প্ৰচণ্ড মনস্তাত্বিক যুঁজত মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ ৰাজনীতি : শেষ হাঁহি কোনে মাৰিব সেয়া আজিও অনিশ্চিত !

author img

By

Published : Jun 23, 2022, 10:25 PM IST

Eknath bjp alliance is going to form govt in Maharashtra

এখন শ্বাসৰুদ্ধকৰ ৰাজনৈতিক নাটকৰ যৱনিকা পৰিবলৈ হয়তো আৰু মাত্ৰ কেইটামান মূহুৰ্ত বাকী (Maharashtra political crisis update)। ক্ৰমাৎ স্পষ্ট হৈ পৰিছে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই নেতৃত্ব দিয়া মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অঘটনৰ পৰিণতিৰ কথা ।

গুৱাহাটী, ২৩ জুন : মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ শ্বাসৰুদ্ধ নাটকৰ অভিকেন্দ্ৰ গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত ক্ৰমাৎ বাঢ়িছে উৎকণ্ঠা (Maharashtra political crisis update) । শিৱসেনাৰ বিদ্ৰোহী বিধায়ক একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীত একত্ৰিত‌ হোৱা বিধায়কৰ সংখ্যা যোৱা সন্ধিয়াৰ পৰা লক্ষ্যনীয়ভাৱে বাঢ়িছে যদিও মুম্বাইত সঘনে সৃষ্টি হোৱা ৰাজনৈতিক সমীকৰণে পৰিস্থিতি কোনো কোনো মূহুৰ্তত ধূসৰ কৰি তুলিছে ।

বুধবাৰে পুৱাই ৩৩ জন শিৱসেনাৰ আৰু ৭ জন নিৰ্দলীয় বিধায়কক লৈ চুৰাটৰ পৰা গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত একনাথ সিন্দেয়ে প্ৰৱেশ কৰাৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে এক নতুন মাত্ৰা লাভ কৰিছিল (Eknath Shinde with rebel MLAs in Guwahati)। কালি সন্ধিয়া পৰ্যন্ত একনাথ সিন্দেৰ শিবিৰত যিহেতু এক চতুৰ্থাংশ বিধায়ক শিৱসেনাৰ পৰা নাছিল সেয়ে দল বিৰোধী আইন অনুসৰি বিধায়ক পদ খাৰিজ হোৱাৰ আশংকাৰ পৰা তেওঁলোক মুক্ত নাছিল । কিন্তু এই সংখ্যাই আজি সন্ধিয়া পৰ্যন্ত বিপদ সীমা অতিক্ৰম কৰিছে ।

  • Assam | Maharashtra Shiv Sena MLA Dadaji Bhuse, MLA Sanjay Rathod and MLC Ravindra Phatak with Eknath Shinde at Radisson Blu hotel in Guwahati.

    As per sources, more than 37 MLAs of Shiv Sena are present with Eknath Shinde here. pic.twitter.com/4HcsHlVEaw

    — ANI (@ANI) June 23, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

সিন্দেয়ে আজি দাবী কৰা মতে, তেওঁৰ লগত ৪০ জন শিৱসেনাৰ বিদ্ৰোহী বিধায়ক আছে (Rebel MLAs with Eknath Shinde) ৷ গতিকে এতিয়া আৰু পিছফালে ঘূৰি চোৱাৰ প্ৰয়োজন নাই ।

লগতে পঢ়ক : MAHA politics in Guwahati: ৰেডিশ্বন ব্লুলৈ কিয় সঘন তাঁত-বাতি পীযুষ হাজৰিকাৰ ?

মনকৰিবলগীয়া যে, এনে এক প্ৰেক্ষাপটে ৰেডিশ্বন ব্লুৰ ভিতৰত ইতিবাচক পৰিবেশ সৃষ্টি কৰিছে যদিও তাৰ সমান্তৰালকৈ মুম্বাইত চলি থকা ৰাজনৈতিক সমীকৰণে একনাথক এতিয়াও চৰকাৰ গঠনৰ বাবে সেউজ সংকেত দিয়া নাই । আচলতে সিন্দেয়ে তেওঁৰ লগত শিৱসেনাৰ ৪০ জন বিধায়ক আছে বুলি‌ দাবী কৰিছে যদিও তেওঁৰ লগত সেই সংখ্যক বিধায়ক এতিয়াও লগ লগাই নাই (MAHA political Drama)।

তথাপিও তেওঁ আজি গুৱাহাটীৰ পৰাই বিকল্প চৰকাৰ গঠনৰ হুংকাৰ দি উদ্ধৱ ঠাকৰেক পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিছে । কিন্তু এনে এক সময়তে আকৌ গোটেই পৰিঘটনাক এক নতুন মোৰ দি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে বিদ্ৰোহী বিধায়কক গুৱাহাটীৰ পৰা মুম্বাইলৈ উভটি অহাৰ অনুৰোধ জনাই দলৰ মজিয়াত নতুন চিন্তাৰে আলোচনাত বহিবলৈ আহ্বান জনাইছে । কিন্তু সিন্দেই এই অনুৰোধ অগ্ৰাজ্য কৰি এই পৰ্যন্ত নিজৰ স্থিতিত অটল আছে (Maharashtra politics news)।

লগতে পঢ়ক : MAHA political updates : যিকোনো মূহুৰ্তত বিজেপিয়ে গঠন কৰিব পাৰে চৰকাৰ !

আনহাতে, এই ৰাজনৈতিক নাটকখনত মুম্বাইতে থাকি বিশেষ ভূমিকা লৈছে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে । উদ্ধৱ ঠাকৰে চৰকাৰৰ প্ৰধান সহযোগী দল এন চি পিৰ নেতা গৰাকীয়ে আজি পুৱাৰ ভাগতে সাংবাদিকক স্পষ্ট কৰি দিয়ে যে, এই ৰাজনৈতিক পৰিঘটনাই যি মোৰেই নলওক কিয় শেষ মূহুৰ্তলৈ এন চি পি উদ্ধৱ ঠাকৰেৰ লগতে থাকিব ।

কিন্তু আন এক সূত্ৰই জনোৱা মতে, কেন্দ্ৰত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীয়ে আকৌ এন চি পিক লগত লৈহে ৰাজনৈতিক অংক কৰাৰ বাবে ভিতৰি যো-জা চলাইছে । এক দলীয় শীৰ্ষ সূত্ৰই জনোৱা মতে, বিজেপিৰ যিহেতু ১০৬ গৰাকী বিধায়ক আছে, গতিকে চৰকাৰ গঠন কৰাৰ বাবে লগত এন চি পি থাকিলেই যথেষ্ঠ । লক্ষ্যনীয়ভাৱে শিৱসেনাৰ বিদ্ৰোহী অংশক নেতৃত্ব দিয়া বুলি দাবী কৰা একনাথ সিন্দেই যিহেতু হিন্দুত্বৰ কথাকে কৈছে, তেনে ক্ষেত্ৰত ভোটৰ অংকত একেই হিন্দুত্ববাদী দল বিজেপিৰ বাবে ভৱিষ্যতে সুবিধা হয় এন চি পিৰ সৈতে বন্ধুত্ব কৰিলেহে (Eknath Shinde latest news) ।

লগতে পঢ়ক : Hotel Radisson Blu-ত হঠাৎ চাহ খাবলৈ আহিল মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা

সূত্ৰটোৰ মতে, এনে ৰাজনৈতিক সমীকৰণে যদি আগস্থান লাভ কৰে তেতিয়াহলে একনাথৰ মূহুৰ্তৰ ভিতৰতে শিথিল হৈ পৰিব । এই কথাই সামগ্ৰিকভাৱে শিৱসেনাৰ অস্তিত্বকে নোহোৱা কৰি পেলাব । মন্তব্য নিস্প্ৰয়োজন যে, মহাৰাষ্ট্ৰৰ দৰে এখন ৰাজ্যৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ ব্যগ্ৰ হৈ পৰা বিজেপিয়ে যে বৰ্তমানৰ লগতে ভৱিষ্যতৰ অংকও কৰিব আৰু তাৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰিব সেয়া নিশ্চিত । অৱশ্যে এই কথা কাইলৈৰ দিনৰ ভাগতে স্পষ্ট হৈ পৰিব ।

মনকৰিবলগীয়া যে, মুম্বাই আৰু গুৱাহাটীৰ মাজত কালিৰে পৰা অব্যাহত তীব্ৰ মনস্তাত্বিক যুঁজৰ পাছত কি ফল ওলাই সেয়া লক্ষ্যনীয় হ’ব ৷ সমান্তৰালকৈ এই পৰিঘটনাৰ দ্বাৰা যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সুদৃঢ় হ'ব সেয়া নিশ্চিত । উল্লেখযোগ্য যে, কালিৰ দৰেকৈ আজিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে বিধায়ক সুশান্ত বৰগোহাঁয়ে ৰেডিশ্বন ব্লুত থাকি বিষয়টো তদাৰক কৰে । মাজতে এবাৰ উপস্থিত হয় ৰাজ্যৰ আন এগৰাকী মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কেবিনেট মন্ত্ৰী অশোক সিংঘালো । মুঠতে কাইলৈৰ ভিতৰত এই মহা ৰাজনৈতিক সংঘাতৰ ভৱিষ্যৎ সুনিশ্চিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : Maha political Drama: কাৰ হাতত মহাৰাষ্ট্ৰ চৰকাৰৰ ৰিম’ৰ্ট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.