অসম

assam

IRCTC scam : তেজস্বী যাদৱৰ জামিন বাতিলৰ বাবে আদালতক আহ্বান চিবিআইৰ

By

Published : Sep 17, 2022, 6:06 PM IST

Tejashwi Yadav
Tejashwi Yadav ()

আদালতত দিয়া বিবৃতিত চিবিআয়ে অভিযোগ কৰে যে যাদৱে এক সংবাদমেলৰ সময়ত আক্ৰোশমূলক আৰু ভাবুকিমূলক মন্তব্য কৰিছিল, যাক ভাবুকি হিচাপে গণ্য কৰিব পাৰি (CBI alleged Yadav made threatening remarks) । আৰু সেয়েহে ই গোচৰটোৰ ফলাফলত প্ৰভাৱিত কৰিব ।

নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ :কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (Central Bureau of Investigation) আইআৰচিটিচি গোচৰত (IRCTC case) সংস্থাৰ বিষয়াসকলক ভাবুকি দিয়া বুলি কৰা অভিযোগ আৰু তাৰ ওপৰত ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰি কৰা আবেদনৰ ওপৰত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক বিশেষ ন্যায়াধীশ গীতাঞ্জলি গোৱেলে শনিবাৰে জাননী জাৰি কৰে (Special Judge issued notice to Tejashwi Yadav)।

উল্লেখ্য, অনুসন্ধানকাৰী সংস্থাটোৰ বিষয়াসকলক ভাবুকি দিয়াৰ অভিযোগত চিবিআয়ে শনিবাৰে যাদৱৰ জামিন মঞ্জুৰী প্ৰত্যাহাৰ কৰিবলৈ দিল্লী আদালতৰ কাষ চাপিছিল (CBI alleged Tejashwi Yadav threatening)। আদালতত দিয়া বিবৃতিত চিবিআয়ে অভিযোগ কৰে যে যাদৱে এক সংবাদমেলৰ সময়ত আপত্তিজনক আৰু ভাবুকিমূলক মন্তব্য কৰিছিল, যাক ভাবুকি হিচাপে গণ্য কৰিব পাৰি আৰু তাৰ দ্বাৰা গোচৰটোৰ ফলাফলক প্ৰভাৱিত কৰিব (CBI alleged Yadav made inflammatory remarks) ।

চিবিআয়ে উল্লেখ কৰা সংবাদমেলখন যাদৱে যোৱা মাহত অনুষ্ঠিত কৰা সংবাদমেল যেন অনুমান হৈছে । য'ত তেওঁ কৈছিল, "চিবিআই বিষয়াসকলৰ মাতৃ আৰু সন্তান নাই নেকি ? তেওঁলোকৰ পৰিয়াল নাই নেকি ? তেওঁলোক সদায়ে চিবিআইৰ বিষয়া হৈ থাকিব নেকি ? তেওঁলোকে অৱসৰ নল'ব নেকি ? কেৱল এই দলটোৱেই শাসনত থাকিব নেকি ? আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে ? আপুনি সততাৰে সাংবিধানিক সংগঠনৰ কৰ্তব্য পালন কৰা উচিত (IRCTC scam) ।"

আনহাতে, আদালতে চিবিআইৰ প্ৰস্তাৱৰ প্ৰতি যাদৱৰ সঁহাৰি বিচাৰিছে । উল্লেখ্য, ইউপিএ-১ চৰকাৰত ৰে'ল মন্ত্ৰী হিচাপে পিতৃ লালু যাদৱৰ কাৰ্যকালত অনিয়মৰ অভিযোগ উত্থাপন কৰা "চাকৰিৰ বাবে ভূমি" গোচৰত বৰ্তমান যাদৱ জড়িত থকাৰ অভিযোগ উঠিছে (land for jobs case during Lau Yadav tenure) ।

লগতে পঢ়ক :হিজাব পৰিধান নকৰাৰ অভিযোগ: আৰক্ষীৰ জিম্মাত মৃত্যু 22 বছৰীয়া যুৱতীৰ

ABOUT THE AUTHOR

...view details