অসম

assam

বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে যুঁজক; নীতিশ কুমাৰক প্ৰত্যাহ্বান গিৰিৰাজ সিঙৰ

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:02 PM IST

Giriraj Singh Challenge To Nitish : কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকক লৈ এক ডাঙৰ বিস্ফোৰণ ঘটাইছে । "যদি ইণ্ডি মিত্ৰজোঁটৰ কাৰোবাৰ সাহস আছে, তেন্তে এজন ব্যক্তিয়ে বাৰাণসীত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰৰক । এয়া সকলো অজুহাত । যদি সাহস আছে, তেন্তে মই নীতিশ কুমাৰক প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰক ।"

Giriraj Singh challenge to Nitish Kumar
নীতিশ কুমাৰক প্ৰত্যাহ্বান গিৰিৰাজ সিঙৰ

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ :১৯ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত অনুষ্ঠিত হ'ব বিৰোধীৰ মিত্ৰজোঁট ইণ্ডিয়াৰ পৰৱৰ্তী বৈঠক । এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে লালুপ্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱ দিল্লীলৈ ৰাওনা হৈছে । আনহাতে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ সন্ধিয়া দিল্লীলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে । তাৰ মাজতে এই বৈঠকক লৈ বিহাৰত আৰম্ভ হৈছে ৰাজনীতি । কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে ইণ্ডিয়াত বিৰোধী দলসমূহৰ মিত্ৰতাক প্ৰত্যাহ্বান জনাইছে ।

গিৰিৰাজ সিঙে কয় যে এয়া সকলো চকুত ধূলিমৰাৰ দৰে কথা । এই লোকসকলে তেওঁলোকৰ পাপ লুকুৱাবলৈ একত্ৰিত হৈছে । প্ৰতিটো দলৰ নিজা নিজা স্বাৰ্থ আছে । তেওঁ কয় যে এই লোকসকলে বেনাৰসক লৈ হুলস্থুল কৰি আছে । তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰাৰ কথা কৈছে । যদি সাহস আছে তেন্তে নীতিশ কুমাৰে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দেখুৱাওক ।

"আমি কওঁ যে যদি সাহস আছে তেন্তে কোনো জেডিইউ বা আৰজেডি নেতাই প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি দেখুৱাওক । নিজৰ অৱস্থাৰ বিষয়ে জানিব পাৰিব । দেশৰ মানুহে কি বিচাৰে সেয়াও জানিব পৰা যাব ।" কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় ।

আনহাতে, এলজেপিৰ সাংসদ মেহবুব আলী কাইজাৰেও ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক পূৰ্বতে বহুবাৰ বাতিল কৰা হৈছে । প্ৰথমে তেওঁলোকৰ মাজত পাৰস্পৰিক সন্মতি জনাব লাগে আৰু তাৰ পিছত নৰেন্দ্ৰ মোদীৰ সৈতে যুঁজ দিব লাগে । তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নাম এতিয়া সমগ্ৰ বিশ্বতে চৰ্চিত । তেওঁ দেশখনক আগুৱাই নিয়াৰ বাবে কাম কৰিছে ।

"বিৰোধীৰ কাম হৈছে কিবা নহয় কিবা এটা কৈ থকা আৰু তেওঁলোকে সেয়াই কৰি আছে । ইয়াৰ পৰা কোনো লাভ নহ'ব । দেশৰ মানুহে জানে যে দেশখনক কোনে আগুৱাই নিব পাৰে । সেয়েহে তেওঁলোকে যিয়েই নকৰক কিয়, তাৰ পৰা কোনো লাভ নহ'ব ।" এলজেপি সাংসদ চৌধুৰী মেহবুব আলী কাইজাৰে কয় ।

চাবলৈ গ'লে সামগ্ৰিকভাৱে এনডিএৰ নেতাসকলে ইণ্ডিয়া মিত্ৰজোঁট সন্দৰ্ভত নিৰন্তৰ তুচ্ছ-তাচ্ছিল্য কৰি আহিছে । লগতে স্পষ্টকৈ কৈছে যে এয়া হৈছে স্বাৰ্থপৰতাৰ মিত্ৰতা । কোনো পৰিস্থিতিত ৰাইজে এই মিত্ৰজোঁটক গ্ৰহণ নকৰে । উল্লেখ্য যে ১৯ ডিচেম্বৰত দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ এক বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে । আনহাতে, অনুষ্ঠানলৈ ৰাওনা হোৱাৰ পূৰ্বে লালুপ্ৰসাদ যাদৱে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি কয় যে তেওঁ দিল্লীলৈ গৈ আছে । "আপোনালোকে বাৰে বাৰে নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী বুলি কৈ থাকে । নৰেন্দ্ৰ মোদী কি ? সকলোৱে একেলগে মিলি তেওঁক পৰাস্ত কৰিব ।" লালুপ্ৰসাদে কয় ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা উলংঘনৰ ষড়যন্ত্ৰ সোনকালেই স্পষ্ট হ'ব; কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

ABOUT THE AUTHOR

...view details