৰশ্বেভ লোচন বা ক্ৰীম ব্যৱহাৰ কৰিব লাগে ।

ছালৰ যত্ন কেৱল মহিলাৰ বাবেই নহয়, পুৰুষৰ ছালৰ বাবেও ই সমানেই গুৰুত্বপূৰ্ণ । ছালৰ যত্নৰ সাধাৰণ ৰুটিন অনুসৰণ কৰাৰ লগতে সঠিক শ্বেভিং ৰুটিনে পুৰুষৰ ছালখনক সুস্থ কৰি ৰাখিব পাৰে । এইটো জনাই দিও যে সুস্থ ছালৰ ভাল গ্ৰুমিঙৰ কাৰণ হ’ব পাৰে । সেয়ে ছালৰ যত্নৰ ৰুটিনৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় ।

লগতে পঢ়ক:Extramarital affair: বিবাহিত পুৰুষ বা মহিলাই কিয় অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হয় জানেনে ?

ABOUT THE AUTHOR

...view details