অসম

assam

National Herald Case : ইডিয়ে ছীল কৰিলে নেচনেল হেৰাল্ডৰ কাৰ্যালয় চৌহদ

By

Published : Aug 3, 2022, 7:30 PM IST

নেচনেল হেৰাল্ডৰ বিৰুদ্ধে চলি থকা ধন আত্মসাতৰ গোচৰৰ তদন্তৰ সৈতে সম্পৰ্কিত প্ৰমাণৰ খেলিমেলি পৰিহাৰ কৰিবলৈয়ে কাৰ্যালয় চৌহদটো ছীল কৰা বুলি জানিবলৈ দিয়া হৈছে (money laundering probe against National Herald) । লক্ষণীয়ভাৱে, অভিযোগ উত্থাপিত ধন আত্মসাতৰ তদন্তত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীও জড়িত হৈ আছে ।

ED
ED

নিউজ ডেস্ক, ৩ আগষ্ট : Enforcement Directorate (ED) অর্থাৎ প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে নতুন দিল্লীস্থিত কংগ্ৰেছৰ মালিকানাধীন নেচনেল হেৰাল্ড বাতৰিকাকতৰ কাৰ্যালয়ত অৱস্থিত 'ইয়ং ইণ্ডিয়ান'ৰ চৌহদটো বন্ধ কৰি দিয়ে (ED sealed National Herald premises of Young Indian) । লগতে সংস্থাটোৰ আগতীয়া অনুমতি অবিহনে কাৰ্যালয়ৰ চৌহদ খুলিব নোৱাৰিব বুলিও নিৰ্দেশনা প্ৰদান কৰা হৈছে ।

নেচনেল হেৰাল্ডৰ বিৰুদ্ধে চলি থকা ধন আত্মসাতৰ গোচৰৰ তদন্তৰ সৈতে সম্পৰ্কিত প্ৰমাণৰ খেলিমেলি পৰিহাৰ কৰিবলৈয়ে কাৰ্যালয় চৌহদটো ছীল কৰা বুলি জানিবলৈ দিয়া হৈছে (money laundering probe against National Herald) । লক্ষণীয়ভাৱে, অভিযোগ উত্থাপিত ধন আত্মসাতৰ তদন্তত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীও জড়িত হৈ আছে (Congress President Sonia Gandhi and Rahul Gandhi)।

সংস্থাটোৱে জাৰি কৰা নিৰ্দেশটোত এইটোও কোৱা হৈছে যে চৌহদ ছীল কৰাৰ সিদ্ধান্তটো সেই সময়ত কাৰ্যালয়ত কোনো উপস্থিত নোহোৱাৰ বাবে লোৱা হৈছিল । ইফালে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ (Congress leader Jairam Ramesh) টুইট অনুসৰি, দিল্লীত এআইচিচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত নিৰাপত্তা বৃদ্ধি কৰা হৈছে (Security beefed up in front of AICC headquarters) ।

"দিল্লী আৰক্ষীয়ে এআইচিচিৰ মুখ্য কাৰ্যালয়লৈ যোৱা পথ অৱৰোধ কৰাটো (Delhi Police blocking road to AICC Headquarters) ব্যতিক্ৰমৰ পৰিৱৰ্তে এটা নিয়ম হৈ পৰিছে! তেওঁলোকে কিয় এনে কৰিছে সেয়া ৰহস্যজনক...।" ৰমেশে তেওঁৰ টুইটত কয় ।

উল্লেখ্য, দেশজুৰি নেচনেল হেৰাল্ডৰ বিতৰ্কই কঁপাইছে একাংশ কংগ্ৰেছৰ বৰমূৰীয়াক (National Herald Case) ৷ ইতিমধ্যে প্ৰৱৰ্তন সঞ্চালকালয়ে মঙলবাৰে দিল্লী আৰু অন্যান্য ঠাইত নেচনেল হেৰাল্ড ধন আত্মসাতৰ গোচৰত অনুসন্ধান অভিযান আৰম্ভ কৰিছিল (ED raids Herald newspaper office in Delhi) ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক ইডিয়ে জেৰা কৰাৰ কেইদিনমান পিছত কংগ্ৰেছৰ মালিকানাধীন নেচনেল হেৰাল্ড বাতৰিকাকতৰ কাৰ্যালয়তো তালাচী চলায় ইডিয়ে ৷

নেচনেল হেৰাল্ডৰ বিতৰ্কৰ গোচৰ ৰজু ড॰ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে ২০১২ চনত বিজেপিৰ নেতা তথা বিশিষ্ট অধিবক্তা সুব্ৰমণিয়াম স্বামীয়ে ইয়ং ইণ্ডিয়ান লিমিটেডে এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডক অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰৱঞ্চনা আৰু বিশ্বাস ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি আদালতত অভিযোগ দাখিল কৰে ৷ তেওঁ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মতিলাল ভোৰা, অস্কাৰ ফাৰ্নাণ্ডেজ, সাংবাদিক সুমন ডুবে আৰু ছেম পিট্ৰ’ডাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷

লগতে পঢ়ক :National Herald Case: দিল্লীৰ হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়ত ইডিৰ অভিযান

ABOUT THE AUTHOR

...view details