অসম

assam

Agnipath Scheme: আজিৰে পৰা প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব অগ্নিবীৰ নিযুক্তিৰ অনলাইন প্ৰৱেশ পৰীক্ষা

By

Published : Apr 17, 2023, 12:29 PM IST

ভাৰতীয় সেনা JCO / অগ্নিবীৰ নিযুক্তিৰ বাবে প্ৰথমবাৰৰ বাবে অনলাইন প্ৰৱেশ পৰীক্ষা আজিৰ পৰা আৰম্ভ হ'ব ৷ 17 এপ্ৰিলৰ পৰা 26 এপ্ৰিললৈ সমগ্ৰ ভাৰতৰ 176 টা স্থানত 375 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই অনলাইন কমন প্ৰৱেশ পৰীক্ষা (Agnipath Scheme) ৷

Online entrance exam for Army Agniveer recruitment
অগ্নিবীৰ নিযুক্তিৰ বাবে অনলাইন প্ৰৱেশ পৰীক্ষা আৰম্ভ

তেজপুৰ, 17 এপ্ৰিল: প্ৰযুক্তিৰ গতিৰ লগত খাপ খুৱাই ডিজিটেল ইণ্ডিয়াৰ মনোভাৱ পূৰণ কৰি ভাৰতীয় সেনাই সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে Online Common Entrance Exam অনুষ্ঠিত কৰিছে ৷ ইয়াৰ ফলত ভাৰতীয় সেনাৰ নিযুক্তি পদ্ধতিত এক বৃহৎ পৰিৱৰ্তন ঘটিছে ৷ দেশত প্ৰযুক্তিগত সীমা যথেষ্ট উন্নত হৈছে আৰু ডিজিটেল সজাগতা বৃদ্ধিৰ লগে লগে যুৱক-যুৱতীসকলক এতিয়া অনলাইন পৰীক্ষা গ্ৰহণৰ বাবে ক্ষমতা প্ৰদান কৰা হৈছে বুলি জানিব দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লেফ্টেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাতে (Online Common Entrance Exam For Agniveer) ৷

এক বিজ্ঞপ্তিত তেওঁ উল্লেখ কৰে যে, চলিত বৰ্ষৰ পৰা তিনিটা পৰ্যায়ত এই নিযুক্তিৰ কাম সম্পন্ন কৰা হ’ব (Online Common Entrance Exam For Agniveer) ৷ প্ৰথম পৰ্যায়ত সকলো প্ৰাৰ্থীয়ে Online CEE ত অৱতীৰ্ণ হ'ব লাগিব ৷ দ্বিতীয় পৰ্যায়ত বাচনি কৰা প্ৰাৰ্থীসকলক নিজ নিজ সেনা নিযুক্তি কাৰ্যালয়ে শাৰীৰিক সক্ষমতা পৰীক্ষা আৰু শাৰীৰিক জোখ-মাখ পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰা স্থানত নিযুক্তি ৰেলীৰ বাবে আহ্বান কৰা হ’ব ৷ শেষত তৃতীয় পৰ্যায়ত নিৰ্বাচিত প্ৰাৰ্থীসকলে মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ৷ ইয়াৰ পিচতে সফল প্ৰাৰ্থীৰ চূড়ান্ত যোগ্যতা তালিকা ঘোষণা কৰা হ’ব (Online CEE For Agniveer) ৷

আজিৰে পৰা অৰ্থাৎ 17 এপ্ৰিলৰ পৰা 26 এপ্ৰিললৈ সমগ্ৰ ভাৰতৰ 176 টা স্থানত 375 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই অনলাইন কমন প্ৰৱেশ পৰীক্ষা ৷ উত্তৰ-পূব মণ্ডলত সাতখন ৰাজ্যৰ 14 খন চহৰৰ 26 টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ৷ ইয়াৰ ভিতৰত অৰুণাচলৰ নাহৰলাগুন, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ, মণিপুৰৰ ইম্ফল, উখৰুল আৰু চুৰাচান্দপুৰ, মেঘালয়ৰ শ্বিলং, মিজোৰামৰ আইজল, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু ত্ৰিপুৰাৰ আগৰতলা চহৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা (Agnipath Scheme) ৷

লগতে পঢ়ক:Karnataka Election 2023: বিজেপিয়ে মোক নিৰাশ কৰিলে; কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ বিজেপি ত্যাগ

ABOUT THE AUTHOR

...view details