অসম

assam

MAHA political crisis : আইনৰ ভাষাৰে শিৱসেনাক কঠোৰ উত্তৰ একনাথ শিণ্ডেৰ

By

Published : Jun 24, 2022, 4:03 PM IST

"আপুনি কাক ভয় খুৱাবলৈ চেষ্টা কৰি আছে ? আমি আপোনাৰ নাটক জানো আৰু আইনো জানো ! সংবিধানৰ অনুসূচী 10 অনুসৰি (Schedule 10 of Constitution), হুইপ বিধানসভাৰ কামৰ বাবে ব্যৱহাৰ কৰা হয় (whip is used for assembly work), সভাৰ বাবে নহয় । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অসংখ্য সিদ্ধান্ত আছে (Supreme Court decisions) ।"

Eknath Shinde
Eknath Shinde

নিউজ ডেস্ক, ২৪ জুন : শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ শিণ্ডেয়ে (Shiv Sena rebel leader Eknath Shinde) এতিয়া শিৱসেনাক আইনৰ ভাষাৰে (language of law) কথা ক'বলৈ আৰম্ভ কৰিছে । উল্লেখ্য, শিৱসেনাই মহাৰাষ্ট্ৰ বিধানসভাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষক বিদ্ৰোহী গোটৰ ১২ জন বিধায়কৰ সদস্যপদ বাতিলৰ দাবী জনাইছিল (cancellation of membership of 12 rebel MLAs) । ইয়াৰ প্ৰত্যুত্তৰত শিণ্ডেয়ে কয়, "কোনে আপোনাক ভয় খুৱাবলৈ চেষ্টা কৰিছে আমিও জানো ।"

"আমিও আইন জানো, শিৱসেনাই আমাৰ ১২ জন বিধায়কৰ বিধানসভাৰ সদস্য পদ বাতিলৰ দাবী জনাইছে (Shiv Sena demanded to cancel assembly membership) । কিয়নো তেওঁলোক দলীয় সংগঠনৰ বৈঠকত উপস্থিত নাছিল । এই সন্দৰ্ভত অৰবিন্দ চাৱন্তে তথ্য দিয়ে ।" শিণ্ডেয়ে এনেদৰে কয় । লগতে শিণ্ডেৰ উত্তৰ, "আপুনি কাক ভয় খুৱাবলৈ চেষ্টা কৰি আছে ? আমি আপোনাৰ নাটক জানো আৰু আইনো জানো ! সংবিধানৰ অনুসূচী 10 অনুসৰি (Schedule 10 of Constitution), হুইপ বিধানসভাৰ কামৰ বাবে ব্যৱহাৰ কৰা হয় (whip is used for assembly work), সভাৰ বাবে নহয় । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অসংখ্য সিদ্ধান্ত আছে (Supreme Court decisions) ।"

উল্লেখ্য, ১২ জন বিধায়কৰ বিৰুদ্ধে শিৱসেনাই আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে (legal action should be taken against 12 MLAs) । শিৱসেনাই যিকেইজন বিধায়কৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা উচিত বুলি দাবী জনাইছে তেওঁলোক হৈছে, একনাথ শিণ্ডে, তানাজী চাৱন্ত, সন্দীপন ভূমাৰে, সঞ্জয় শিৰসাথ, আব্দুল ছাত্তাৰ, ভাৰত গোগাভালে, প্ৰকাশ সুৰভে, অনিল বাবৰ, বালাজী কিনিকাৰ, যামিনী যাদৱ, লতা সোনাৱানে, মহেশ শিণ্ডে আৰু সভাত উপস্থিত নথকা দলৰ প্ৰতিনিধিসকল ।

তেওঁ শিৱসেনাৰ নেতাসকলক কয় যে আইনী ব্যৱস্থা অনুসৰি পত্ৰখন পৰীক্ষা কৰাৰ পিছত বিধানসভাৰ উপাধ্যক্ষ নাৰহাৰী জীৰৱালক হস্তান্তৰ কৰা হৈছে (Deputy Speaker of Maharashtra Legislative Assembly Narhari Jirwal)। এই ঘটনাবোৰৰ পিছত, একনাথ শিণ্ডেয়েও তেওঁক আক্ৰমণ কৰি আইনৰ ভাষাত সঁহাৰি জনায় । উল্লেখ্য যে দ্ৰুত ৰাজনৈতিক পৰিঘটনাত মহাৰাষ্ট্ৰৰ বিধান পৰিষদৰ (Maharashtra Legislative Council elections) নিৰ্বাচনত বিজেপিয়ে (BJP) নিজৰ পাঁচোজন প্ৰাৰ্থীকে নিৰ্বাচিত কৰি মহাবিকাশ জোঁটক বিপদত পেলাইছিল ।

কিন্তু মহাবিকাশ আঘাড়ীৰ (Mahavikas Aghadi) নেতাসকলে এই আঘাত হজম কৰাৰ আগতেই শিৱসেনাৰ নেতা একনাথ শিণ্ডেয়ে নিশাতে শিৱসেনাৰ বিধায়কসকলৰ এটা বৃহৎ গোটৰ সৈতে গুজৰাটত উপস্থিত হয় (Eknath Shinde reached Gujarat) । যিটো শিৱসেনাৰ বাবে এটা ডাঙৰ আঘাত আছিল । তাৰ পিছতেই শিৱসেনাই এই বিদ্ৰোহী বিধায়কসকলক উভতি আহিবলৈ আইনৰ ভাষা ক'বলৈ আৰম্ভ কৰে (Shiv Sena speaking language of law)। তেওঁলোকেও শিণ্ডে গোটৰ পৰা উত্তৰ পাবলৈ আৰম্ভ কৰে । পৰৱৰ্তী সময়ত শিৱসেনাই 12 জন বিধায়কৰ সদস্যপদ বাতিলৰ দাবী জনোৱাৰ পিছত বিষয়টো এতিয়া অধিক উত্তপ্ত হৈ পৰিছে ।

লগতে পঢ়ক :প্ৰচণ্ড মনস্তাত্বিক যুঁজত মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ ৰাজনীতি : শেষ হাঁহি কোনে মাৰিব সেয়া আজিও অনিশ্চিত !

ABOUT THE AUTHOR

...view details