অসম

assam

speeding car rams in Hyderabad : প্ৰাতঃভ্ৰমণকাৰীক মহতিয়ালে তীব্ৰবেগী বাহনে; মাতৃ-কন্যাসহ নিহত ৩

By

Published : Jul 4, 2023, 6:09 PM IST

দুৰ্ঘটনাটোৰ চিচি টিভি ফুটেজত দেখুওৱা হৈছে যে গাড়ীচালকজনে এটা টাৰ্ণ লোৱাৰ সময়ত দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু তাৰ পিছত ৰাস্তাৰ পৰা পিছলি গৈ পথচাৰীকেইজনক খুন্দা মাৰে ।

speeding car rams in Hyderabad
speeding car rams in Hyderabad

তীব্ৰবেগী গাড়ীৰ খুন্দাত নিহত প্ৰাতঃভ্ৰমণকাৰী

নিউজ ডেস্ক, ৪ জুলাই :পুৱাৰ সজীৱ পৰিৱেশেৰে জীপাল হৈ দিনটো সুকলমেৰে অতিবাহিত কৰাৰ বাবে প্ৰাতঃভ্ৰমণলৈ ওলাইছিল তিনিগৰাকী ব্যক্তি । তেওঁলোকৰ মাজত আছিল মাতৃ-কন্যাও । কিন্তু সুমধুৰ পুৱাটোৱে যে তেওঁলোকৰ বাব কাল অমানিশা কঢ়িয়াই আনিব সেয়া হয়তো তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল । কিন্তু চৰণেহে জানে মৰণৰ ঠাই । সেই আপ্তবাক্যশাৰীয়ে যেন প্ৰতিপন্ন হ'ল বাস্তৱত । এক লোমহৰ্ষক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালগীয়া হয় তিনিগৰাকী লোকে । তাৰে ভিতৰত আছে দুগৰাকী মাতৃ-কন্যাও । এই দুৰ্ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদত ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, মঙলবাৰে পুৱা এজন গাড়ীচালকে নিয়ন্ত্ৰণ হেৰুৱাই তিনি পথচাৰীক খুন্দা মাৰে । সেই সময়ত তেওঁলোক প্ৰাতঃভ্ৰমণত ওলাই আহিছিল । ইফালে গাড়ীখনৰ খুন্দাত এগৰাকী মাতৃ আৰু কন্যাসহ তিনিগৰাকী লোক নিহত হয় । দুৰ্ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদ চহৰৰ চানচিটি বান্দলাগুড়া অঞ্চলত ।

দুৰ্ঘটনাটোৰ চিচিটিভি ফুটেজত প্ৰকাশ পাইছে যে গাড়ীচালকজনে এটা টাৰ্ণ লোৱাৰ সময়ত দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । তাৰ পিছত গাড়ীখনে ৰাস্তাৰ পৰা পিছলি গৈ পথচাৰীকেইজনক খুন্দা মাৰে ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তিনিগৰাকী লোকে প্ৰাতঃভ্ৰমণলৈ ওলাই গৈছিল । উক্ত দুৰ্ঘটনাটোত তিনিওগৰাকী লোক ঘটনাস্থলীতে নিহত হয় । "দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে গাড়ীচালকজন ঘটনাস্থলীৰ পৰা পলাই যায় । আমি গাড়ীচালকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছোঁ ।" এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই দুৰ্ঘটনাটোৰ পিছত কয় । তেওঁ লগতে কয় যে দুৰ্ঘটনাৰ পিছত মৃতদেহকেইটা ওচমানিয়া চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

আৰক্ষী বিষয়াজনৰ মতে, মৃতকৰ পৰিচয় জানিব পৰা হোৱা নাই । উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত ২৬ জুনত কৰ্ণাটকৰ ৰাজধানীৰ ৰাজাজীনগৰ ট্ৰেফিক আৰক্ষী থানা এলেকাতো এখন গাড়ীৰ খুন্দাত এজন পথচাৰী নিহত হৈছিল । তীব্ৰবেগী গাড়ীখনে পথচাৰীজনক মহতিয়াই পলাই গৈছিল । পিছত মৃত ব্যক্তিজন প্ৰকাশ নগৰৰ বাসিন্দা ৫৫ বছৰীয়া কৃষ্ণাপ্পা প্ৰকাশ বুলি চিনাক্ত কৰা হয় ।

লগতে পঢ়ক :Maharashtra road accident: মহাৰাষ্ট্ৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে 7 জনে

ABOUT THE AUTHOR

...view details