অসম

assam

Old Farmers Day : ইতিহাস আৰু তাৎপৰ্য সম্পৰ্কে চমু অৱলোকন...

By

Published : Oct 12, 2021, 9:26 AM IST

Old Farmers Day
বৃদ্ধ কৃষক দিৱস

বৃদ্ধ কৃষক আৰু তেওঁলোকৰ কৃষিৰ কৌশলক সন্মান জনাই প্ৰতিবছৰে 12 অক্টোবৰৰ দিনটো ‘Old Farmers Day’ অৰ্থাৎ ‘বৃদ্ধ কৃষক দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ কৃষিত ব্যৱহাৰ কৰা পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰি সেইবোৰ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ অৰ্থে এই দিৱস পালন কৰা হয় ৷

নিউজ ডেস্ক, 12 অক্টোবৰ : 12 অক্টোবৰ হৈছে ‘Old Farmers Day’, যিটো বৃদ্ধ কৃষক আৰু তেওঁলোকৰ কৃষিৰ কৌশলৰ প্ৰতি সমৰ্পিত দিন ৷ আজিৰ কৃষি আৰু কৃষি পদ্ধতি মুখ্যতঃ যান্ত্ৰিক আৰু উন্নত বৈজ্ঞানিক মানদণ্ডৰ ৷ কিন্তু এয়া পুৰণি কৃষকসকলৰ জ্ঞান আৰু কঠোৰ পৰিশ্ৰমৰ অবিহনে সম্ভৱ নহ’লহেঁতেন ৷ এই বিকাশ মাথো সম্ভৱ হৈছে কৃষিকাৰ্যত জড়িত পুৰণি কৃষকসকলৰ বাবে ৷ 12 অক্টোবৰৰ দিনটো হৈছে সেইসকল লোকক ধন্যবাদ জনোৱাৰ দিন ৷

বৃদ্ধ কৃষক দিৱস

তেওঁলোকৰ কথা আৰু কাহিনী শুনাৰ লগতে আৰু তেওঁলোকে কৃষিত ব্যৱহাৰ কৰা পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰি সেইবোৰ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ অৰ্থে এই দিৱস পালন কৰা হয় ৷ যদিও বন্ধৰ উৎপত্তি অজ্ঞাত, পুৰণি অথবা বৃদ্ধ কৃষক দিৱস বহুতে পুৰণি দিনৰ বহনক্ষম আৰু খেতিৰ পৰা মেজলৈ কৃষি পদ্ধতিৰ এক থ্ৰো-বেক হিচাপে উদযাপন কৰে ৷

বিভিন্ন সংস্কৃতি আৰু ইতিহাস :

কৃষি আৰু কৃষিৰ প্ৰতিটো সংস্কৃতিত এক দীঘলীয়া আৰু বৈচিত্ৰপূৰ্ণ ইতিহাস আছে ৷ কি খেতি কৰা হয়, খেতি কেনেদৰে কৰা হয় আৰু কি সামগ্ৰী ব্যৱহাৰ কৰা হয় তাৰ মাজত পাৰ্থক্য থকা স্বত্বেও, সকলো কৃষি সমাজৰ বাবে এটা কথা একে হৈ থাকে- কৃষক ৷

কৃষকসকল হৈছে কৃষিৰ জীৱনৰেখা - তেওঁলোকে কৃষিজাত সামগ্ৰীৰ বীজ সিঁচি থকা সময়ৰ পৰা বজাৰত উপলব্ধ হোৱালৈকে ওতঃপ্ৰোতভাৱে জড়িত থাকে ৷ বিশ্বজুৰি পৰিশ্ৰমী কৃষকসকলৰ বাবে আমাৰ বেছিভাগেই প্ৰতিদিনে ৰন্ধনশালৰ মেজত খাদ্য খাবলৈ পাওঁ ৷

বৃদ্ধ কৃষক দিৱস

কেনেদৰে উদযাপন কৰিব?

  • পুৰণি কৃষি কৌশলৰ বিষয়ে শিকক
  • যদি আপোনাৰ এখন ফাৰ্ম আছে, পুৰণি কৃষকৰ সঁজুলি ব্যৱহাৰ কৰিব পাৰে
  • যদি আপোনাৰ চিনাকীৰ পৰিসৰৰ ভিতৰত এগৰাকী বৃদ্ধ খেতিয়ক আছে, তেন্তে তেওঁলোকক দুপৰীয়াৰ আহাৰৰ বাবে বাহিৰলৈ লৈ যাওঁক ৷ তেওঁলোকৰ কাহিনী শুনিব আৰু জ্ঞান বিচাৰিব
  • স্থানীয় কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী কৰা বজাৰলৈ যাওঁক আৰু থলুৱা খেতিপথাৰৰ পৰিসৰ বৃদ্ধি কৰাত আগভাগ লওক কেৱল স্থানীয়ভাৱে উৎপাদিত খাদ্য সামগ্ৰী আৰু মাংস ক্ৰয় কৰক। আপোনাৰ local farm to table প্ৰক্ৰিয়াত সহায়ক হ’ব ৷

বিজ্ঞানীসকলৰ মতে, পৃথিৱীৰ প্ৰায় 40% ভূমি কৃষিৰ বাবে ব্যৱহাৰ কৰা হয় ৷

লগতে পঢ়ক :অবিশ্বাস্য : 60 বছৰে কৰ্পূৰ আৰু ধূপ কাঠিৰ ধোঁৱা খাই জীয়াই থকা এগৰাকী 75 বৰ্ষীয় মহিলা

ABOUT THE AUTHOR

...view details